/asomiyapratidin/media/media_files/2025/04/07/mbns03ESlCb2k5jhFOm6.jpg)
ডিজিটেল সংবাদ চানডুবিঃ দক্ষিণ কামৰূপৰ অসম-মেঘালয় সীমাৱৰ্তী ২নং ভেৰভেৰী এখন জনজাতি বসতি প্রধান গাঁও। ঐতিহাসিক চানডুবি বিলৰ পৰা প্ৰায় পাঁচ কিলোমিটাৰ দূৰৈত অৱস্থিত গাঁওখনৰ পৰিয়াল প্রায় ১১০টা।
পলাশবাৰী সমষ্টিৰ চুবুৰীয়া গাঁওখন প্রশাসনিকভাৱে ছয়গাঁও ৰাজহ চক্ৰ আৰু ছয়গাঁও সমষ্টিৰ অন্তৰ্গত। চৰকাৰৰ সমষ্টি পুনঃনিৰ্ধাৰণ নীতি অনুসৰি এইবাৰ গাঁওখন বকো সমষ্টিৰ অধীন হ'ব। গাঁওখনৰ যাতায়তৰ একমাত্র কেঁচা ৰাস্তাটো চানডুবি-ৰাজাপাৰা-ৰাণীখামাৰ পথত সংযোগ ঘটিছে।
উক্ত পথৰ পৰা গাঁওখনৰ শেষ প্ৰান্তলৈকে কেঁচা ৰাস্তাটোৰ দৈৰ্ঘ্য হ'ব প্রায় ১কিলোমিটাৰ। এইখিনি ৰাস্তাত কলহী নদীৰ দুটাকৈ মৰা সুঁতি আছে। কালভার্ট নোহোৱা সুঁতি দুটাত বাৰিষাকালত চলাচলৰ বাবে ৰাইজে বাঁহৰ সৰু সৰু দলং সাজি ল'বলগীয়া হয়।
বাঁহৰ দলঙেৰে মানুহ, মটৰ চাইকেল, চাইকেল চলাচল কৰিলেও চাৰিচকীয়া বাহনসমূহ মৰা সুঁতিটোৰ ওপৰেৰে চলাচল কৰে। গাঁওখনৰ ৰাইজে ১৯৮২ চনত এখন প্রাথমিক বিদ্যালয় স্থাপন কৰিছিল। আজি দুবছৰমান আগতে বিদ্যালয়খনত কৰ্মৰত শিক্ষক দুজনৰ পদ স্থায়ীকৰণ হৈছিল।
কিন্তু চৰকাৰে বিদ্যালয়খনক প্ৰাদেশীকৰণৰ পৰিৱৰ্তে ১ কিলোমিটাৰ দূৰৈৰ লাংখাৰ প্ৰাথমিক বিদ্যালয়ৰ লগত চামিলকৰণ কৰিছে। সেয়ে শিক্ষা বিভাগৰ নিৰ্দেশ ক্রমে শিক্ষক দুগৰাকী উক্ত বিদ্যালয়খনত যোগদান কৰিছিল।
ইয়াৰ ফলত শিক্ষক শূন্য হৈ পৰিছিল ৰাইজে অতি কষ্টৰে স্থাপন কৰা প্ৰাথমিক বিদ্যালয়খন। সেয়ে গাঁওখনৰ ছাত্ৰ,ছাত্ৰীসকলেও লাংখাৰ প্ৰাথমিক বিদ্যালয়ত নাম ভর্তি কৰিবলীয়া হৈছে। গাঁওখনৰ ল'ৰা-ছোৱালীসকলে প্রাথমিক শিক্ষা লাভৰ অন্তত ৭কিলোমিটাৰ দূৰৈৰ ৰাজাপাৰাত মজলীয়া শিক্ষা আৰু ১০ কিলোমিটাৰ দূৰত্বৰ মুদুকীত উচ্চ মাধ্যমিক শিক্ষা গ্রহণ কৰিবলগীয়া হয়।
চৰকাৰে গাঁওখনত এটা উপ-স্বাস্থ্য কেন্দ্র স্থাপন কৰিছে যদিও মাতৃ-শিশুৰ টীকা, বেজী দিয়াৰ বাদে অন্যান্য চিকিৎসাৰ ব্যৱস্থা নাই। উল্লেখযোগ্য যে, ভেৰভেৰী গাঁওখনৰ পশ্চিম প্রান্তেৰে কলহী নদীখন বৈ গৈছে। চুবুৰীয়া মেঘালয়ৰ পৰা বৈ অহা এই নদীখনৰ পূৱত ২নং ভেৰভেৰী গাঁওখন আৰু পশ্চিমত থিয় হৈ আছে সুউচ্চ সবাহী-ৰবাহী পাহাৰ।
নদীখনৰ সিপাৰে থকা পাহাৰখনৰ সৈতে ভেৰভেৰীবাসীৰ জীৱন-জীৱিকাৰ এক এৰাব নোৱাৰা সম্পর্ক আছে। নদীখনৰ ইপাৰ-সিপাৰ অহা-যোৱাৰ বাবে গাঁওবাসীৰ এটি স্থায়ী ঘাট আছে। এই ঘাটত ব্যৱহাৰৰ বাবে ৰাজহুৱাভাৱে কেইবাখনো হাত নাও সাজি লৈছে।
এই ঘাটটোত দৈনিক নাও চলাবৰ বাবে প্ৰতিটো পৰিয়ালৰ এজনে শ্রমদান কৰিব লাগে। পোহনীয়া গৰু, ম'হ, ছাগলীবোৰক পুৱাই নাওত তুলি এই ঘাটেৰে নদীটোৰ সিপাৰে এৰাল দি আহি গধূলি পুনৰ ঘৰলৈ লৈ আহে। গাঁওখনৰ প্ৰায়ভাগ মানুহে নাও চালনা, সাঁতোৰাত পাকৈত।
কোনোবাটো বছৰত ৰাইজে উক্ত ঘাটত গোটেই বছৰটোৰ বাবে ৩০-৩৫ মোন ধানৰ বিনিময়ত এজন নাৱৰীয়াকেই স্থায়ী দায়িত্বও দিয়ে। গাঁওখনৰ এজন ৪২ বছৰীয়া সুনীল ৰাভাই এই কথা কৈছিল। গাঁওখনত হাবি-জংঘল নাই কিন্তু নদীখনৰ সিপাৰৰ সবাহী-ৰবাহী পাহাৰ আৰু গাঁওখনৰ পূৱ দিশৰ কিছু দূৰৈৰ পলাশবাৰী সমষ্টিৰ মায়াং পাহাৰখন অৱস্থিত।
এই পাহাৰ দুখনৰ পৰা প্ৰায়ে নামি আহে বনৰীয়া হাতীৰ বৃহৎ জাক। বাৰিষাকালৰ নদীখনৰ পৰা ধলপানী পাৰ হৈ আহিও গাঁওখনৰ ধান, কল, কঁঠাল, কুঁহিয়াৰ আদি শস্য লণ্ড-ভও কৰে বুলি কৈছিল- ৬২ বর্ষীয়ান কৃষক হচেইন ৰাভাই। উল্লেখ্য যে, গাঁওখনৰ দুৰ্গেশ্বৰ ৰাভা (৭২) লগতে কেইবাগৰাকীও বর্ষীয়ান কৃষকে কৈছিল- ৰাজাপাৰা-ৰাণীখামাৰ সংযোগী পথৰ পৰা আমাৰ গাঁৱৰ শেষ প্ৰান্তলৈ ১কিলোমিটাৰ পথ পকীকৰণ আৰু কলহী নদীৰ মৰা সুঁতিত দুটা কালভার্টৰ বাবে চৰকাৰ তথা ছয়গাঁও সমষ্টিৰ বিধায়কগৰাকীৰ ওচৰত বহুবাৰ আবেদন-নিবেদন কৰিছিলো। কিন্তু আজিলৈ কোনো এগৰাকী বিধায়কে আমাক গুৰুত্ব নিদিলে।
উল্লেখনীয় যে আমাৰ দেশখনে স্বাধীনতা লাভৰ ৭৮টা বৰ্ষত ভৰি দিছে। ইতিমধ্যে স্বাধীনতাৰ ৭৬বছৰীয়া অমৃত মহোৎসৱ সমগ্র দেশে ধুম-ধামেৰে পালন কৰি উঠিছে। কিন্তু ২নং ভেৰভেৰী গাঁওবাসীৰ প্ৰয়োজনীয় দুটা কালভার্ট আৰু ১কিলোমিটাৰ পকীপথ আজিলৈকে লাভ কৰিবলৈ সক্ষম নহ'ল।
সময়ৰ গতিত চৰকাৰ, মন্ত্রী, বিধায়ক সকলো সলনি হৈ গৈ থাকিল। নিৰ্বাচনৰ সময়ত গাঁওখনত বহু সংখ্যক নেতা-পালিনেতাৰ প্রৱেশ ঘটে। কিন্তু নিৰ্বাচনৰ পিছত সেইবোৰ নেতা-পালিনেতাৰ ছাঁ টোকে দেখিবলৈ পোৱা নাযায়।
যিখন গাঁৱে স্বাধীনতাৰ ৭৮ বছৰতো ১কিলোমিটাৰ পকীপথ আৰু দুটা সাধাৰণ কালভার্ট লাভ কৰিবলৈ সক্ষম নহ'ল, সেইখন গাঁৱৰ বাবে 'সব কা সাথ, সব কা বিকাশ' শীর্ষক কেন্দ্রীয় চৰকাৰৰ উন্নয়নমূলক শ্লোক ফাঁকি অসাৰ বুলি প্ৰতিপন্ন হোৱা নাই নে?