বিশ্বনাথৰ পৰা গ্ৰেপ্তাৰ ১৭ জনকৈ বাংলাদেশী নাগৰিক, টুৰিষ্ট ভিচালৈ ধৰ্ম প্ৰচাৰ কৰিছিল দলটোয়ে

বিশ্বনাথ জিলাৰ বাঘমাৰীৰ ব্ৰহ্মপুত্ৰ চাপৰিৰ পৰা ১৭ জনকৈ বাংলাদেশী লোকক গ্ৰেপ্তাৰ কৰা ঘটনাই ইতিমধ্যে ৰাজ্য জুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷
Bangladeshi nationals
Bangladeshi nationals

ডিজিটেল সংবাদ,বিশ্বনাথ: বিশ্বনাথ জিলাৰ বাঘমাৰীৰ ব্ৰহ্মপুত্ৰ চাপৰিৰ পৰা ১৭ জনকৈ বাংলাদেশী লোকক গ্ৰেপ্তাৰ কৰা ঘটনাই ইতিমধ্যে ৰাজ্য জুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ বিশ্বনাথ জিলাৰ জিনজিয়া আৰক্ষীৰ সহযোগত শনিবাৰে বিশ্বনাথ জিলা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা এই বাংলাদেশী লোক সকলৰ ১১ জনক ইতিমধ্যে জেল হাজোতলৈ প্ৰেৰণ কৰা হৈছে।

ইয়াৰ বিপৰীতে আন ৬ জনক বিশ্বনাথ চাৰিআলি আৰক্ষী থানাত মাৰাথান জেৰা অব্যাহত ৰাখিছে। ইফালে দলটোক আশ্ৰয় দিয়াৰ অপৰাধত বাঘমাৰীৰ জেহিৰুল হক আৰু চামচুল আলীকো আটক কৰি আৰক্ষীয়ে সোধাপোচা অব্যাহত ৰাখিছে।

জানিব পৰা মতে ভাৰতৰ দিল্লী, আজমেৰ চৰিফ আদি ধৰ্মীয়স্থান পৰিভ্ৰমণ কৰিবলৈ টুৰিষ্ট ভিছালৈ বাংলাদেশৰ পৰা অহা দলটোৱ অবৈধ ভাৱে বিশ্বনাথৰ বাঘমাৰীৰ এক দুৰ্গম অঞ্চল ব্ৰহ্মপুত্ৰ চাপৰিত ধৰ্মপ্ৰচাৰ কৰি আছিল।

বিশ্বনাথ জিলা আৰক্ষী অধীক্ষক নবীন সিঙে জানিবলৈ দিয়া মতে উক্ত দলটোয়ে যোৱা ১৩ চেপ্টেম্বৰত কোচবিহাৰৰ পৰা বাছ যোগে বিশ্বনাথৰ বাঘমাৰিত উপস্থিত হৈছিল।এই দলটোৰ ভিতৰত ছৈয়দ আশ্ৰাফুল আলম নামৰ লোক জন ধৰ্মীয় গুৰু। বাকী ১৬ জন বাংলাদেশী নাগৰিক ধৰ্মীয় গুৰুজনৰ শিষ্য বুলি জানিব পৰা গৈছে।

সেই লোক কেইজন হৈছে মাচুদ ৰানা, সবোজ চৰকাৰ, মঃ চুলতান মামুদ, মঃ গোলাম আজম শ্বেখ, আজিবুৰ শ্বেখ, সুহাগ চৌধুৰী, মহম্মদ আনোৱাৰ হুছেইন, মানান, মঃ আব্দুল হাকিম, মঃ মকবুল হুছেইন, মঃ চাহ আলম চৰকাৰ, আলম তালুকদাৰ জাহাংগীৰ, মঃ বাদশ্বাহ চৰকাৰ, মঃ ফাৰুক মিকাৰ, মঃ হাফিজুৰ ৰহমান আৰু মঃ গোলাম ৰাবানী।

উল্লেখ্য যে ধৰ্মীয় গুৰু জনে নিজৰ শিষ্য সকলক লগত লৈ বিশ্বনাথৰ বাঘমাৰীৰ অতি দুৰ্গম অঞ্চল ব্ৰহ্মপুত্ৰ চাপৰিত নিজৰ ধৰ্ম প্ৰচাৰ চলাই। তদুপৰি বাঘমাৰীৰ উক্ত অঞ্চলত প্ৰায় ৫০০ মান লোকক নিজৰ শিষ্য হিচাপে গ্ৰহণ কৰিছিল ধৰ্মীয় গুৰু জনে।

বিশ্বনাথ জিলা আৰক্ষীয়ে গোপন সূত্ৰে জানিব পাৰি ধৰ্মীয় গুৰুজন সহ বাকী ১৬ জন বাংলাদেশীকে এজন লোকৰ ঘৰৰ পৰা আটক কৰি আনে বাঘমাৰিৰ পৰা। ইপিনে কালি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ধৰ্মগুৰুজনে যোৱা ২৯ আগষ্ট দক্ষিণ শালমাৰাতো এইদৰে ধৰ্মীয় প্ৰচাৰ কৰাৰ কথা আৰক্ষীয়ে জানিব পাৰি ফকিৰগঞ্জ আৰক্ষীয়ে ধৰ্মীয় গুৰুজনক দক্ষিণ শালমৰাৰ পৰা উভতি যাবলৈ নিৰ্দেশ প্ৰদান কৰিছিল।সেই নিৰ্দেশ মৰ্মে বাংলাদেশৰ দলটো দিল্লীৰ আজমেৰ চৰিফলৈ গৈ পুনৰ কোচ বিহাৰৰ পৰা বিশ্বনাথৰ বাঘমাৰিলৈ আহে।

এই ঘটনাই উক্ত দলটো নিশ্চিত ভাবে সন্দেহৰ আওতালৈ আহিছে। ইফালে বিশ্বনাথৰ বাঘমাৰি অঞ্চল হৈছে সংখ্যালঘু জনবসতি অঞ্চল।পূৰ্বেতেও আৰক্ষীয়ে বিশ্বনাথৰ বাঘমাৰি অঞ্চলৰ পৰা বহু ধৰণৰ অপৰাধী তথা চোৰাং চিকাৰীকে ধৰি অপৰাধ জগতৰ লগত জড়িত লোকক গ্ৰেপ্তাৰ কৰি আহিছে।তেনে এক স্পৰ্ষকাতৰ অঞ্চলত বাংলাদেশৰ পৰা আহি দলটোয়ে বাহৰ পাতি থকা ঘটনাই যথেষ্ট তাৎপৰ্য্য বহন কৰিছে।

ইফালে বিশ্বনাথ জিলা আৰক্ষীয়ে বাংলাদেশৰ দলটোৰ বিৰুদ্ধে নিজাববীয়া গোচৰ ৰুজু কৰিছে। ইফালে দেওবাৰে দলটোৰ ১১ জন সদস্যক জেল হাজোতলৈ প্ৰেৰণ কৰাৰ বিপৰীতে ধৰ্মীয় গুৰু সহ ৬ জনকৈ বাংলাদেশী নাগৰিকক দুদিনৰ বাবে আৰক্ষীৰ জিম্মাত ৰাখিছে।

জিম্মাত লোৱা বাংলাদেশী কেইজন হৈছে চয়দ আশ্ৰাফুল আলম, আনোৱাৰ হুছেইন, সুহাগ চৌধুৰী, আজিবুৰ শ্বেখ আৰু মাছুদ ৰাণা। তদুপৰি কালি আটক কৰা তথা দলটোৰ আশ্ৰয় দাতা বাঘমাৰীৰ চামচুল আলী আৰু জেহিৰুল হককো আজি আৰক্ষীয়ে দুদিনৰ বাবে জিম্মাত লয়। ইফালে আজি বিশ্বনাথ আৰক্ষী থানাত অসম আৰক্ষীৰ বিশেষ শাখাৰ উচ্চ বিষয়াই জিন্মাত লোৱা আটাইকেইজনকে অধিক তথ্যৰ বাবে মাৰাথান জেৰা চলাই আছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in