বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ ৬ সৰবৰাহকাৰী আটক

বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ ৬ সৰবৰাহকাৰী আটক

author-image
asomiyapratidin
New Update
বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ ৬ সৰবৰাহকাৰী আটক

ডিজিটেল সংবাদ, মোৰাঝাৰ: ড্ৰাগছৰ বিৰুদ্ধে হোজাই জিলা আৰক্ষী প্ৰশাসনে অভিযান চলাই থকা সময়তে মঙলবাৰে নিশা মোৰাঝাৰ আৰক্ষীয়ে এক আভিযান চলাই বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে । মোৰাঝাৰ আৰক্ষীয়ে বিভিন্ন স্থানৰ পৰা মুঠ ৬ জন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰাৰ লগতে ১২০ গ্ৰাম সন্দেহজনক হেৰইন জব্দ কৰে ।

Advertisment

আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে , যোৱা নিশা গোপণ সূত্ৰৰ ভিত্তিত মোৰাঝাৰ আৰক্ষীয়ে কৰৈয়নী গাঁৱৰ জিয়াবুৰ ৰহমানৰ ঘৰত তালাচী চলাই আটক কৰে আৰু তাৰ জিম্মাৰ পৰা ১১ টা চাবোন কেইচ ভৰ্তি সন্দেহজনক হেৰইন ১২০ গ্ৰাম উদ্ধাৰ কৰে । জিয়াবুৰৰ পিছত ৫ নং উদালীৰ ওৱাহিদুৰ ৰহমানক আটক কৰে আৰক্ষীয়ে । দুয়োজনক সোধপোচ কৰি মোৰাঝাৰ স্বপুৰগাওঁৰ বাসিন্দা তাজ উদ্দিনক আটক কৰে ।

ধৃত তিনি জনক সোধাপোচাৰ অন্তত মাহাব উদ্দিন আৰু বিএম ওৱাৰিছক আটক কৰে আৰক্ষীয়ে । উক্ত দুজনৰ ঘৰ মণিপুৰত আৰু বিএম ওৱাৰিছ পেচাগত ভাৱে এজন শিক্ষক । আটাইকেইটাক সোধপোচ কৰি শেষত নখুটীৰ পৰা বাবুল হুছেইনক আৰক্ষীয়ে আটক কৰা বুলি জনা গৈছে । ড্ৰাগছ সৰবৰাহত জড়িত আটক কৰা কেইজনৰ পৰা উদ্ধাৰ কৰা হেৰইন খিনিৰ মূল্য আনুমানিক এক কোটি টকা হব বুলি ধাৰণা কৰা হৈছে ।

ধৃত কেইজনক মোৰাঝাৰ আৰক্ষী থানাত ৰাখি মাৰাথন জেৰা অব্যাহত ৰাখিছে হোজাই জিলা আৰক্ষী প্ৰশাসনৰ শীৰ্ষ বিষয়াই । শীঘ্ৰেই ড্ৰাগছ ব্যৱসায়ত জড়িত আৰু কেবাজন সৰবৰাহকাৰী আৰক্ষীৰ জালত পৰাৰ সম্ভাৱনা আছে । উল্লেখ্যযোগ্য যে এদিন পূৰ্বে হোজাইৰ আৰক্ষী অধীক্ষকৰ নেতৃত্বত যোৱা এটি আৰক্ষীৰ দলে অভিযান চলাই ধলপুখুৰী ষ্টেচনত এখন ৰেলগাড়ীৰ পানী টেংকিৰ পৰা বৃহত পৰিমানৰ গাঞ্জা জব্দ কৰাৰ লগতে তিনি সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছিল ৷

আৰু পঢ়ক: বন বিভাগৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ চেগুন কাঠৰ কুণ্ডা সহ এটা অবৈধ কাঠফলা মিল

assam drugs