ধনশিৰিৰ শিবিৰৰ পৰা ১৬ DNLA সদস্যৰ পলায়নৰ খবৰক লৈ আৰক্ষীত হাহাকাৰঃ প্ৰকৃততে হৈছিল কি…

ধনশিৰিৰ শিবিৰৰ পৰা ১৬ DNLA সদস্যৰ পলায়নৰ খবৰক লৈ আৰক্ষীত হাহাকাৰঃ প্ৰকৃততে হৈছিল কি…

author-image
asomiyapratidin
New Update
ধনশিৰিৰ শিবিৰৰ পৰা ১৬ DNLA সদস্যৰ পলায়নৰ খবৰক লৈ আৰক্ষীত হাহাকাৰঃ প্ৰকৃততে হৈছিল কি…

ডিজিটেল ডেস্কঃ কাৰ্বি আংলঙৰ ধনশিৰি আত্মসমৰ্পনকাৰী উগ্ৰপন্থী সংগঠনৰ সদস্যৰ ডেজিগনেটেড শিবিৰৰ পৰা ১৬ জন ডি এন এল এৰ সদস্যই পলায়ন কৰাৰ খবৰ সম্পূৰ্ণ শুদ্ধ নহয় বুলি প্ৰকাশ কৰিছে আৰক্ষী সূত্ৰই। ২০২১ চনত আত্মসমৰ্পন কৰাৰ পিছত ডিমাচা নেশ্যনেল লিবাৰেশ্যন আৰ্মীৰ সদস্যসকল যোৱা এবছৰৰো অধিক কাল উক্ত শিবিৰত থকাৰ পিছত একেসময়তে ডিমা হাচাওত থকা নিজা ঘৰলৈ যোৱাৰ বাবেই তেওঁলোকে পলায়ন কৰা বুলি প্ৰথমে প্ৰচাৰ হৈছিল বুলি সূত্ৰটোৱে অৱগত কৰে।

Advertisment

আৰক্ষীৰ খবৰ মতে বৰ্তমান তেওঁলোক নিজা নিজা ঘৰত আছে আৰু শিবিৰটোত পৰ্যাপ্ত খাদ্য়-পাতিৰ সুবিধা নথকাৰ বাবেই গৰলৈ গুছি অহা বুলি মন্তব্য কৰিছে। ইফালে কাৰ্বি আংলঙৰ স্থানীয় একাংশ লোকৰ মতে সোমবাৰে পুৱাই এই সদস্যসকল শিবিৰটোৰ পৰা পলায়ন কৰাৰ খবৰ বিয়পি পৰাত আৰক্ষীয়েও তেওঁলোকক বিচাৰি অভিযান আৰম্ভ কৰে। পৰৱৰ্তী সময়তহে ডিমা হাচাওৰ আৰক্ষীয়ে তেওঁলোকক নিজা নিজা ঘৰত বিচাৰি পোৱাৰ খবৰ নিশ্চিত কৰে। অসম আৰক্ষীৰ বিশেষ শাখাৰ শীৰ্ষ পদাধিকাৰীয়ে।