/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/05/sff.jpg)
ডিজিটেল সংবাদ, উৰিয়ামঘাট: ধনশিৰি মহকুমাৰ অসম নগালেণ্ড সীমান্ত উৰিয়ামঘাটত পুনৰ অবৈধ ভাৱে সৰবৰাহ কৰা বাতৰি পোৱা গৈছে।জানিব পৰা মতে দেওবাৰে আবেলি উৰিয়ামঘাট আৰক্ষীয়ে তালাচি চলাই থকা সময়ত এ এছ ০১ এম চি ১২৮৭ নম্বৰৰ এখন ডাম্পাৰত ১২০ বস্তা ইউৰিয়া আবিস্কাৰ কৰি নথি পত্ৰ বিচৰাত সমগ্ৰ বিষয়টো ধৰা পৰে।
আৰক্ষীয়ে তাৎক্ষনিকভাৱে ডাম্পালখনত থকা বিদ্যাপুৰৰ আনোৱাৰ হুছেইন আৰু খেৰবাৰীৰ জেহিৰুল ইছলামক আটক কৰি তদন্ত আৰম্ভ কৰে।তদন্তত প্ৰকাশ পোৱা মতে বিদ্যাপুৰৰ ইউচুফ আলিয়ে সাৰখিনি ডেৰগাঁৱৰ পৰা অনোৱাইছিল।আৰক্ষীয়ে ইউচুফক আটক কৰাৰ পিছত ডেৰগাঁৱৰ চুমনিৰ সাৰৰ ব্যৱসায়ী বাপজন আলিকো কৰায়ত্ত্ব কৰি উৰিয়ামঘাটলৈ আনে।
ইতিমধ্যে আৰক্ষীয়ে চাৰিওকে গ্ৰেপ্তাৰ কৰাৰ লগতে ডাম্পাৰৰ মালিকজনকো জেৰা অব্যাহত ৰাখে।উল্লেখ্য যে ধনশিৰি আৰক্ষীয়ে যোৱা প্ৰায় দুমাহত মহকুমাটোৰ বিভিন্ন স্থানত অবৈধ সাৰৰ সন্দৰ্ভত আঠোটা গোচৰ পঞ্জীয়ন কৰি ১৩৫২ বেগ অবৈধ ইউৰিয়া সাৰ জব্দ কৰি ২৮ গৰাকী লোকক গেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে। ধনশিৰি মহকুমাৰ আৰক্ষী বিষয়া ত্ৰিনয়ন ভূঁঞাই জনোৱা মতে জব্দ কৰা সাৰখিনি চুবুৰীয়া নগাৰাজ্যলৈ সৰবৰাহ কৰা হৈছিল।
আৰু পঢ়ক: বটদ্ৰৱাত শিশু অপহৰণকাৰী আটক…