/asomiyapratidin/media/media_files/2025/12/28/1-2025-12-28-23-14-17.jpg)
ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ ২৭ ডিচেম্বৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে দক্ষিণ শালমাৰা মানকাচৰ জিলাত সদৰ হাটশিঙিমাৰীত অনুষ্ঠিত হৈছে আন্তঃজিলা জুনিয়ৰ (ল'ৰা-ছোৱালী) ভলীবল চেম্পয়নশ্বিপ। আজি দ্বিতীয় দিনৰ খেল সন্ধিয়া প্ৰায় ৮.৩০ বজাত সামৰণি পৰে।
মুঠ ২৪ খন জিলাৰ ল'ৰা ভলীবল দল এই চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিছে। একেদৰে ছোৱালী শাখাত মুঠ ১৫ খন জিলাৰ ভলীবল দল অংশগ্ৰহণ কৰিছে। আজি সন্ধিয়া ৮.৩০ বজাত ছোৱালী শাখাৰ কোৱাটাৰ ফাইনেল সামৰণি পৰে। ইতিমধ্যে ছোৱালী শাখাত চাৰিখন দল ছেমি ফাইনেলত প্ৰৱেশ কৰিছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/28/whatsapp-i-2025-12-28-23-11-59.jpeg)
ছোৱালী শাখাত প্ৰথম কোৱাটাৰ ফাইনেলত নগাঁও দলক পৰাস্ত কৰি মৰিগাঁও দল ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। দ্বিতীয় কোৱাটাৰত দক্ষিণ কামৰূপ দলক পৰাস্ত কৰি ডিব্ৰুগড় দল ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। একেদৰে যোৰহাট দলক পৰাস্ত কৰি ধেমাজি দল আৰু মঙলদৈ দলক পৰাস্ত কৰি শিৱসাগৰ দল দ্বিতীয় ছেমি ফাইনেলত প্ৰৱেশ কৰিছে।
কাইলৈ পুৱা ছোৱালী শাখাত ডিব্ৰুগড় আৰু মৰিগাঁওৰ মাজত প্ৰথম ছেমি ফাইনেল খেল অনুষ্ঠিত হব। একেদৰে ধেমাজি আৰু শিৱসাগৰ দলৰ মাজত দ্বিতীয় ছেমি ফাইনেল খেল অনুষ্ঠিত হব। ইফালে ল'ৰা শাখাত ৮ খন জিলাৰ জুনিয়ৰ ভলীবল কোৱাটাৰ ফাইনেলত প্ৰৱেশ কৰিছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/28/whatsapp-i-2025-12-28-23-12-14.jpeg)
কোৱাটাৰ ফাইনেলত প্ৰৱেশ কৰা দল কেইটা হৈছে বিজনী, তেজপুৰ, চিৰাং, শালবাৰী, নলবাৰী, গাহপুৰ, গুৱাহাটী আৰু দক্ষিণ কামৰূপ। কাইলৈ ল'ৰা শাখাত প্ৰথম কোৱাটাৰ ফাইনেল বিজনী আৰু তেজপুৰৰ মাজত অনুষ্ঠিত হব।
একেদৰে দ্বিতীয় কোৱাটাৰ চিৰাং আৰু শালবাৰী দলৰ মাজত অনুষ্ঠিত হব। তৃতীয় কোৱাটাৰ ফাইনেল অনুষ্ঠিত হব নলবাৰী আৰু গাহপুৰ ভলীবল দলৰ মাজত। আনহাতে গুৱাহাটী আৰু দক্ষিণ কামৰূপ ভলীবল দলৰ মাজত চতুৰ্থ চেমিফাইনেল অনুষ্ঠিত হব।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/28/whats-2025-12-28-23-12-30.jpeg)
লক্ষণীয় যে, এই ৫৯ সংখ্যক আন্তঃজিলা জুনিয়ৰ (ল’ৰা-ছোৱালী) ভলীবল চেম্পিয়নশ্বিপত আজি অসম চৰকাৰৰ শ্ৰমিক কল্যাণ বিভাগৰ মন্ত্ৰী ৰূপেশ গোৱালা উপস্থিত হৈ প্ৰতিযোগিতা খন পৰিদৰ্শন কৰে। মন্ত্ৰী গৰাকী বিভিন্ন জিলাৰ ল'ৰা আৰু ছোৱালী শাখাৰ খেলুৱৈ সকলৰ সৈতে মত বিনিময় কৰি খেল পথাৰত এক চমু ভাষণৰ জৰয়তে খেলুৱৈ সকলক উৎসাহিত কৰে।
মন্ত্ৰী গৰাকীৰ সৈতে শ্ৰম বিভাগৰ আয়ুক্ত অনন্ত লাল জ্ঞানী আৰু বিধায়ক আমিনুল ইছলাম উপস্থিত আছিল। মন্ত্ৰী গৰাকী দক্ষিণ শালমাৰা মানকাচৰ জিলা ক্ৰীড়া সন্থাক শলাগ জনাই কয় যে, ৰাজ্য চৰকাৰৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ দেশৰ নৱ প্ৰজন্ম আৰু খেলুৱৈৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/28/whatsapp-image-2025-12-28-23-12-44.jpeg)
দেশ তথা অসমৰ শেষ প্ৰান্ত দক্ষিণ শালমাৰা মানকাচৰ জিলাত জিলা ক্ৰীড়া সন্থা এইদৰে প্ৰথম বাৰৰ বাবে ৰাজ্যিক বিত্তীক জুনিয়ৰ ভলীবল চেম্পিয়নশ্বিপ অনুষ্ঠিত কৰাত বিভিন্ন জিলাৰ খেলুৱৈ সকল উপস্থিত হোৱা বিষয়টো অতিকৈ প্ৰশংসনীয় বুলি মন্ত্ৰী ৰূপেশ গোৱালা প্ৰশংসা কৰা পৰিলক্ষিত হয়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us