Advertisment

ভিষ্টাডম ৰে’লে উপকৃত কৰিছে পৰ্যটন ক্ষেত্ৰঃ শীঘ্ৰেই কামাখ্যালৈ চলিব ৰ’পৱে…

ভিষ্টাডম ৰে’লে উপকৃত কৰিছে পৰ্যটন ক্ষেত্ৰঃ শীঘ্ৰেই কামাখ্যালৈ চলিব ৰ’পৱে…

author-image
asomiyapratidin
New Update
ভিষ্টাডম ৰে’লে উপকৃত কৰিছে পৰ্যটন ক্ষেত্ৰঃ শীঘ্ৰেই কামাখ্যালৈ চলিব ৰ’পৱে…

ডিজিটেল ডেস্কঃ উত্তৰ পূৱ সীান্ত ৰে'লৱেত নতুন সংযোজন ভিষ্টাডম ৰে'লসেৱা। ইতিমধ্যে হাফলঙলৈ চলি থকা ভিষ্টাডম ৰে'ল সেৱাই আকৰ্ষণ কৰিছে পৰ্যটকক। সেয়েহে পুনৰ আন ২ খন ভিষ্টাডম ৰে'ল মুকলি কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। দেওবাৰে পুৱা পল্টনবজাৰ ৰে'লেৱ ষ্টেচনত কেন্দ্ৰীয় ৰে'ল ৰাজ্যমন্ত্ৰী  দৰ্শনা জাৰ্দোচাৰ উপস্থিতিত মুখ্যমন্ত্ৰী শৰ্মাই মুকলি কৰিলে এই ২ খন নতুন ভিষ্টাডম ৰে'ল। এই নতুন দই ভিষ্টাডম ৰে'ল গুৱাহাটীৰ পৰা নাহৰলগুন আৰু নাহৰলগুনৰ পৰা তিনিচুকীয়ালৈ চলিব।

Advertisment

ভিষ্টাডম সেৱা মুকলিৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, এই সেৱাই অসমৰ লগতে উত্তৰ পূৱৰ পৰ্যটন ক্ষেত্ৰত যথেষ্ট প্ৰভাৱ পেলাব। পৰ্যটন ক্ষেত্ৰ উপকৃত হ'ব। ইতিপূৰ্বে হাফলঙলৈ যোৱা ভিষ্টাডম সেৱাই পৰ্যটকক আকৰ্ষিত কৰিছে। হাফলংত এতিয়া হোটেলৰ ৰুম পাবলৈ নাই। সকলো বুক।অসমত দ্বৈত ৰেল সেৱাৰ কাম বহুদূৰ আগুৱাই গৈছে।

আনহাতে অসমত কিষাণ ৰে'ল সেৱা আৰম্ভ কৰিব বুলিও উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, আমি অসমত কেন্দ্ৰীয় চৰকাৰৰ সহযোগত কিষাণ ৰেল সেৱা আৰম্ভ কৰিম। যাতে অসমৰ কৃষক সকলৰ উৎপাদিত কৃষিজাত সামগ্ৰী দেশৰ আন প্ৰান্তৰ মুখ্য বজাৰ সমূহলৈ লৈ যাব পাৰে।

শনিবাৰে নিশা জি এম চি এইছ ভ্ৰমণ কৰি এম এম চি এইছ আগন্তুক ১ জানুৱাৰীৰ পৰা বন্ধ হ'ব বুলি ঘোষণা কৰিছিল মুখমমন্ত্ৰী ড০ শৰ্মাই। সেই প্ৰসংগত তেওঁ পুনৰ কয় যে, এম এম চি এইছৰ নিৰ্মাণৰ কাম ১ জানুৱাৰী পৰা আৰম্ভ হ'ব। চিকিৎসালয়খনৰ কৰ্মচাৰীয়ে চিন্তা কৰিব নালাগে। সকলোকে ধীৰেনপাৰা, পাণ্ডু আৰু জি এম চি এইছ আদিত নিয়োগ কৰা হ'ব। তেওঁলোক আমাৰে কৰ্মচাৰী।

আনহাতে দৰ্শনাৰ্থীৰ সুবিধাৰ বাবে শীঘ্ৰেই কামাখ্যা ষ্টেচনৰ পৰা কামাখ্যা মন্দিৰলৈ ৰ'পৱে সেৱা মুকলি কৰা হ'ব বুলিও ঘোষণা কৰে মুখ্যমন্ত্ৰী ড০ শৰ্মাই। তেওঁ কয়, কামাখ্যা ষ্টেচনৰ পৰা নিলাচল পাহাৰৰ কামাখ্যা ধামলৈ ৰ'পৱেৰ কাম চলি আছে। কিন্তু কামাখ্যা ষ্টেচনত থকা লেণ্ডিং পইণ্টত কিছু সময় লাগিব। কাৰণ তাত ষ্টেচনৰ পুনৰ নিৰ্মাণৰ কাম চলি আছে। লগতে তেওঁ কয়, ভৰলুৰ পৰাও হ'ব ৰ'পৱে। দলং নিৰ্মাণৰ কাম শেষ হলেই আৰম্ভ হ'ব এই ৰ'পৱেৰ কাম।


— Himanta Biswa Sarma (@himantabiswa) December 19, 2021