মঙলদৈত হোমেন বৰগোহাঞিৰ তৃতীয় স্মৃতি দিৱস উদযাপন...

মঙলদৈত হোমেন বৰগোহাঞিৰ তৃতীয় স্মৃতি দিৱস উদযাপন...

author-image
Asomiya Pratidin
New Update
মঙলদৈত হোমেন বৰগোহাঞিৰ তৃতীয় স্মৃতি দিৱস উদযাপন...

ডিজিটেল সংবাদ, মঙলদৈঃকৰুণাধাৰা দৰং জিলা সহায়ক সমিতিৰ উদ্যোগত দেওবাৰে মঙলদৈ সনাতন ধৰ্মসভাৰ পৰমাৰ্থ গ্ৰন্থাগাৰত কৰুণাধাৰাৰ জন্মদাতা বিশিষ্ট সাহিত্যিক, সাংবাদিক হোমেন বৰগোহাঞিৰ তৃতীয় বাৰ্ষিক স্মৃতি দিৱস উদযাপন কৰা হয়।

Advertisment

এই উপলক্ষে কৰুণাধাৰা দৰং জিলা সহায়ক সমিতিৰ মুখ্য উপদেষ্টা ডাঃ অমৰেন্দ্ৰ নাৰায়ণ দেৱে মূল বন্তি আৰু কৌপাটীৰ বল্লভভাই পেটেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ কুঞ্জ দেৱী, ডায়েটৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা মিৰণ দেৱী, কবি এনী ভূঞা ডেকা আৰু অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া হৰিচন্দ্ৰ শৰ্মাই অইন চাৰি গছি বন্তি প্ৰজ্বলন কৰে। আনহাতে কৰুণাধাৰা দৰং জিলা সহায়ক সমিতিৰ অধ্যক্ষ মুকুল চন্দ্ৰ ডেকাই মাল্যাৰ্পণ কৰে।

ইয়াৰ পিছতে প্ৰধান সচিব গণেশ দত্তই আঁত ধৰা স্মৃতিচাৰণ সভাত অধ্যক্ষ মুকুল চন্দ্ৰ ডেকাই কয় যে, হোমেন বৰগোহাঞিৰ লেখাত আছে সঞ্জীৱনী শক্তি। তেওঁৰ লেখা পঢ়িলে ৰোগীয়েও ঔষধ সেৱন নকৰাকৈ আৰোগ্য লাভ কৰে। তেওঁৰ লেখাই জীয়াই থকাৰ প্ৰেৰণা দিয়ে। দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডাঃ অমৰেন্দ্ৰ নাৰায়ণ দেৱে 'দেৱচন্স গ্ৰুপ'ৰ পৰা কৰুণাধাৰাৰ প্ৰস্তাৱিত আশ্ৰয় গৃহৰ বাবে ১ লাখ টকা আগবঢ়োৱাৰ কথা ঘোষণা কৰি কয়, হোমেন বৰগোহাঞিয়ে কৰুণাধাৰাক লৈ দেখা সপোন আমি পূৰণ কৰিব লাগিব। তেওঁ লগতে হোমেন বৰগোহাঞিৰ সান্নিধ্যত লাভ কৰা বিভিন্ন অভিজ্ঞতাৰ বিষয়ে ব্যক্ত কৰে।

এই স্মৃতিচাৰণ সভাত কাৰ্যকৰী অধ্যক্ষ শেখৰ মজুমদাৰ, শিক্ষয়িত্ৰী মিনতি হাজৰিকা, মঙলদৈ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা ডঃ লীনা শইকীয়া, অৱসৰপ্ৰাপ্ত কাননগো গোলোক বৰা, লেখিকা মীৰা হাজৰিকা, কুঞ্জ দেৱী, এনী ভূঞা ডেকা, কুশলা ডেকা, অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া হৰিচন্দ্ৰ শৰ্মা, শিক্ষক জয়প্ৰকাশ শৰ্মা, আকাংক্ষা কাশ্যপ শৰ্মা, সাহিত্য সেৱী প্ৰমোদ চন্দ্ৰ শৰ্মা, অৱসৰপ্ৰাপ্ত অধ্যাপিকা মিৰণ দেৱী, সমাজসেৱক প্ৰদীপ চন্দ্ৰ দাস, সাংবাদিক অশ্বিনী কুমাৰ শৰ্মা আদি উপস্থিত থাকে।

উল্লেখ্য যে, কৰুণাধাৰা দৰং জিলা সহায়ক সমিতিৰ অস্থায়ী কাৰ্যালয় হিচাপে মঙলদৈ সনাতন ধৰ্মসভাই পৰমাৰ্থ গ্ৰন্থাগাৰ ব্যৱহাৰ কৰিব দিয়া, এই কাৰ্যালয়ৰ বাবে ডাঃ ধৰ্মকান্ত নাথে এটা আলমাৰি, ডাঃ অনিল শৰ্মাই টেবুল এখন আগবঢ়োৱাত সভাই কৃতজ্ঞতা জ্ঞাপন কৰে।

Also Read: বটদ্ৰৱাত কণ কণ শিশুৰ ভাওনা প্ৰদৰ্শন...

mangoldoi