ডিজিটেল ডেস্কঃ উমৰাংছুৰ কালামাটিত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। কালামাটিত এটা কয়লাখনি হঠাৎ পানীৰে ভৰি পৰে। ফলত কয়লাখনিৰ ভিতৰতে আবদ্ধ হৈ পৰে ২০ জনকৈ শ্ৰমিক।
জানিব পৰা মতে সেই সময়ত খনিত কৰ্মৰত হৈ আছিল শ্ৰমিক কেইজন। আজি পুৱাই সংঘটিত হোৱা এই ঘটনাক লৈ তৎপৰ হৈ পৰিছে প্ৰশাসন। উমৰাংছুৰ পৰা প্ৰায় ২৫ কিলোমিটাৰ আঁতৰত থকা এই কয়লখনিত শ্ৰমিক কেইজনক উদ্ধাৰৰ বাবে উদ্ধাৰ অভিযান আৰম্ভ হৈছে।
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত এক্সৰ জৰিয়তে উদ্ধাৰ কাৰ্যৰ সবিশেষ উল্লেখ কৰিছে। তেওঁ এক্স হেণ্ডেলত এই সন্দৰ্ভত এটা পোষ্টৰ জৰিয়তে কয় যে, উমৰাংছুৰ কয়লাখনিত কিমান শ্ৰমিক আবদ্ধ হৈ আছে আৰু তেওঁলোকৰ স্থিতি কি সেয়া এতিয়াও অজ্ঞাত। তেওঁ জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ লগতে মন্ত্ৰী কৌশিক ৰায়ো ঘটনাস্থলীলৈ যোৱাৰ কথা উল্লেখ কৰিছে।
Distressing news from Umrangshu, where laborers are trapped in a coal mine. The exact number and status are yet unknown. The DC, SP, and my colleague, Shri Kaushik Rai, are rushing to the site. Praying to God for everyone’s safety.
— Himanta Biswa Sarma (@himantabiswa) January 6, 2025
আন এটা পোষ্টত তেওঁ আকৌ এই সন্দৰ্ভত উল্লেখ কৰিছে আৱদ্ধ শ্ৰমিকসকলক উদ্ধাৰৰ বাবে সেনালৈ সহায়ৰ বাবে অনুৰোধ জনাইছে। তাৰোপৰি এছ ডি আৰ এফ, এন ডি আৰ এফেও উদ্ধাৰ কাৰ্যত সহায় কৰিবলৈ ঘটনাস্থলীলৈ গৈছে।
উল্লেখ্য যে, এই ঘটনা সংঘটিত হোৱা স্থান উমৰাংছু আৰক্ষী থানাৰ পৰা প্ৰায় ২৫ কিলোমিটাৰ আঁতৰত অসম-মেঘালয় সীমান্তত সংঘটিত হৈছে।
We have requested the Army’s assistance in the ongoing rescue operation. The State Disaster Response Force (SDRF) and the National Disaster Response Force (NDRF) are also on their way to the incident site to aid in the efforts. https://t.co/35ET3f80jr
— Himanta Biswa Sarma (@himantabiswa) January 6, 2025