চূড়ান্ত এন আৰ চি প্ৰকাশৰ পাছত এতিয়ালৈ ২২৩জন নথিপত্ৰবিহীন লোকক চিনাক্ত কৰা হৈছেঃ মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড ছাংমা…

চূড়ান্ত এন আৰ চি প্ৰকাশৰ পাছত এতিয়ালৈ ২২৩জন নথিপত্ৰবিহীন লোকক চিনাক্ত কৰা হৈছেঃ মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড ছাংমা…

author-image
asomiyapratidin
New Update
চূড়ান্ত এন আৰ চি প্ৰকাশৰ পাছত এতিয়ালৈ ২২৩জন নথিপত্ৰবিহীন লোকক চিনাক্ত কৰা হৈছেঃ মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড ছাংমা…

ডিজিটেল ডেস্কঃ ৩১ আগষ্টত এন আৰ চিৰ চূড়ান্ত তালিকা প্ৰকাশ পোৱাৰ কিছুদিন পাছত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড ছাংমাই মন্তব্য ব্যক্ত কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে- মেঘালয় চৰকাৰৰ এন আৰ চিৰ দৰে পদক্ষেপ গ্ৰহণ কৰাৰ শক্তি নাই।

ইফালে, জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী মুকুল ছাংমাই দাবী কৰে যে, এন আৰ চিত সেই সকলো মহিলাৰ নাম বাদ পৰিছে যিসকলে দেশৰ অন্য ৰাজ্যৰ পৰা অসমৰ যুৱকৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছে।

কংগ্ৰেছ নেতাই বিধানসভাৰ মজিয়াত এই সন্দৰ্ভত এক আলোচনাত দাবী কৰেযে- ৰাজ্য চৰকাৰে এন আৰ চিত নাম অন্তৰ্ভুক্ত নোহোৱা সেই সকলো মহিলাৰ সহায় কৰিবলাগে যিসকল মহিলাই মেঘালয়ৰ পৰা অসমলৈ বিবাহ হৈ গৈছে।  ইফালে, বিৰোধী দলৰ নেতাগৰাকীয়ে কয় যে- এইটো বৰদুখৰ কথা যে ভাৰতীয় নাগৰিক পঞ্জীত তেওঁলোকৰ নাম অন্তৰ্ভুক্ত কৰা নহ'ল।

মুখ্যমন্ত্ৰী কনৰাড ছাংমাই প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে- তেওঁলোকেঅসম চৰকাৰৰ সৈতে এই সন্দৰ্ভত কথা পাতিছে। আৰু এই মহিলাসকলৰ বাবে ব্যৱস্থা ল'বলৈজনাইছে। লগতে তেওঁ আশ্বাস দিয়ে যে, ৰাজ্যখনৰ প্ৰতিজন নাগৰিকৰ হিতৰ বাবে তেওঁব্যৱস্থা গ্ৰহণ কৰিব।

উল্লেখ্য যে, এন আৰ চিৰ চূড়ান্ত তালিকা প্ৰকাশৰ পাছত মুখ্যমন্ত্ৰীয়েৰাজ্যখনৰ প্ৰতিটো প্ৰান্তত প্ৰশাসন-আৰক্ষীক ২৪ঘণ্টাৰ বাবে তীক্ষ্ণ নজৰ ৰখাৰনিৰ্দেশ দিছিল। যাতে নথিপত্ৰ বিহীনভাৱে কোনো লোক অসমৰ পৰা মেঘালয়ত সোমাব নোৱাৰে।বৰ্তমানলৈ ৰাজ্যখনত ২২৩গৰাকী বাহিৰৰ লোকক চিনাক্ত কৰা হৈছে। আৰু তেওঁলোকে বৈধনথিপত্ৰ দেখুৱাব নোৱাৰা বাবে ৰাজ্যখনৰ পৰা বাহিৰলৈ যাব দিয়া হৈছে। তেওঁলোকক জনোৱাহৈছে যে, মেঘালয়ত প্ৰৱেশ কৰিলে যাতে বৈধ নথিপত্ৰ সমূহ লগত লৈ আহে।