ডিজিটেল ডেস্কঃ বিশ্বাস কৰিবলৈ টান। কিন্তু এইয়াই সঁচা। কাৰণ ছবিয়ে মিছা কথা নকয়। আৰক্ষীয়ে মধ্যপ্ৰদেশৰ ইণ্ডোৰত এখন ট্ৰাক ৰাখিলে। লকডাউনৰ সময়ত মিক্সাৰ টেংকযুক্ত ট্ৰাকখন ৰাখি চিন্তাত পৰিল আৰক্ষী। ট্ৰাকখনত আছিল চালকৰ সৈতে দুজন লোক। কিন্তু ট্ৰাকখন ৰখোৱাৰ পিছতে আৰক্ষীয়ে যি দৃশ্য দেখিলে অবাক হোৱাৰ বাহিৰে কোনো উপায় নাই।
আচলতে মিক্সাৰ টেংকটোৰ ভিতৰত সোমাই মহাৰাষ্ট্ৰৰ পৰা লক্ষ্ণৌলৈ গৈ আছিল ১৮ জন লোক। মধ্যপ্ৰদেশৰ ইণ্ডোৰত আৰক্ষীয়ে মিক্সাৰ টেংকযুক্ত ট্ৰাকখন ৰখোৱাৰ পিছতহে সেই কথা পোহৰলৈ আহে। তাৰ পিছতে আৰক্ষীয়ে গন্টি কৰি মুঠ ১৮ জন লোক থকা বুলি সদৰি কৰিছে।
লোককেইজনসহ আৰক্ষীয়ে ট্ৰাকখন জব্দ কৰি এটা গোচৰ ৰুজু কৰিছে। ট্ৰাকখনত যোৱা লোকসকলে মহাৰাষ্ট্ৰত শ্ৰমিক হিচাপে কাম কৰি থকা বুলি জানিব পৰা গৈছে। ইফালে ইতিমধ্যে লোককেইজনৰ স্বাস্থ্য পৰীক্ষা আৰক্ষীয়ে কৰিছে বুলি জানিব পৰা গৈছে। এই ঘটনাই আৰক্ষীৰ চকু কঁপালত তুলিছে। চাওঁক সেই ভিডিঅ'