আম, ৰাধাচূড়া আৰু নেমুৰ সৈতে ৫ জোপা গছৰ মূল্য ৫ লাখ টকা ! চৰকাৰী আঁচনিৰ বিধ্বস্ত ৰূপ…

আম, ৰাধাচূড়া আৰু নেমুৰ সৈতে ৫ জোপা গছৰ মূল্য ৫ লাখ টকা ! চৰকাৰী আঁচনিৰ বিধ্বস্ত ৰূপ…

author-image
asomiyapratidin
New Update
আম, ৰাধাচূড়া আৰু নেমুৰ সৈতে ৫ জোপা গছৰ মূল্য ৫ লাখ টকা ! চৰকাৰী আঁচনিৰ বিধ্বস্ত ৰূপ…

ডিজিটেল সংবাদ ছমৰীয়া: এজোপা গছৰ দাম ১ লাখ টকা। ৫ লাখ টকা ব্যয়েৰে ৫ জোপা গছ ৰোপণ। ১ লাখকৈ ৫ লাখ টকাৰ তিনিজোপা ৰাধাচূড়া, এজোপা আমগছ, এজোপা নেমু টেঙা গছ লহপহকৈ বাঢ়িছে বকোৰ এখন গোচৰণীয়া পথাৰত।

Advertisment

শুনিলে আচৰিত যেন লাগিলেও এয়াই সত্য। সঁচা অৰ্থত এক লাখটকীয়া গছ দেখিবলৈ পাব বকোত। ৬৮নং উত্তৰ বকো গাঁও পঞ্চায়তৰ অধীনৰ ৰূপনগৰ গাঁৱৰ এখন গোচৰণীয়া পথাৰত একলাখ টকীয়া পাঁচজোপা গছে ৰাইজৰ চকু কপালত তুলিছে।

দৰাচলতে মহাত্মা গান্ধী ‌ৰাষ্ট্ৰীয় নিয়োগ নিশ্চিত আঁচনিৰ অধীনত বকো ৰূপনগৰ গাঁৱৰ গোচৰণীয়া পথাৰ এখনত ২০১৫/১৬ বৰ্ষৰ ৫ লাখ টকা ব্যয় সাপেক্ষে বৃক্ষৰোপণ আঁচনি ৰূপায়ন কৰিছিল। আঁচনিখনত বকোৰ ৰূপনগৰত পূৰ্বৰ চৰকাৰৰ দিনত এক বিশেষ বৃক্ষৰোপনৰ আঁচনি গ্ৰহণ কৰিছিল।

খৰচ কৰা হৈছিল ৫ লাখ টকা। এতিয়া ৫ লাখ টকা খৰচ কৰা আঁচনিত লহপহকৈ বাঢ়িব ধৰিছে মাত্ৰ ৫জোপা গছ।অৰ্থাৎ এজোপা গছৰ নামত খৰচ কৰা হ'ল ১ লাখ টকাকৈ।২৫০মিটাৰ প্ৰস্থ ২৫০ মিটাৰ দৈৰ্ঘ্যৰ গোচৰণীয়া পথাৰৰ আঁচনিখনত আছিল ৫৫০ জোপা গছ, ৫৭০ জোপা জাতি বাঁহ ৰোপন।

ইয়াৰ বিপৰীতে বৰ্তমান গোচৰণীয়া পথাৰখনত তিনি জোপা ৰাধাচূড়া,এজোপা আমগছ,এজোপা নেমু টেঙা গছ অৰ্থাৎ ৫ জোপা গছ দেখিবলৈ পোৱা যায়। দৰাচলতে চৰকাৰী আঁচনি সমূহ যে ধোঁৱাচাঙত পৰিণত হৈছে সেয়া সহজে অনুমেয়।
প্ৰেৰক-ছমৰীয়া সত্ৰৰ পৰা প্ৰীতম বায়নৰ প্ৰতিবেদন