আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৩ তম জন্মোৎসৱ…

আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৩ তম জন্মোৎসৱ…

author-image
asomiyapratidin
New Update
আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৩ তম জন্মোৎসৱ…

ডিজিটেল ডেস্কঃ আজি জগতগুৰু মহাপুৰুষ শ্ৰী শ্ৰী শংকৰ দেৱৰ ৫৭৩ তম জন্মোৎসৱ। ১৪৪৯ শৃষ্টাব্দত জন্মগ্ৰহণ কৰা মহাপুৰুষ জনাই নিজৰ কৰ্মৰাজীৰে সৰ্বকালৰ শ্ৰেষ্ঠ অসমীয়া হিচাপে নিজকে প্ৰতিষ্ঠা কৰাৰ লগতে জাতীয় জীৱনৰ মহানায়কলৈ ৰূপান্তৰ হৈছিল। কেৱল ধৰ্ম প্ৰচাৰতেই মনোনিবেশ নকিৰ তেওঁ নৱবৈষ্ণৱ ধৰ্ম অথবা একশৰণ ধৰ্মৰ জৰিয়তে সমগ্ৰ অসমীয়া জাতিক একত্ৰিত আৰু সংহত কৰিবলৈ সক্ষম হৈছিল।

Advertisment

অসমীয়া জাতি, সাহিত্য, সংস্কৃতিৰ নিৰ্মাতা এইগৰাকী মহাপুৰুষ আছিল একাধাৰে সমাজ সংগঠক, সুগায়ক, নৰ্তক, অভিনেতা, কবি, চিত্ৰকৰ, বৈজ্ঞানিক চিন্তা চেতনাৰ অধিকাৰী মহান মনিষি।তেওঁৰ প্ৰতিটো চিন্তাৰ আঁৰত আছিল একো একোটা বৈজ্ঞানিক কাৰক। এলান্ধুকলীয়া সমাজখনক তেওঁ তেওঁৰ চিন্তাৰে সংস্কাৰ কৰি পোহৰৰ বাট দেখুৱাইছিল।

এই মহাপুৰুষ গৰাকীৰ ৫৭৩ তম জন্মজয়ন্তী উপলক্ষে অসমৰ সকলো প্ৰান্ততে আড়ম্বৰপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে। বৰপেটা, বৰদোৱা, বটদ্ৰবা, মাজুলীকে ধৰি ৰাজ্যৰ প্ৰতিখন ঐতিহাসিক সত্ৰ, নামঘৰৰ পৰা আৰম্ভ কৰি অসমৰ প্ৰতিখন গাঁৱৰ নামঘৰে নামঘৰে আজি পুৱাৰে পৰা শুনা গৈছে ভক্তিৰসৰ প্ৰসংগ।