ভিয়েটনামৰ আন্তঃৰাষ্ট্ৰীয় জুনিয়ৰ টাইকোৱাণ্ড চেম্পিয়নশ্বিপলৈ অসমৰ ৭ খেলুৱৈ…

ভিয়েটনামৰ আন্তঃৰাষ্ট্ৰীয় জুনিয়ৰ টাইকোৱাণ্ড চেম্পিয়নশ্বিপলৈ অসমৰ ৭ খেলুৱৈ…

author-image
asomiyapratidin
New Update
ভিয়েটনামৰ আন্তঃৰাষ্ট্ৰীয় জুনিয়ৰ টাইকোৱাণ্ড চেম্পিয়নশ্বিপলৈ অসমৰ ৭ খেলুৱৈ…

ডিজিটেল ডেস্কঃ অহা ২২ আগষ্টৰ পৰা ভিয়েটনামত অনুষ্ঠিত হ'ব ষষ্ঠ এছিয়ান জুনিয়ৰ টাইকোৱাণ্ড পুমচে চেম্পিয়নশ্বিপ। ভিয়েটনামৰ হো চি মিনহ চৰত অনুষ্ঠিত হ'বলগীয়া প্ৰতিযোগিতাখনৰ বাবে ঘোষিত ভাৰতীয় দলটোত স্থান লাভ কৰিছে অসমৰ ৭ গৰাকীকৈ খেলুৱৈ আৰু ২ জন প্ৰশিক্ষক।

ঘোষিত ৪৫ জনীয়া ভাৰতীয় টাইকোৱাণ্ড দলটোত স্থান লাভ কৰা অসমৰ ৭ খেলুৱৈৰ ভিতৰত ৪ গৰাকীয়ে হ'ল ইলাইট টাইকোৱাণ্ড একাডেমীৰ প্ৰশিক্ষাৰ্থী। এওঁলোক হ'ল ক্ৰমে স্তূতি কিংকিনী মজুমাদৰ, নেন্সি চুৰাণা, তাচনিক ভূঞা আৰু ভূমিকা কলিতা। ইয়াৰে স্তূতি কিংকিনী মজুমদাৰ হ'ল প্ৰয়াত সাংবাদিক অনিল মজুমদাৰৰ কন্যা তথা অসম জাতীয় বিদ্যালয়ৰ ছাত্ৰী।

আনহাতে অসম দলটোত স্থান লাভ কৰা আন তিনিগৰাকী খেলুৱৈ ক্ৰমে- নিশান্ত সিং হাজাৰী, লিয়া লেখাৰু আৰু মৈত্ৰী শৰ্মা। উল্লেখ কৰাৰ প্ৰয়োজন যে, ইলাইট একাডেমীৰ নিৰ্বাচিত ৪ গৰাকী প্ৰশিক্ষাৰ্থীৰ প্ৰশিক্ষক নীলম জ্যোতি কলিতাৰ নেতৃত্বত আজি ইলাইট একাডমীৰ ৪ জনীয়া দলটো কলকাতা হৈ ভিয়েটনামলৈ বুলি ৰাওনা হ'ব।

ইফালে ভাৰতীয় দলটোৰ আন সদস্যসকলো দিল্লীৰ পৰা কলকতা হৈ ভিয়েটনামলৈ ৰাওনা হোৱাৰ লগতে ২২ আগষ্টত অনুষ্ঠিত হ'বলগীয়া ষষ্ঠ এছিয়ান জুনিয়ৰ টাইকোৱাণ্ড পুমচে চেম্পিয়নশ্বিপত অংশ ল'ব। ইফালে স্তূতি কিংকিনী মজুমদাৰে পুমচে পেয়াৰ শাখাত তাচনিক ভূঞাৰ সৈতে অংশ লোৱাৰ উপৰিও ফিমেল জুনিয়ৰ ৰিকগনাইজ প্ৰতিযোগী হিচাপেও নেন্সি চুৰাণাৰ সৈতে অংশগ্ৰহণ কৰিব।