গৰুখুঁটিৰ উচ্ছেদিত ২০৫১ টা পৰিয়ালক হিমন্ত বিশ্ব চৰকাৰে দলগাঁৱত কৰিব পুনৰ সংস্থাপন…

গৰুখুঁটিৰ উচ্ছেদিত ২০৫১ টা পৰিয়ালক হিমন্ত বিশ্ব চৰকাৰে দলগাঁৱত কৰিব পুনৰ সংস্থাপন…

author-image
asomiyapratidin
New Update
গৰুখুঁটিৰ উচ্ছেদিত ২০৫১ টা পৰিয়ালক হিমন্ত বিশ্ব চৰকাৰে দলগাঁৱত কৰিব পুনৰ সংস্থাপন…

ডিজিটেল ডেস্কঃ গৰুখুটিৰ উচ্ছেদিতক দলগাওঁৱত কৰিব পুনৰ সংস্থাপন। বিগত ২১ আৰু ২৩ ছেপ্টেম্বৰত গৰং জিলাৰ গৰুখুঁটিত অবৈধভাৱে দখল কৰি থকা লোকসকলক উচ্ছেদ কৰিছিল প্ৰশাসনে। ইয়াৰ পিছতে এই উচ্ছেদক কেন্দ্ৰ কৰি সৃষ্টি হৈছিল বিতৰ্ক। উচ্ছেদকাৰী আৰক্ষীৰে হোৱা সংঘৰ্ষত নিহত হৈছিল বেদখলকাৰী। ইয়াৰ পিছতে অসম চৰকাৰে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাৰ নেতৃত্বত গৰুখুঁটিত স্থাপন কৰিলে বহুমুখী কৃষি প্ৰকল্প। এই প্ৰকল্পত দুগ্ধ উৎপাদনৰ বাবে চৰকাৰে গুজৰাটৰ পৰা আনিছে গীৰ প্ৰজাতিৰ গাই গৰুও।

Advertisment

শহতীয়াকৈ দলগাওঁ ৰাজহ চক্ৰৰ কাৰ্যালয়ে জাৰি কৰা এক বিবৃতি অনুসৰি দৰং জিলাৰ উপাযুক্তই অৱগত কৰিছে যে ২১ আৰু ২৩ ছেপ্টেম্বৰত গৰুখুঁটিত যিসকল লোকক উচ্ছেদ কৰিলে আৰু যিসকলক পৰিয়াল গৰুখুঁটি প্ৰকল্পৰ কাষত এতিয়াও আছে তেওঁলোকক দলগাঁৱলৈ স্থানান্তৰ কৰা হ'ব। আৰু তাতেই সংস্থাপিত কৰা হ'ব।

বিবৃতিটোত আৰু কোৱা হৈছে যে গৰুখুঁটি প্ৰকল্প অঞ্চলৰ চৰকাৰী ভূমি বেদখল কৰি থকা ২০৫১ টা পৰিয়ালক দলগাঁও ৰাজহ চক্ৰলৈ স্থানান্তৰ কৰা হ'ব। ইয়াত কোৱা হৈছে যে ২০৫১ টা পৰিয়ালৰ ভিতৰত ৬৩৩ টা পৰিয়ালক প্ৰথম পৰ্যায়ত স্থানান্তৰ কৰা হ'ব আৰু আনবোৰ পৰৱৰ্তী পৰ্যায়ত স্থানান্তৰ কৰা হ'ব।

৬৩৩ টা পৰিয়ালৰ ভিতৰত, নিজ-শালমাৰা (এটা অংশ) আৰু ১ নং ধলপুৰ ( এটা অংশ)ত থকা ৪২৩ টা পৰিয়ালক আৰম্ভণিতে স্থানান্তৰ কৰা হ'ব আৰু ২১০ টা পৰিয়াল যিয়ে স্বেচ্ছাই গৰুখুঁটি ত্যাগ কৰিছে আৰু ব্ৰহ্মপুত্ৰৰ সোঁতৰ দক্ষিণ পাৰত বাস কৰি আছে তেওঁলোকক ৪২৩ টা পৰিয়াল সংস্থাপিত কৰাৰ পিছতে তাৎক্ষণিকভাৱে স্থানান্তৰ কৰি সংস্থাপিত কৰা হ'ব।

বিবৃতিটোৰ অনুসৰি ২০৫১ টা পৰিয়ালৰ বাবে চৰকাৰে ২০৫১ বিঘা ভূমি আবণ্টন দিব। প্ৰতিটো পৰিয়ালকে ১ বিঘাকৈ ভূমি দিয়া হ'ব। এই পুনৰ সংস্থাপন প্ৰক্ৰিয়াৰ বাবে গঠন কৰা হৈছে এখন বিশেষ কমিটীও।