ডিজিটেল ডেস্কঃ সমাগত স্বাধীনতা দিৱস। ১৫ আগষ্টত সমগ্ৰ দেশবাসীয়ে উদযাপন কৰিব ৭৫ সংখ্যক স্বাধীনতা দিৱস। এই বিশেষ দিনটোত ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ শ্বহীদসকলক স্মৰণ কৰাৰ বাবে আহ্বান জনাইছে ১৯৪২ ৰ শ্বহীদ পৰিয়াল কল্যাণ সমিতিঃ অসমে। অসম বিধানসভাৰ প্ৰতিজন সদস্য, লোকসভাৰ সদস্য, চৰকাৰী কাৰ্যালয়ৰ মূৰব্বী, উপায়ুক্ত, দল-সংগঠন, বিদ্যালয়, মহাবিদ্যাল, বিশ্ববিদ্যালয়কে ধৰি সকলোকে ১৫ আগষ্টৰ দিনটোত শ্বহীদক শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে শ্বহীদসকলৰ স্মৃতি চাৰণ সভা হিপাচে পালন কৰিবলৈ সমিতিয়ে আহ্বান জনাইছে।
ভাৰত ত্যাগ আন্দোলনত অংশগ্ৰহণ কৰি শ্বহীদ হোৱা অসমৰ মুঠ ২৯ গৰাকী শ্বহীদৰ নাম আৰু স্থান উল্লেখ কৰি সমিতিয়ে কৈছে যে এইসকল শ্বহীদৰ নামৰে চৰকাৰী কাৰ্যালয়ৰ কক্ষসমূহ, বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয়, বিধানসভাৰ কক্ষসমূহত নাম ফলক দি অসমৰ মানুহৰ মাজত এই সকলক পৰিচয় কৰোৱাৰ লগতে শ্ৰদ্ধা জনোৱাৰ সুযোগ প্ৰদান কৰিব লাগে।
ইয়াৰোপৰি সমিতিয়ে ভাৰত ত্যাগ আন্দোলনত শ্বহীদ হোৱা অসমৰ ঐতিহাসিক ঘটনাৰাজী ৰাষ্ট্ৰীয় স্বীকৃতি পাবৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰু এই শ্বহীদসকলৰ পৰিয়ালক সন্মানজনক মৰ্যাদা সহকাৰে জীয়াই থকাৰ বাবে কৰ্ম সংস্থাপন আৰু আৰ্থিক সাহাৰ্য প্ৰদান কৰিবলৈ দাবী আহ্বান জনাইছে।