/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/e2ab3f6d-1bcf-4d00-9058-27a135571006.jpg)
ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীৰ সুখচৰ-বেপাৰিপাৰা সংযোগী পথৰ জিনজিৰাম নদীৰ ওপৰৰ নিৰ্মাণ হৈ অহা ৪৭ কোটি টকীয়া দলঙৰ কাম আজি বিগত চাৰি বছৰে সম্পূৰ্ণ নোহোৱাত যাত্ৰী সকলে দৈনিক একমাত্ৰ টুলুঙা নাও ব্যৱহাৰ কৰি বিপসংকুল অৱস্থিত পাৰাপাৰ হৈ আহিবলগীয়া হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/b677af2e-f2f0-46da-9c4a-0809868b521f-1024x576.jpg)
উল্লেখযোগ্য আজি ২০১৫ চনত অসমত কংগ্ৰেছ চৰকাৰ থকা সময়ত তেতিয়াৰ মুখ্য মন্ত্ৰী তৰুণ গগৈ মুখ্য মন্ত্ৰীৰ বিশেষ আঁচনিৰ পৰা সুখচৰ-বেপাৰীপাৰা দলং নিৰ্মাণৰ বাবে মোকোলাই দিছিল প্ৰায় ৪৭ কোটি টকা। বিশেষকৈ জিলাখনৰ মানকাচৰ হাটশিঙিমাৰীৰ পৰা ৰাইজে গুৱাহাটী বা ধুবুৰীকে ধৰি পৃথিৱীৰ যিকোনো স্থানত যাবলগীয়া হলে মেঘলায়ৰ ৰাজ্যৰ ওপৰেদি যাতায়ত কৰিবলগা হয়। ৰাইজৰ দীৰ্ঘদিনীয়া দাবীৰ ভিত্তিত কেৱল অসমৰ মাজেৰে যাতে জিলাবাসী বহি ৰাজ্যলৈ যাব পাৰে তাৰ বাবেও এই দলংখন নিৰ্মান কৰিবলৈ কাম আৰম্ভ কৰা হয়।
ইফালে কাম আৰম্ভ হোৱাৰ কিছুদিনৰ পাছতেই বিজেপি চৰকাৰ শাসনলৈ আহি বিমুদ্ৰাকৰণ কৰাৰ ফলত ধনৰ অসুবিধাত প্ৰায় এবছৰ কাম বন্ধ হৈ থাকে। আনহাতে চুবুৰীয়া ৰাজ্য মেঘালয়ৰ পৰা অসমলৈ পাথৰ (শিল) ৰপ্তানি বন্ধ কৰি দিয়াত পশ্চিম বংগৰ পৰা শিল আনি কাম কৰিবলগীয়া হৈছে। ফলত এদিনৰ কাম কৰিবলৈ ১০/১২ দিন সময়ৰ প্ৰয়োজন হোৱাত কাম দিনক দিনে পিছ পৰি আছে। বিগত চাৰি বছৰে দলংখন সম্পূৰ্ণ হোৱা নাই যদিও ৯০ শতাংশ কাম ইতিমধ্যে সমাপ্ত হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/34b6fadc-0455-41e1-9145-993226f9bc86-1024x576.jpg)
অহা এমাহৰ ভিতৰতে দলংখনৰ কাম সম্পূৰ্ণ হব বুলি কামত নিয়োজিত সকলে আমাক জানিবলৈ দিয়ে। অৱশ্যে ৰাইজে খোজকাঢ়ি পাৰাপাৰা হবপৰা অৱস্থালৈ দলংখন নিৰ্মান হৈছে। যাৰ বাবে আগন্তক ঈদৰ পূৰ্বে দলংখনৰ ওপৰেদি ৰাইজে খোজকাঢ়ি চলাচল কৰিবলৈ সুযোগ কৰি দিয়া হব বুলি জানিব পৰা গৈছে।
ইফালে দলংখন বিগত চাৰি বছৰে নিৰ্মান সম্পূৰ্ণ নোহোৱাত অঞ্চলটোৰ ৰাইজে জিনজিৰাম নদী একমাত্ৰ টুলুঙা নাও ব্যৱহাৰ কৰি পাৰাপাৰ হৈ আহিছে। বিশেষকৈ সুখচৰৰ এখন উচ্চতৰ মাধ্যমিক বিদ্যালয় থকাৰ বাবে জিনজিৰাম নদীৰ দক্ষিণ পাৰৰ পৰা দৈনিক সহস্ৰাধিক ছাত্ৰ ছাত্ৰী বিদ্যালয় খনলৈ যাতায়ত কৰে। আনহাতে স্বাস্থ্য কেন্দ্ৰকে ধৰি বিভিন্ন অনুষ্ঠান, প্ৰতিষ্ঠানলৈ কৰ্মচাৰী সকলে দৈনিক যাতায়ত কৰাৰ লগতে জিনজিৰাম নদীৰ দক্ষিণ পাৰে থকা হাটশিঙিমাৰী মহাবিদ্যালয়লৈ উচ্চ শিক্ষাৰ বাবেও দৈনিক প্ৰায় সহস্ৰাধিক ছাত্ৰ ছাত্ৰী আহ যাহ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/e2ab3f6d-1bcf-4d00-9058-27a135571006-1024x576.jpg)
কেৱল এয়াই নহয়, দুয়ো পাৰৰ প্ৰায় দহ সহস্ৰাধিক লোক দৈনিক এই পথৰ ওপৰেদি যাতায়ত কৰে। এই ক্ষেত্ৰত বৰ্তমানে ৰাইজে একমাত্ৰ টুলুঙা নাও ব্যৱহাৰ কৰি যাতায়ত কৰিবলগীয়া হৈছে। মটৰ চাইকেল, চাইকেলকে ধৰি যিকোনো বাহন কেৱল মাত্ৰ টুলুঙা নাও ব্যৱহাৰ কৰি যাবলগা গৈছে। সময়ে সময়ে সৰু সুৰা দুৰ্ঘটনাও সংঘটিত হৈ আহিছে । তথাপিও উপায়ন্তৰ হৈ টুলুঙা নাও ব্যৱহাৰ কৰি এইদৰে যাত্ৰী সকলে বিপদসংকুল অৱস্থাত পৰাপাৰ হৈ আহিছে।
এই ক্ষেত্ৰত দলংখন নিৰ্মান কাম সম্পূৰ্ণ হলে জিলাবাসীয়ে যাতায়তৰ বাবে সুবিধা লাভ কৰিব। কিন্তু দলংখনৰ কাম কেতিয়া সম্পূৰ্ণ হব সেয়া এতিয়া ৰাইজৰ প্ৰশ্ন