২০২২ত নাৰায়ণপুৰত অনুস্থিত হ’ব লগা অসম সাহিত্য সভাৰ ষষ্ঠ সপ্ততিত্বম পূৰ্ণাংগ অধিবেশন, উন্মোচন অধিবেশনস্থলীৰ মানচিত্ৰ

২০২২ত নাৰায়ণপুৰত অনুস্থিত হ’ব লগা অসম সাহিত্য সভাৰ ষষ্ঠ সপ্ততিত্বম পূৰ্ণাংগ অধিবেশন, উন্মোচন অধিবেশনস্থলীৰ মানচিত্ৰ

author-image
asomiyapratidin
New Update
২০২২ত নাৰায়ণপুৰত অনুস্থিত হ’ব লগা অসম সাহিত্য সভাৰ ষষ্ঠ সপ্ততিত্বম পূৰ্ণাংগ অধিবেশন, উন্মোচন অধিবেশনস্থলীৰ মানচিত্ৰ

ডিজিটেল সংবাদ, নাৰায়ণপুৰ: ২০২২ চনত লখিমপুৰ জিলাৰ নাৰায়ণপুৰত অনুস্থিত হ'ব লগা অসম সাহিত্য সভাৰ পূৰ্ণাংগ অধিৱেশনৰ প্ৰস্তুতি ইতিমধ্যে পূৰ্ণগতিত আৰম্ভ হৈছে৷ অসম সাহিত্য সভাৰ শতদল শাখাৰ স্বীকৃতি প্ৰাপ্ত নাৰায়ণপুৰ শাখা সাহিত্য সভাৰ আমন্ত্ৰণ ক্ৰমে নাৰায়ণপুৰত অনুষ্ঠিত হ'বলগীয়া অসম সাহিত্য সভাৰ অধিৱেশন খনৰ ওপৰত বুধবাৰে এখন সংবাদমেল অনুস্থিত কৰি প্ৰস্তুতি সমিতিয়ে এই কথা জানিবলৈ দিয়ে।

Advertisment

উল্লেখ্য যে, মাধৱদেৱ বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ ২০১৮-২০ বৰ্ষৰ ষষ্ঠ পূৰ্ণাংগ কাৰ্যনিৰ্বাহক সভাই আৰু অসম সাহিত্য সভাৰ পঞ্চসপ্ততিতম শুৱালকুছি অধিৱেশনৰ প্ৰতিনিধি সভাই অনুমোদন সাপেক্ষে বাৰ বৈষ্ণৱৰ জন্মস্থান নাৰায়ণপুৰত ২০২২ বৰ্ষৰ পূৰ্ণাংগ দ্বি-বাৰ্ষিক অধিবেশন খন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ।

কোৰোনা মহামাৰীৰ বাবে অধিৱেশনৰ প্ৰাৰম্ভিক কাম-কাজ স্থবিৰ হৈ পৰিছিল যদিও শেহতীয়াকৈ যোৱা বৰ্ষৰ ডিচেম্বৰ মাহত অনুষ্ঠিত হোৱা প্ৰতিনিধিমূলক ৰাজহুৱা সভাই প্ৰাক্ প্ৰস্তুতি সমিতি গঠন কৰাৰ পিছত অধিৱেশনৰ প্ৰস্তুতি দ্ৰুতগতিত আগবঢ়োৱা হৈছে । অধিৱেশনত অংশগ্ৰহণ কৰিবলৈ অহা দেশখনৰ লগতে ৰাজ্যৰ পাঁচশগৰাকী বিশিষ্ট অতিথি আৰু তিনি হেজাৰ গৰাকী প্ৰতিনিধিক ৰাখিব পৰাকৈ নাৰায়ণপুৰ নগৰৰ বিভিন্ন স্থানত অতিথিশালাৰ সুব্যৱস্থা কৰা হৈছে ।

ইতিমধ্যে নাৰায়ণপুৰ নগৰৰ ৩ নং ৱাৰ্ডৰ বৰখামটি পথাৰৰ ৭৩৬ বিঘা ভূমিত প্ৰস্তাৱিত অসম সাহিত্য সভাৰ ষষ্ঠ সপ্ততিতম পূৰ্ণাংগ অধিৱেশনৰ স্থলিৰ মানচিত্ৰ তৈয়াৰ কৰি আজি আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। অহা মাৰ্চ মাহৰ ভিতৰতে আদৰণি সমিতি গঠন কৰা হ'ব বুলিও সংবাদমেলত প্ৰস্তুতি সমিতিয়ে অৱগত কৰে ।

নাৰায়ণপুৰ প্ৰেছ ক্লাৱৰ কাৰ্যালয় পৰাগ কুমাৰ দাস স্মৃতি ভৱনত অনুস্থিত সংবাদমেলখনত প্ৰস্তুতি সমিতিৰ সভাপতি যোগেন্দ্ৰনাথ শইকীয়া, সম্পাদক উপেন হাজৰিকা, মাধৱদেৱ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড° ঈশ্বৰ শৰ্মা ভৰালী,নাৰায়ণপুৰ শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি সত্যজিৎ দত্ত,নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ চন্দ্ৰ হাজৰিকা, লখিমপুৰ জিলা সাহিত্য সভাৰ মুখপাত্ৰ কুমুদ শইকীয়া, প্ৰস্তুতি সমিতিৰ সদস্য ক্ৰমে শোভন চন্দ্ৰ কাকতি, জিতু বৰুৱা, ঘন হাজৰিকা, প্ৰবীণ কুমাৰ শইকীয়া আৰু দ্ৰোণ কাকতি উপস্থিত থাকে।