ব্ৰহ্মপুত্ৰৰ চাপৰিত চোৰাং চিকাৰীৰ পৰা উদ্ধাৰ ৪ বনৰীয়া হাঁহ…

ব্ৰহ্মপুত্ৰৰ চাপৰিত চোৰাং চিকাৰীৰ পৰা উদ্ধাৰ ৪  বনৰীয়া হাঁহ…

ডিজিটেল সংবাদ ঢকুৱাখনা: পৰিভ্ৰমী চৰাইৰ চোৰাং চিকাৰৰ বধ্যভূমি হৈ পৰিছে ব্ৰহ্মপুত্ৰৰ চাপৰি । একাংশ বিচাৰ  বিবেচনাহীন ব্যক্তিৰ কাণ্ডজ্ঞানহীন ভূমিকাৰ বাবে  দৈনিক বহু সংখ্যক বনৰীয়া পৰিভ্ৰমী চৰাই অকালতে প্ৰাণ হেৰুৱাব লগা হোৱাৰ সমান্তৰাল ভাৱে ইয়াক কেন্দ্ৰ কৰি এক চোৰাং বেহা চলি আহিছে।  শেহতীয়াভাবে সোমবাৰে দুপৰীয়া এনে দুটামান চোৰাং চিকাৰীৰ গ্ৰাসৰ পৰা দুগৰাকী প্ৰকৃতি প্ৰেমী ব্যক্তিয়ে ৪ টা বনৰীয়া হাঁহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

"চেভ গ্ৰীণ ৱৰ্ল্ড মিছন" নামৰ প্ৰকৃতি প্ৰেমি সংগঠনটোৰ অধ্যক্ষ মঞ্জিত পাতিৰ আৰু সদস্য মুহি নন্দ পেগুৱে এই সন্দৰ্ভত গোপন সূত্ৰে খবৰ পাই সোমবাৰে ব্ৰহ্মপুত্ৰ নদৰ বালি চাপৰিত চোৰাং চিকাৰীৰ সন্ধান চলাই । ব্ৰহ্মপুত্ৰৰ বালি চাপৰিত ঝাও বনৰ  মাজত দুটামান সন্দেহযুক্ত ব্যক্তিৰ চালচলন প্ৰত্যক্ষ কৰি অনুসৰণ কৰাত অচিনাক্ত ব্যক্তি দুটাই প্ৰকৃতি প্ৰেমী দুগৰাকীক দেখি এটা মোনা পেলাই দৌৰি  পলাই যায়।

খেদি খেদি দুই চোৰাং চিকাৰীক আটক কৰিবলৈ দুই প্ৰকৃতি প্ৰেমী ব্যৰ্থ হয় যদিও চোৰাং চিকাৰীৰ কবলৰ পৰা ৪ টা বনৰীয়া হাঁহ জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। পাখি ,ভৰি আদিত আঘাট প্ৰাপ্ত বনৰীয়া হাঁহ কেইটাক  ঘৰলৈ আনি প্ৰাথমিক চিকিৎসা প্ৰদান কৰি, খাদ্য খুৱাই সুস্থ কৰাত ব্ৰতী হৈছে প্ৰকৃতি সংগঠক দুগৰাকীয়ে ।

উল্লেখযোগ্য যে ব্ৰহ্মপুত্ৰৰ চাপৰিত জাল পাতি অজ্ঞাত ব্যক্তিয়ে গোপনে দীৰ্ঘদিন ধৰি  বহু পৰিভ্ৰমী চৰাই ধৰি চোৰাং বেহা অব্যাহত ৰাখি আহিছে । এই ক্ষেত্ৰত ঢকুৱাখনা আৰক্ষী আৰু বিভিন্ন প্ৰকৃতি সংগঠনৰ সক্ৰিয়তা সাম্প্ৰতিক সময়ত জৰুৰী হিচাবে বিবেচিত হৈছে ।

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in