/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/04/5-foreign-nations-on-the-way-to-guwahati-then-they-will-sent-to-delhi.jpg)
ডিজিটেল সংবাদ, গুৱাহাটীঃ অৱশেষত গুৱাহাটী অভিমুখে আহিবলৈ সক্ষম হৈছে ভাৰত-ম্যানমাৰ সীমান্তত আবদ্ধ হৈ থকা ৫ গৰাকী ইউৰোপীয় নাগৰিক। এখন ইন'ভাযোগে তেওঁলোকক গুৱাহাটীলৈ আনি থকা হৈছে। তেওঁলোকক ভাৰতীয় বিদেশ মন্ত্ৰালয়ৰ সহযোগত স্পেইনৰ দূতাবাসে বিশেষভাৱে ব্যৱস্থা কৰি নিব চিলিগুৰিলৈ। কোৰোনা ভাইৰাছৰ সন্ত্ৰাস বৃদ্ধি পোৱাৰ বাবে ভাৰত-ম্যানমাৰ সীমান্ত ছীল কৰাৰ পিছতে আবদ্ধ হৈ থকা বিদেশী নাগৰিক কেইগৰাকীক চিলিগুৰিৰ পৰা নিয়া হ'ব উদ্ধাৰ কৰি দিল্লীলৈ। তাৰ পৰাই তেওঁলোকক নিজ নিজ দেশলৈ ইন্দিৰা গান্ধী বিমান বন্দৰৰ পৰা বিশেষ বিমানযোগে নিয়া হ'ব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/04/order2222-810x1024.jpg)
উল্লেখ্য যে, নাগৰিককেইগৰাকীয়ে ইতিমধ্যে ভাৰতত ১৪ দিনৰ বাবে কোৱাৰেন্টাইনত থাকি প্ৰশাসনৰ পৰা বান্ধি দিয়া সকলো নীতি নিয়ম মানি চলিছে। কোকৰাঝাৰ হৈ চিলিগুৰিলৈ নিবলগীয়া নাগৰিককেইগৰাকীক বিশেষ বাছযোগে নিয়া হ'ব দিল্লীলৈ। তেওঁলোকক এএছ-০১-ডিইউ-১৬২৬ নম্বৰৰ এখন বাছেৰে ছিলিগুৰিলৈ নিয়া হ'ব।
বাছখনৰ চালকৰ সবিশেষ তথ্যও সদৰি কৰিছে প্ৰশাসনে। নাগৰিককেইগৰাকীৰ Pablo Alberto Fernandez Garcia-ৰ ঘৰ স্পেইনত। ঠিক তেনেদৰে Katel Tina Marine Andreani-ৰ ঘৰ ফ্ৰান্সত, Andres Nicolas Carvallo Pecci-ৰ ঘৰ ইটালীত, Edouard Marie Xavier de Bodinat-ৰ ঘৰ ফ্ৰান্সত আৰু Claire Marie Leveque-ৰ ঘৰ ফ্ৰান্সত।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/04/order333333-938x1024.jpg)
ইয়াৰে Pablo Alberto Fernandez Garcia ১৮.২.২০২০ তাৰিখৰ পৰা ভাৰতত আছিল। Katel Tina Marine Andreani ১৭.০২.২০২০ তাৰিখৰ পৰা, Andres Nicolas Carvallo Pecci ১৭.০২.২০২০ তাৰিখৰ পৰা, Edouard Marie Xavier de Bodinat ১৫.০২.২০২০ তাৰিখৰ পৰা আৰু Claire Marie Leveque ১৫.০২.২০২০ তাৰিখৰ পৰা ভাৰতত আছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/04/order.jpg)
মণিপুৰ জিলাৰ ম'ৰেত আবদ্ধ হৈ থকা বিদেশী নাগৰিককেইগৰাকীৰ পাছপ'ৰ্টৰ সবিশেষৰ লগতে তেওঁলোকৰ সৈতে যোগাযোগৰ বাবে দায়িত্বত থকা ভাৰতীয় একাংশ বিষয়াৰ নম্বৰো প্ৰশাসনে সদৰি কৰিছে। ম'ৰেৰ ইলেক্ট্ৰিচিটি ৰেস্ত হাউচত তেওঁলোকক কোৱাৰেন্টাইনত ৰখা হৈছিল। ইফালে চিকিৎসকে তেওঁলোকৰ পৰীক্ষাৰ পৰা লাভ কৰা ফলাফলত জনোৱা অনুসৰি এজনো লোকৰ দেহত ধৰা পৰা নাই কোৰোনা ভাইৰাছ। লগতে প্ৰশাসনে সদৰি কৰিছে এইসকল নাগৰিকৰ ভাৰতত যাত্ৰাৰ সবিশেষ- চাওঁক এই তালিকাত-
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/04/order111-707x1024.jpg)