/asomiyapratidin/media/media_files/2026/01/24/fsfsdfsdsd-2026-01-24-15-29-30.jpg)
ডিজিটেল সংবাদ, শিলচৰঃ এজন-দুজন নহয়, একে নিশাই শিলচৰ আৰক্ষীয়ে ২৫ জনকৈ গভাইত চোৰক গ্ৰেপ্তাৰ কৰি চহৰবাসীক স্বস্তি প্ৰদান কৰিছে। লগতে আৰক্ষীয়ে চোৰৰ কবলৰ পৰা তামৰ পাত্ৰ, কাঁহৰ পাত্ৰ, মোবাইল ফোন, গেছ চিলিণ্ডাৰকে ধৰি বহু মূল্যৱান চুৰি সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।
উল্লেখযোগ্য যে, যোৱা কিছুদিন ধৰি শিলচৰ চহৰত চুৰিৰ ঘটনা দ্ৰুতগতিত বৃদ্ধি পাইছিল। প্ৰতি নিশা চুৰিৰ ঘটনাই আতংকিত কৰি তুলিছিল সাধাৰণ লোকক। এই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি শিলচৰ আৰক্ষী তৎপৰ হৈ উঠা দেখিবলৈ পোৱা যায়। আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতীম দাসৰ নেতৃত্বত শিলচৰ চহৰৰ মালুগ্ৰাম, তাৰাপুৰ, ৰাংগিখাৰীসহ কেইবাটাও এলেকাত একেলগে নিশা অভিযান চলোৱা হয়। এই অভিযানত আৰক্ষীয়ে এই বৃহৎ সফলতা লাভ কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/24/whatsapp-image-2026-01-24-15-29-49.jpeg)
ইফালে, অভিযান সন্দৰ্ভত অতিৰিক্ত আৰক্ষী অধীক্ষক সুব্ৰত সেনে সংবাদ মাধ্যমৰ আগত জনায় যে, উদ্ধাৰ কৰা চুৰি সামগ্ৰীসমূহৰ সৈতে বৰ্তমান গ্ৰেপ্তাৰ কৰা ২৫ জন চোৰক জেৰা অব্যাহত ৰখা হৈছে। ধৃত চোৰসকলৰ সৰহসংখ্যক শিলচৰ চহৰৰ বিভিন্ন এলেকাৰ বাসিন্দা।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/24/whatsapp-image-20-2026-01-24-15-30-04.jpeg)
ইয়াৰ উপৰিও ধৃতসকলৰ ভিতৰত শ্ৰীভূমি, হাইলাকান্দি জিলাৰ লগতে কামৰূপৰ ছয়গাঁও আৰু বৰপেটাৰ দুজনকৈ চোৰো আছে। তেওঁলোক হৈছে ছয়গাঁও সম্ভূপাৰা পাটাৰীৰ ৰিজিজুৰ হক আৰু বৰপেটা গৰৈমাৰীৰ ৰফিক আলী। আন ধৃতসকলৰ ভিতৰত শিলচৰ ইটখলাৰ উজ্জ্বল বিশ্বাস, চাৰুক আহমেদ বৰভুঞা, মনো উদ্দিন মজুমদাৰ, মনিৰ উদ্দিন মজুমদাৰ আদি আছে বুলি জানিব পৰা গৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us