সংকল্প শিখা যাত্ৰাৰ আজি দ্বিতীয় দিন, দিছপুৰ অভিমুখে আগবাঢ়িছে ৭০ সংগঠনৰ প্ৰতিবাদী মিছিল

সংকল্প শিখা যাত্ৰাৰ আজি দ্বিতীয় দিন, দিছপুৰ অভিমুখে আগবাঢ়িছে ৭০ সংগঠনৰ প্ৰতিবাদী মিছিল

author-image
asomiyapratidin
New Update
সংকল্প শিখা যাত্ৰাৰ আজি দ্বিতীয় দিন, দিছপুৰ অভিমুখে আগবাঢ়িছে ৭০ সংগঠনৰ প্ৰতিবাদী মিছিল

ডিজিটেল ডেস্কঃ সোমবাৰে দুদিনত ভৰি দিলে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত ৰাজ্যজুৰি ৭০টাকৈ সংগঠনৰ সংকল্প শিখা যাত্ৰাই। ৰাজ্যৰ চাৰিটা স্থানৰ পৰা আৰম্ভ কৰা হৈছে এই যাত্ৰা। শদিয়া, ধুবুৰী, জোনাই আৰু ডিফুৰ পৰা আৰম্ভ কৰা এই বাইক ৰেলীত ভাগ লৈছে সংগঠনকেইটাৰ সহস্ৰাধিক সদস্যই। কৃষক নেতা অখিল গগৈয়ে নেতৃত্ব দিছে শদিয়াৰ পৰা অহা দলটোক। শদিয়াৰ পৰা অহা সংকল্প শিখা যাত্ৰাত ভাগ লোৱা দলটোৱে আজি নিশা যোৰহাটৰ টিয়কত কটাই মঙলবাৰে পুনৰ যাত্ৰা আৰম্ভ কৰিব।

ইফালে অসম জাতীয়বাদী যুৱ ছাত্ৰ পৰিষদৰ নেতা পলাশ চাংমাই নেতৃত্ব দিছে ডিফুৰ পৰা আৰম্ভ কৰা সংকল্প শিখা যাত্ৰা দলটোক। ডিফুৰ পৰা দিছপুৰ অভিমুখে অহা দলটো আজি গোলাঘাটত উপস্থিত হয়। ঠিক তেনেদৰে, জোনাইৰ পৰা অহা দলটোৱে নিশাটো নাৰায়ণপুৰত কটোৱাৰ লগতে ধুবুৰীৰ দলটোৱে নিশা কটাব বৰপেটাত। এই বাইক ৰেলীৰ জৰিয়তে ১৬ ডিচেম্বৰত দিছপুৰ ঘেৰাও কৰিব তেওঁলোকে।

দুপৰীয়া মৰাণত আহাৰ গ্ৰহণ কৰি অখিল গগৈয়ে কয় যে- চৰকাৰী জাতিধ্বংসী কোনো সিদ্ধান্তকেই গ্ৰহণ নকৰে অসমৰ ৰাইজে। উল্লেখ্য যে, ৰেলীৰ জৰিয়তে অহা প্ৰতিবাদকাৰীসকলে ঠায়ে ঠায়ে প্ৰতিবাদী সভা তথা বিধেয়কখনৰ বিৰুদ্ধে ৰাইজক সজাগ কৰি আহিছে। এই প্ৰতিবাদী যাত্ৰাৰ জৰিয়তে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে মাৰবান্ধি থিয় হ'বলৈ সকলোকে আহ্বান জনাই অখিল গগৈয়ে। ইফালে ৭০টাকৈ সংগঠনে উলিওৱা এই প্ৰতিবাদী ৰেলীত ৰাজ্যৰ জনসাধাৰণে স্বতঃস্ফূৰ্তভাৱে ৰাজপথত ওলাই অহাও দেখিবলৈ পোৱা গৈছে।