২টা বছৰ গৰকিলে ‘প্ৰভাতী কিৰণে’

২টা বছৰ গৰকিলে ‘প্ৰভাতী কিৰণে’

author-image
asomiyapratidin
New Update
২টা বছৰ গৰকিলে ‘প্ৰভাতী কিৰণে’

ডিজিটেল ডেস্কঃ এজাক উচ্চ শিক্ষিত চফল ডেকা গাভৰু, যাৰ অন্তৰত আছে দুৰ্বাৰ হেপাহ সমাজৰ বাবে কিবা এটা কৰাৰ। পোন্ধৰজন সক্ৰিয় সদস্য-সদস্যা আৰু দহগৰাকী অতিথি সদস‍্যৰে গঠিত এটা এন জি অ' প্ৰভাতী কিৰণ, যি সমাজৰ প্ৰতিটো স্তৰৰ লগতেই জড়িত হৈ আছে। বিভিন্ন সময়ত বিভিন্ন সামাজিক কৰ্মৰ সৈতে জড়িত এই ল'ৰা ছোৱালীখিনিয়ে কেতিয়াবা হয়তো হাতত ঝাৰু লৈ জাবৰ চাফা কৰিছে, কেতিয়াবা আকৌ উঠি অহা কিশোৰ কিশোৰীক লৈ ড্ৰাগছৰ ভয়াৱহতাৰ ওপৰত সজাগতা সভা পাতিছে। এওঁলোকৰ সহযোগত আৰু চৰকাৰৰ উদ‍্যোগত ৰঙিয়াৰ দহৰা গাওঁখনক প্লাষ্টিক আৰু প্ৰদূষণ মুক্ত কৰি নিকা গাওঁ ৰূপে প্ৰতিষ্ঠিত কৰাৰ চেষ্টা অব্যাহত আছে।

Advertisment

ঐতিহাসিক আৰিমত্ত গড়াখহনীয়া ৰোধৰ বাবেও প্ৰভাতী কিৰণে বৃক্ষৰোপনৰ কাৰ্য্যসূচী লোৱাৰ লগতে কণ কণ ছাত্র ছাত্ৰীৰ মাজত সজাগতা বৃদ্ধিৰ বাবে চিত্ৰাংকনৰ আয়োজন কৰিছে। এনেদৰে বিভিন্ন সময়ত সমাজৰ হকে বিভিন্ন পদক্ষেপ লৈ প্ৰভাতী কিৰণে দুবছৰ সম্পূৰ্ণ কৰিলে। তৃতীয়টো প্ৰতিষ্ঠা দিৱসৰ দিনাখনো তেওঁলোক উপস্থিত হ'ল গৈ সমাজৰ এটি দুৰ্বল আৰু পিছপৰা অংশৰ মাজত। ৰঙিয়াৰ চেপ্তীত অৱস্থিত আৱাসিক বিশেষ প্ৰশিক্ষণ কেন্দ্ৰত থকা কৃত্ৰিমতা চিনি নোপোৱা এজাক দেৱশিশু, ইয়াৰ কিছুমান হয়তো অনাথ, কাৰোবাৰ হয়তো পৰিয়ালৰ সামৰ্থ্য নাই সন্তানক শিক্ষা দিয়াৰ। আধুনিক জীৱনৰ গতিশীলতাৰ মাজত হেৰাই যোৱা বহুতৰ চকুত নপৰা এই শিশু সকলৰ লগত দিনটো পাৰ কৰিলে প্ৰভাতী কিৰণে।

সংগ দিবলৈ আহিল কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত বিশ্ব বিদ্যালয়ৰ উপাচাৰ্য ড: দীপক কুমাৰ শৰ্মা, ৰঙিয়া ষ্টেট বেংকৰ মুখ্য প্ৰবন্ধক হেমেন শৰ্মা, বিশিষ্ট সমাজকৰ্মী আৰু উদীয়মান যুৱ ব‍্যৱসায়ী বিদ‍্যুৎ বিকাশ শৰ্মা। আটায়ে ছাত্রসকলৰ আগত সাৰুৱা ব‍্যক্তব্য ৰাখে। প্ৰভাতী কিৰণে ছাত্রসকলৰ বাবে বিভিন্ন উপহাৰ আৰু দুপৰীয়াৰ আহাৰৰ ব‍্যৱস্থা কৰিছিল। নিৰ্বাচনী অধ‍্যাদেশ জাৰি হৈ থকা বাবে ছাত্র সকলক গৰম কাপোৰ দিব পৰা নগল যদিও নিৰ্বাচন শেষ হোৱাৰ পিছতেই পুনৰ অনুষ্ঠানটোলৈ গৈ কাপোৰবোৰ বিতৰণ কৰা হব বুলি প্ৰভাতী কিৰণে জনায়।