ফুটুকাৰ ফেনত পৰিণত ২৪ ঘন্টাই বিদ্যুৎ যোগানৰ প্ৰতিশ্ৰুতি…

ফুটুকাৰ ফেনত পৰিণত ২৪ ঘন্টাই বিদ্যুৎ যোগানৰ প্ৰতিশ্ৰুতি…

ডিজিটেল সংবাদ, গুৱাহাটীঃ ৰাজ্যত এতিয়া সঘন লোড শ্বেডিঙত অতিষ্ঠ হৈ পৰিছে জনতা। গ্ৰামাঞ্চলৰ কথা বাদেই এই লোড শ্বেডিঙৰ কোৰাল গ্ৰাহত গুৱাহাটী মহানগৰীত । কেইবাঘন্টাধৰি হোৱা লোড শ্বেডিঙে উৎকট গৰমত নাগৰিকে জুলুম যান্ত্ৰনাত ভুগিব লগা হৈছে । ইফালে বিদ্যালয়সমূহত ছমহীয়া পৰীক্ষা চলি আছে যদিও বিজুলী নথকাত বিদ্যালয়ত অসুবিধাৰ সৃষ্টি কৰে ।

তদুপৰি এই গৰমত বিজুলী নথকাত নিশা উজাগৰী নিশা কটাই জীৱন কটাবলগীয়া হয়। আনহাতে দেশত বিশ্বকাপ ক্ৰিকেটৰ জ্বৰ তাত বিদ্যুৎৰ লুকাভাকুত ক্ৰিকেট প্ৰেমীয়ে খঙত অগ্নিশৰ্মা হৈ এই বিভাগটোৰ ওপৰত আস্থা হেৰাই পেলাইছে ।

জনতাই মাছুল ঠিকেই ভৰে যদিও বিদ্যুৎৰ পৰা বঞ্চিত হব লগা হৈছে । উল্লেখ্য যে এই শক্তি বিভাগৰ স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী তপন গগৈ সাংসদ হোৱাৰ লগে লগে বিভাগটো গেলি যায়। যত সোণোৱাল চৰকাৰে ২৪ ঘন্টাই ৰাজ্যত বিদ্যুৎ যোগানৰ প্ৰতিশ্ৰুতি দিছিল সেয়া যেন এতিয়া বুমেৰাং । এনে বুমেৰাং বিয়াগোম বিভাগটোৱে কেতিয়াকৈ কাৰ্যক্ষম হয় তাকে চাবলগীয়া ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in