/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/05/tangsu-12.jpg)
ডিজিটেল ডেস্কঃ নতুন দিল্লীত অহা ১৩ মে'ৰ পৰা১৫ মে'লৈ অনুষ্ঠিত হ'ব লগা ৰাষ্ট্ৰীয় টাং চু ডু প্ৰতিযোগিতাত ভাগ ল'বৰ বাবে অসম টাং চু ডু সন্থাৰ পৰা ৪৭ জন খেলুৱৈয়ে বিভিন্ন শাখাত অংশগ্ৰহণ কৰিবৰ বাবে বুধবাৰে গুৱাহাটীৰ পৰা দিল্লী অভিমুখে ৰাওনা হৈছে । দলটোৰ লগত গৈছে ১০ জন ৰেফাৰীও। উক্ত প্ৰতিযোগিতাৰ পৰাই দিল্লীত হ'বলগা আগন্তুক আন্তৰ্জাতিক টাং চু ডু প্ৰতিযোগিতাৰ বাবে খেলুৱৈ বাছনি কৰা হ'ব ।
কোভিডৰ পাছত ৰাষ্ট্ৰীয় খেলত ভাগ ল'বলৈ পায় অসমৰ খেলুৱৈসকল উৎসাহিত হৈ পৰিছে । উক্ত প্ৰতিযোগিতাত অসমৰ মুখ্য প্ৰশিক্ষক দেৱজিৎ গগৈৰ লগতে প্ৰশিক্ষক মানস প্ৰতিম কোঁৱৰ, দিপাংকৰ চেতিয়া, হাৰুণ আলীৰ লগতে অন্যান্য প্ৰশিক্ষকসকলে অংশগ্ৰহণ কৰিব ।
অসমৰ খেলুৱৈসকলে যাতে ভাল ফল প্ৰদৰ্শন কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয় তাৰ কাৰণে অসম টাং চু ডু সন্থাৰ সভাপতি আৰু উপ-সভাপতিযে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
 Follow Us
 Follow Us