মেঘালয়ৰ কয়লা খনিৰ ভিতৰত আৱদ্ধ অসমৰ শ্ৰমিক!

মেঘালয়ৰ কয়লা খনিৰ ভিতৰত আৱদ্ধ অসমৰ শ্ৰমিক! ইষ্ট জয়ন্তীয়া হিলছৰ এটা কয়লা খনিৰ প্ৰায় ৫০০ ফুট তলত কেইজনমান শ্ৰমিক আৱদ্ধ হৈ

author-image
asomiyapratidin
New Update
মেঘালয়ৰ কয়লা খনিৰ ভিতৰত আৱদ্ধ অসমৰ শ্ৰমিক!

ডিজিটেল ডেস্কঃ ইষ্ট জয়ন্তীয়া হিলছৰ এটা কয়লা খনিৰ প্ৰায় ৫০০ ফুট তলত কেইজনমান শ্ৰমিক আৱদ্ধ হৈ আছে আৰু এই শ্ৰমিক কেইজন অসমৰ বুলি সন্দেহ কৰা হৈছে। ইফালে, মেঘালয় আৰক্ষীয়ে টুইট কৰিছে যে, কাচাৰৰ এছ পিয়ে কয়লা খনিত অসমৰ ৬জন লোক আৱদ্ধ হৈ আছে বুলি জনাইছে।

Advertisment

কয়লা খনিটোত উপস্থিত হৈছে মেঘালয় আৰক্ষীৰ লোক। এই কয়লাখনিটো আমপ্লেং এডি কেম্পৰ ছুটংগাৰ ভিতৰত ভাগত চিনাক্ত কৰা হৈছে।  ইষ্ট জয়ন্তীয়া হিলছৰ জিলা দণ্ডাধীশ ই খাৰমালকিয়ে কয় যে, আৰক্ষীয়ে এই সন্দৰ্ভত খবৰ লাভ কৰাৰ পাছতে ঘটনাস্থলীত উপস্থিত হয়। লগতে এছডিআৰএফৰো এটা দল মঙলবাৰে কয়াল খনিটোলৈ পঠিওৱা হ'ব। সঁচাকৈ কয়লাখনিটোত কোনো ধৰণৰ দুৰ্ঘটনা সংঘটিত হৈছে নে নাই আৰু তাত মানুহ আৱদ্ধ হৈ আছে নাই সেয়া পৰীক্ষা কৰা হ'ব।

লগতে তেওঁ কয় যে, বহুত সুবিধা হ'ব যদি কয়লা খনিটোৰ ভিতৰত আৱদ্ধ লোকৰ পৰিয়ালৰ লোকে আমাৰ সৈতে কথা পাতে। আজি বতৰ অতি বেয়া, গতিকে আমি আশা কৰো কাইলৈ তেওঁলোকক উদ্ধাৰ কৰিব পাৰিম। যদি কোনো শ্ৰমিক কয়লাখনিটোত আৱদ্ধ হৈ আছে তেন্তে আমি তাত উদ্ধাৰ অভিযান চলাম।