ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী বেগত ড্ৰাগছ, সত্য জানিলে ভয় খাব আপুনিও…

ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী বেগত ড্ৰাগছ, সত্য জানিলে ভয় খাব আপুনিও…

author-image
asomiyapratidin
New Update
ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী বেগত ড্ৰাগছ, সত্য জানিলে ভয় খাব আপুনিও…

ডিজিটেল সংবাদ,বিহপুৰীয়া :অসম আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে তীব্ৰ অভিযান অব্যাহত ৰখাৰ সময়তে এতিয়া সৰবৰাহকাৰী সকলে ড্ৰাগছ সৰবৰাহৰ ন ন কৌশল অৱলম্বন কৰিছে ৷ একাংশই বিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰীক ব্যৱহাৰ কৰি ড্ৰাগছ সৰবৰাহ কৰাৰ তথ্য পোহৰলৈ আহিছে ৷

Advertisment

বিহপুৰীয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উৎপল বৰাৰ নেতৃত্বত মঙলবাৰে নিশা চলা অভিযানত এগৰাকী ষষ্ঠ শ্ৰেণীত অধ্যয়নৰত ছাত্ৰীয়ে তাইক সৰবৰাহকাৰীয়ে লুকুৱাই ৰাখিবৰ বাবে দিয়া ৮৪ টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ আৰক্ষীক দেখুৱাই দিয়ে ৷

আৰক্ষীয়ে কিশোৰী গৰাকীৰ তথ্যৰ ভিত্তিত বঙালমৰা মিৰি গাৱঁৰ পৰা পিন্টু বিশ্বাস আৰু বিটু ঠাকুৰ নামৰ সৰবৰাহকাৰী দুটাক গ্ৰেপ্তাৰ কৰে ৷ আনহাতে নিশাই বিহপুৰীয়া নগৰৰ পৰাও ৬ টা ড্ৰাগছ কন্টেইনাৰ সহ বিপ্লৱ দেৱনাথ নামৰ আন এটা সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰে ৷ আৰক্ষী সৰবৰাহকাৰী কেইটাৰ পৰা সৰ্বমুঠ ১৩ গ্ৰাম সন্দেহযুক্ত হেৰ'ইন জব্দ কৰে ৷

আৰু পঢ়ক: ঢকুৱাখনাৰ কৃতিমান শিক্ষাৰ্থীৰ ঘৰে ঘৰে গৈ সম্বৰ্ধনা…

assam Assam police drugs