মেঘালয়লৈ প্ৰেৰণ কৰিবলৈ লোৱা ১৩ টা গৰুসহ ৩ খন বাহন জব্দঃ আটক ৫ সৰবৰাকাৰী…

মেঘালয়লৈ প্ৰেৰণ কৰিবলৈ লোৱা ১৩ টা গৰুসহ ৩ খন বাহন জব্দঃ আটক ৫ সৰবৰাকাৰী…

author-image
asomiyapratidin
New Update
মেঘালয়লৈ প্ৰেৰণ কৰিবলৈ লোৱা ১৩ টা গৰুসহ ৩ খন বাহন জব্দঃ আটক ৫ সৰবৰাকাৰী…

ডিজিটেল সংবাদ ছমৰীয়া: কামৰূপ জিলাৰ বকোৰ অসম মেঘালয় সীমান্তবৰ্তী এলেকা নীলাঘাটত চোৰাং গৰুৰ বিৰুদ্ধে বকো আৰক্ষীৰ অভিযান। দেওঁবাৰে দিনৰ ভাগতে বকোৰ সীমান্তবৰ্তী এলেকা নীলাঘাটত এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই ১৩ টা চোৰাং গৰু জব্দসহ ৫ জন গৰু সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়। বকো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ফনীন্দ্ৰ নাথৰ নেতৃত্বত আৰক্ষী উপ-পৰিদৰ্শক অপূৰ্ব কলিতাসহ এটি আৰক্ষীৰ দলে চলাইছিল এই অভিযান।

Advertisment

প্ৰাপ্ত তথ্য মতে গৰু কেইটা ছয়গাওঁৰ পৰা নীলাঘাট হৈ মেঘালয়লৈ সৰবৰাহ কৰিবলৈ লৈছিল।জানিব পৰা মতে গৰু সৰবৰাহ কৰা তিনিখন ডি আই বাহনো জব্দ কৰিছে বকো আৰক্ষীয়ে।আটকাধীন লোক কেইজন ক্ৰমে ধীৰাজ ৰাভা(বৰঝাৰ,উকিয়াম), নিৰল কলিতা(উত্তৰ বাংকাকাটা), খাইৰত আলী(২ নং জামবাৰী), কিৰন ৰাভা (নোৱামাটি),জয়ৰাম ৰাভা(চিৰিলাপাৰা,উকিয়াম)।

জব্দ হোৱা বাহন কেইখনৰ নম্বৰ এ এছ ০৭ বিচি ২২৪৪,এ এছ ০১ এচি ৯৬২৫,এ এছ ২৫ ডিচি ২২২৪। দীৰ্ঘদিন ধৰি বকোৰ শান্তিপুৰ হৈ নীলাঘাটেৰে মেঘালয় হৈ চোৰাং গৰু বাংলাদেশলৈ সৰবৰাহ কৰাৰ অভিযোগ উত্থাপিত।