Published on :
Updated on :
- তামিলনাডুত একপ্ৰকাৰ পণবন্দী হৈ থকা ১৩ জন যুৱক গৃহমুখী হ'ব আজি।
- স্থানীয় প্ৰশাসন আৰু আৰক্ষীৰ সহযোগত ঘৰলৈ উভতিব মঙলবাৰৰ নিশাৰ ৰে'লত।
- অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণৰ খবৰৰ পাছতেই বিশেষ তৎপৰতা অসম আৰক্ষীৰ।
- তামিলনাডুৰ গংগা নগৰৰ এটা ভাড়াঘৰত আবদ্ধ হৈ আছিল যুৱক ১৩ গৰাকী।
- এই সন্দৰ্ভত সবিস্তাৰে খবৰ প্ৰকাশ পাইছিল অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণত সোমবাৰে নিশা।
- এটা কোম্পানীত কাম কৰাবলৈ যুৱক কেইজনক নিছিল অসমৰ ঠিকাদাৰে।
- আলম, বিহু চৌধুৰী, ৰুবুল আলী নামৰ শিলচৰৰ ব্যক্তি কেইজনে যুৱক কেইজনক নিছিল তামিলনাডুলৈ।
- কামৰ বিনিময়ত পইচা দিয়া নাছিল দুমাহ ধৰি।
- ঘৰলৈ উভতিব খোজা যুৱক কেইজনক ওলোটাই বিচাৰিছিল ধন।
- প্ৰতিজন যুৱকৰ পৰা বিচাৰিছিল ২ লাখকৈ টকা।
- এই অভিযোগ তামিলনাডুত এটা ঘৰত আবদ্ধ হৈ থকা যুৱক ১৩ গৰাকীৰ পৰিয়ালৰ।
- যুৱক কেইজনক ৰুমৰ ভিতৰত আবদ্ধ কৰি প্ৰাণে মৰাৰ ভাবুকি দিছিল সেই ঠিকাদাৰ কেইজনে।
- কেইবাজনো যুৱকক শাৰিৰীকভাৱে প্ৰহাৰো কৰিছিল।
- তামিলনাডুৰ স্থানীয় আৰক্ষীয়ে সেই দুষ্ট চক্ৰটোৰ পৰা যুৱক কেইজনক উদ্ধাৰ কৰাৰ পাছত এটা ভাড়াঘৰত আশ্ৰয় লৈ আছিল যুৱককেইজনে।
- তামিলনাডু এৰিলে তেওঁলোকক হত্যাৰ ভাবুকি দিছিল ঠিকাদাৰ কেইজনে।
- অসম আৰক্ষী আৰু মুখ্যমন্ত্ৰীৰ সহায় বিচাৰি ভিডিঅ' প্ৰেৰণ কৰিছিল পৰিয়াললৈ যুৱক কেইজনে।
- তাত আবদ্ধ হৈ এজন যুৱকৰ সৈতে প্ৰত্যক্ষ যোগাযোগ ৰাখিছিল অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণে।
- আবদ্ধ কৰি থোৱা যুৱককেইজনৰ ১০ জন আছিল চৰাইদেউ আৰু ডিব্ৰুগড় জিলাৰ।
- ৩ জন আছিল পশ্চিমবংগৰ যুৱক।
- অনুৰুদ্ধ পানকাৰ, বিকাশ পানকাৰ, ইন্দ্ৰজিত পানকাৰ, লৱ শৰীয়া, কৈলাশ পানকাৰ, কৰ্ণ মাজুৱা, সুভাষ লিম্বু, তোপেন পানকাৰকে ধৰি আটাইকেইজন যুৱক বৰ্তমান সুৰক্ষিত।
- বৰ্তমান তেওঁলোক আহি উপস্থিত হৈছিল বাংগালুৰুৰ য়ছৱন্তপুৰ ৰে'লৱে ষ্টেছনত।
- এটা সেনাৰ দৰে সহায় কৰিছে যুৱককেইজনক।
- স্থানীয় এগৰাকী আৰক্ষী বিষয়াইও যুৱক কেইজনক ঘৰলৈ অহাৰ সকলো ব্যৱস্থা কৰাত সহায় কৰিছে।
- মঙলবাৰে নিশা ৰে'লেৰে এই দলটো উভতিব অসমলৈ।
- যুৱক কেইজনক নিৰ্যাতন চলোৱা শিলচৰৰ আলম, বিণু চৌধুৰী, ৰুবুল আলী বৰ্তমান পলাতক।
Asomiya Pratidin
www.asomiyapratidin.in