নলবাৰী জিলাৰ ২৫ গৰাকী পঞ্চায়ত আঞ্চলিক সদস্যৰ বকোৰ চিত্ৰনালা খেতি পৰিদৰ্শন…

নলবাৰী জিলাৰ ২৫ গৰাকী পঞ্চায়ত আঞ্চলিক সদস্যৰ বকোৰ চিত্ৰনালা খেতি পৰিদৰ্শন…

ডিজিটেল সংবাদ বকো: কামৰূপ জিলাৰ বকোত হোৱা চিত্ৰনালা খেতি সমগ্ৰ ৰাজ্যখনত সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে । একাংশ জনপ্ৰতিনিধিয়ে বকোৰ চিত্ৰনালা খেতিৰ প্ৰতি আকৰ্ষিত হৈ প্ৰতিনিধিত্ব কৰা নিজ নিজ এলেকাত এই খেতি কৰাৰ সংকল্প গ্ৰহণ কৰিছে ।

আনকি জনপ্ৰতিনিধি সকলে বকোৰ পৰা চিত্ৰনালা খেতিৰ পুলি পৰ্যন্ত লৈ গৈছে । বুধবাৰে নলবাৰী জিলাৰ ২৫ গৰাকী পঞ্চায়তৰ আঞ্চলিক সদস্য-সদস্যাই বকোত আহি বকোৰ বিশিষ্ট উদ্যোগপতি শান্তি কুমাৰ জৈনৰ ধূপগুৰীত থকা চিত্ৰনালা খেতিৰ বিভিন্ন দিশৰ ওপৰত পৰ্যবেক্ষণ কৰে ।

পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ বিভাগৰ জৰিয়তে ৰাজ্যৰ পঞ্চায়তত নিজস্ব ৰাজহ ব্যৱস্থাৰ ওপৰত দিয়া প্ৰশিক্ষণৰ শেষত ক্ষেত্ৰ পৰিদৰ্শন কৰি পঞ্চায়তৰ আঞ্চলিক সদস্য-সদস্যা সকলে চিত্ৰনালা খেতি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে । ক্ষেত্ৰ পৰিদৰ্শনৰ সময়ত পঞ্চায়তৰ আঞ্চলিক সদস্য-সদস্যা সকলৰ সৈতে পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ বিভাগৰ প্ৰশিক্ষক ৰমেন ডেকা আৰু সহকাৰী প্ৰশিক্ষক দিপ্তী কলিতাই অংশ গ্ৰহণ কৰে । 

ক্ষেত্ৰ পৰিদৰ্শনৰ শেষত পঞ্চায়তৰ আঞ্চলিক সদস্য-সদস্যা সকলে বিশিষ্ট উদ্যোগপতি গৰাকীৰ ধূপগুৰীত থকা এম এচ এৰোমেটিক কোম্পানীৰ সভাগৃহত চিত্ৰনালা সন্দৰ্ভত আনুষ্ঠানিক ভাবে মতবিনিময় কৰে । মতবিনিময়ৰ মাজতে এম এচ এৰোমিটিক কোম্পানীৰ তৰফৰ পৰা চিত্ৰনালাৰ পুলি আৰু তেল পঞ্চায়তৰ আঞ্চলিক সদস্য-সদস্যা সকলৰ মাজত বিতৰণ কৰে ।

মতবিনিময় অনুষ্ঠানত ৬১ নং ধৰ্মপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত ২০ নং পিপলীবাৰী পূৱ ক্ষেত্ৰী ধৰ্মপুৰ পঞ্চায়তৰ আঞ্চলিক সদস্যা মাৰ্জিনা চৌধুৰীয়ে গীত পৰিবেশন কৰি অনুষ্ঠানত আংশগ্ৰহণ কৰা আটাইকে মনোৰঞ্জন দিয়ে । উল্লেখযোগ্য যে পঞ্চায়তৰ আৰু গ্ৰামোন্নয়ণ বিভাগৰ জৰিয়তে যোৱা ২২ জুলাইত বৰপেটা জিলাৰ ৪২গৰাকী পঞ্চায়ত সদস্যই ক্ষেত্ৰ পৰিদৰ্শন কৰাৰ বাবে বকোত আহিছিল। 

সেইদিনও পঞ্চায়ত সভাপতি সকলে বিশিষ্ট উদ্যোগপতি শান্তি কুমাৰ জৈনৰ খেতিৰ পৰা চিত্ৰনালা পুলি প্ৰতিনিধিত্ব কৰা নিজ নিজ এলেকাত খেতি কৰাৰ সংকল্প গ্ৰহণ কৰি লৈ যায়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in