৪৮ ঘন্টাত ৩ ড্ৰাগছ সৰবৰাহকাৰী মহানগৰ আৰক্ষীৰ জালত…

৪৮ ঘন্টাত ৩ ড্ৰাগছ সৰবৰাহকাৰী মহানগৰ আৰক্ষীৰ জালত…

author-image
asomiyapratidin
New Update
৪৮ ঘন্টাত ৩ ড্ৰাগছ সৰবৰাহকাৰী মহানগৰ আৰক্ষীৰ জালত…

ডিজিটেল ডেস্কঃ ড্ৰাগছৰ বিৰুদ্ধে ৰাজ্যত অব্যাহত অভিযান। মহানগৰীৰ ফটাশিল আমবাৰীতো আজাৰাৰ এচিপিৰ নেতৃত্বত চলোৱা হয় এক অভিযান। দেওবাৰে সন্ধিয়া ভাগত চলোৱা এই অভিযানত জুটিকুছি জ্যোতিশ্ৰী নগৰৰ বিনোদ চন্দ্ৰ ৰায়ৰ পুত্ৰ পিন্টু ৰায়ক আটক কৰাৰ লগতে ৪২.৪১ গ্ৰাম্য হেৰ'ইন উদ্ধাৰ কৰে। ইফালে, দেওবাৰৰ পুৱাৰ ভাগত লাখটকীয়াত মহম্মদ নুৰ ইছলাম (৩২ বছৰ)নামৰ ধৃত লোকজনক আটক কৰে চিজিপিডিয়ে। লগতে জব্দ কৰে ১৫ গ্ৰাম ওজনৰ হেৰ'ইন, ৮টা প্লাষ্টিকৰ ভাইল, ৩টা মোবাইল ফোন, ৩টা ছিৰিঞ্জ আৰু ১৪০টা খালী প্লাষ্টিকৰ ভাইল।

Advertisment

উল্লেখ্য যে, ২৭ আগষ্টত ক্ৰাইম ব্ৰাঞ্চে জালুকবাৰী আৰক্ষীৰ সৈতে নামবাৰীস্থিত ছেইন্ট মেৰিজ বিদ্যালয়ৰ সমীপত অভিযান চলাই আৰু ৩টা ড্ৰাগছ সৰবৰাহকাৰীক কৰে আটক। আটক কৰা এই তিনিটা ড্ৰাগছ সৰবৰাহকাৰী ক্ৰমে- মুস্তাফা আহমেদ (২১), ৰজুল আলী (২৮) আৰু প্ৰাঞ্জল কুমাৰ দাস (৩৫)। এই অভিযানকালত জব্দ কৰা হয় ২৪ গ্ৰাম ব্ৰাউন ছুগাৰ, ১৭০০ টকা নগদ ধন আৰু এএছ০১ এৱাই ৫১৬১ নম্বৰৰ এখন বাহন।