ঘৰৰ পৰা বাহিৰলৈ যোৱাৰ আগতে পঢ়ক এই খবৰ! ২৪ ঘন্টাৰ বাবে চকা বন্ধৰ আহ্বান...

সদৌ অসম মটৰ শ্ৰমিক যুটীয়া পৰিষদে ১ মে'ত (সোমবাৰে) ২৪ ঘণ্টীয়া চকা বন্ধৰ আহ্বান জনাইছে।

author-image
Asomiya Pratidin
New Update
ঘৰৰ পৰা বাহিৰলৈ যোৱাৰ আগতে পঢ়ক এই খবৰ! ২৪ ঘন্টাৰ বাবে চকা বন্ধৰ আহ্বান...

ডিজিটেল ডেস্কঃ সদৌ অসম মটৰ শ্ৰমিক যুটীয়া পৰিষদে ১ মে'ত (সোমবাৰে) ২৪ ঘণ্টীয়া চকা বন্ধৰ আহ্বান জনাইছে। পৰিষদে সকলো বাণিজ্যিত বাহনৰ মালিকক পুৱা ৫ বজাৰ পৰা বন্ধ পালন কৰিবলৈ আহ্বান জনাইছে। পৰিষদে কৈছে যে উক্ত দিনটোত সকলো ধৰণৰ বাণিজ্যিক বাহন বন্ধ থাকিব।

Advertisment

উল্লেখ্য যে, শ্ৰমিক দিৱসৰ লগত সংগতি ৰাখি ১ মে'ত কেইবাটাও দাবী উত্থাপন কৰিব শ্ৰমিক সকলে। দাবীসমূহৰ ভিতৰত থাকিব মটৰ শ্ৰমিকসকলৰ বাবে কল্যাণমূলক আঁচনিসমূহৰ তাৎক্ষণিক ৰূপায়ণ আৰু শ্ৰমিক ভৱন স্থাপন।

তেওঁলোকে এমভি আইন ১৯৮৮ সংশোধন কৰিবলৈ আহ্বান জনোৱাৰ লগতে শ্ৰমিক বিৰোধী আইন সমূহ প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনাব।

Also Read: লিভ-ইন সম্পৰ্ক! বিয়া পাতিব বিচৰাৰ বাবেই নৃশংসভাৱে হত্যা কৰিলে প্ৰেয়সীক