/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/122bad19-278c-44fe-b26c-44dee1d16201/YOGA_21.jpg)
নগাওঁ, ৰঙিয়া, বজালী, ওদালগুৰিকে ধৰি ভিন্ন প্ৰান্তত যোগ দিৱসঃ ভৱেশ কলিতা, ইউ জি ব্ৰহ্ম, ৰণজিৎ দাস আদিৰ অংশগ্ৰহণ
ডিজিটেল ডেস্কঃ আজি দেশজুৰি পালন কৰা হয় দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। সমগ্ৰ দেশৰ লগতে অসমতো সৰ্বাত্মক ভাৱে এই যোগ দিৱসৰ কাৰ্যসূচী ৰূপায়ন কৰা হয়। মুখ্য়মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই তেজপুৰত এই দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ বিপৰীতে অন্যান্য প্ৰান্তত ৰাজ্য চৰকাৰৰ আন আন মন্ত্ৰী তথা বিধায়কসকলে এই দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। পুৱাৰে পৰা যোগ দিৱসৰ এনে কাৰ্যসূচীৰ বহু বাতৰি ইতিমধ্যে অসমীয়া প্ৰতিদিন ডিজিটেলত প্ৰকাশ পাইছে। প্ৰকাশিত বাতৰি সমূহৰ উপৰিও আন বহু অঞ্চলত অনুষ্ঠিত হয় যোগ দিৱসৰ কাৰ্যসূচী।
নগাঁও জিলাত দশম আন্তৰ্জাতিক যোগ দিৱস উদযাপন
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/4239963f-aa93-4307-8799-e3188821417e/c5a49f9d-038e-4694-8c9e-d4190c5779e1.jpg)
নগাঁও জিলা প্ৰশাসনৰ সহযোগত আৰু ৰাষ্ট্ৰীয় আয়ুষ মিছনৰ উদ্যোগত আন্তৰ্জাতিক যোগ দিৱসৰ কাৰ্যসূচী নগাঁও পুলিচ ৰিজাৰ্ভ সামূহিক ভৱনত অনুষ্ঠিত হয়। জাতীয় সংগীতেৰে আৰম্ভ কৰা উক্ত অনুষ্ঠানটিত বন্তি প্ৰজ্জ্বলনেৰে শুভাৰম্ভনি কৰে জিলা আয়ুক্ত শ্ৰীনৰেন্দ্ৰ কুমাৰ শ্বাহে।
আয়ুক্তই আদৰণি ভাষণ প্ৰদান কৰি কয় যে, আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ উদ্দেশ্য হৈছে বিশ্বৰ সমগ্ৰ মানৱ জাতিৰ শৰীৰ আৰু মনৰ উৎকৰ্ষ সাধন। সুস্বাস্থ্য থাকিলেহে মন সুস্থ হৈ থাকিব আৰু মন সুস্থ হৈ থাকিলেহে সমাজখন সুস্থ হৈ থাকিব বুলি তেখেতে কয়। আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থকা নগাঁও বিধানসভা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা।
শৰ্মাই ভাষণত কয়- শাৰীৰিক ব্যায়াম, যোগাসন বা যোগভ্যাসৰ জৰিয়তে আমি শাৰীৰিক আৰু মানসিক ভাৱে সুস্থ হৈ থাকিব পাৰো। ইয়াৰ জৰিয়তে সুদীৰ্ঘ কাল মন মগজু সজীৱ কৰি ৰাখি শান্তিৰে উশাহ লৈ থাকিব পাৰো। উশাহ লৈ থকা মানেই জীৱন। যোগ অভ্যাসক দৈনন্দিন জীৱনৰ অংগ হিচাপে লবলৈ তেখেতে নৱ প্ৰজন্মক আহ্বান জনায়।
ইয়াৰ পিছতে উপস্থিত সকলোকে যোগাভ্যাস কৰায় নগাঁও ,নিৰ্বাণ যোগ কেন্দ্ৰৰ যোগৰ প্ৰশিক্ষক প্ৰভাত বৰা আৰু তেখেতৰ কেন্দ্ৰৰ যোগৰ প্ৰশিক্ষাৰ্থীসকলে। এই অনুষ্ঠানতে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ উপলক্ষে যোৱা ১৫ জুনত আয়োজিত হোৱা যোগাসন প্ৰতিযোগিতাত স্থান প্ৰাপ্ত প্ৰতিযোগীসকলক পুৰষ্কাৰ প্ৰদান কৰা হয়।
অনুষ্ঠানত নগাঁও লোকসভা সমষ্টিৰ সাংসদৰ প্ৰতিনিধি ড০ ৰাজীৱ শইকীয়া, জিলা উন্নয়ন আয়ুক্ত গুনজিৎ কাশ্যপ, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অনন্ত কুমাৰ গগৈ, জিলা আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা, অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰণৱ কুমাৰ কলিতা, জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ ফণী পাঠক, জিলা স্বাস্থ্য সমিতি(আয়ুষ)ৰ নডেল বিষয়া ডাঃ ধীৰেন কুমাৰ নাথ, চি আৰ পি এফৰ কামাণ্ডেণ্ট, জিলাৰ সহকাৰী আয়ুক্তসকল, জিলাৰ মুৰব্বী বিষয়াসকল,বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰী,আৰক্ষী বিভাগৰ বিষয়া কৰ্মচাৰী,বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰা অহা বিষয়ববীয়া, জিলা আয়ুষৰ আঁচনি প্ৰবন্ধক, প্ৰমুখ্যে বহুসংখ্যক বিশিষ্ট ব্যক্তি বিভিন্ন উপস্থিত থাকে।
বিজেপি, ক্ৰীড়া ভাৰতী, ৰঙিয়া মহাবিদ্যালয়কে ধৰি ৰঙিয়াৰ ভিন্ন স্থানত যোদ দিৱসৰ কাৰ্যসূচী
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/afa5ea7d-b014-483a-a65f-7be2df671ce5/f466c6aa-6d9d-4a3f-8c17-7f0a6f44866c.jpg)
ৰঙিয়াতো আজি দশম আন্তৰ্জাতিক যোগ দিৱস পালন কৰা হয়। ৰঙিয়াৰ অন্যান্য প্ৰান্তৰ লগতে ৰঙিয়া মহাবিদ্যালয়ত মহাবিদ্যালয়খনৰে সহকাৰী অধ্যাপিকা হিমাজ্যোতি তালুকদাৰৰ তত্বাৱধানত অনুষ্ঠিত কৰা হয় যোগ দিৱসৰ কাৰ্যসূচী। এই কাৰ্যসূচীত মহিবিদ্যালয়খনৰ অধ্যাপক, অধ্যাপিকাসকলৰ উপৰিও কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰী আৰু এন চি চি কেডেটসকলে অংশগ্ৰহণ কৰে।
যোগ দিৱসত যোগ প্ৰশিক্ষক তথা অধ্যাপিকাগৰাকীয়ে জীৱনত মানসিক আৰু শাৰীৰিক উৎকৰ্ষ সাধনৰ অৰ্থে প্ৰতিদিনে যোগাসন কৰিবলৈ আহ্বান জনায়। ইফালে মহকুমা প্ৰশাসনৰ উদ্যোগতো ৰে'লৱে ইণ্ডোৰ ষ্টেডিয়ামত যোগ দিৱস পালন হয়। এই যোগ দিৱসত উপস্থিত থাকে মহকুমাধিপতি দেৱাশীষ গোস্বামীকে ধৰি কেইবাগৰাকীও ব্যক্তি তথা যোগভ্যাসকাৰী।
তদুপৰি উত্তৰ কামৰূপ জিলা বিজেপিৰ তৰফৰ পৰা দীপ্তেশ্বৰী হৰিমন্দিৰ প্ৰাংগনত যোগ দিৱস উদযাপনৰ লগতে ক্ৰীড়া ভাৰতীৰ উদ্যোগতো অনুৰূপ কাৰ্যসূচী অনুষ্ঠিত হয়। উত্তৰ কামৰূপ জিলা বিজেপিৰ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই।
এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি ভৱেশ কলিতাই''স্বাস্থ্যৱান ভাৰত-শ্ৰেষ্ঠ ভাৰত'' শিৰোনামেৰে সামাজিক মাধ্যমত প্ৰধানমন্ত্ৰী মোডীৰ বাণীৰে লিখিছে- "যোগ কেৱল শৰীৰৰ বাবেই নহয়, যোগ লাগে মন আৰু আত্মাৰ বাবে। যোগ সাধনাৰ ফলত মন সুস্থ হয়। যাৰ বাবে ঋণাত্মক চিন্তাই মগজুত ক্ৰিয়া কৰিব নোৱাৰে।"
ইয়াৰোপৰি তেওঁ লিখিছে- আজি ভাৰতীয় জনতা পাৰ্টি,ৰঙিয়া নগৰ,বৰলীয়া ব্লক আৰু পূৱপাৰ মণ্ডলৰ যৌথ উদ্যোগত ৰঙিয়া দীপ্তেশ্বৰী আঞ্চলিক ৰাস হৰি মন্দিৰ প্ৰেক্ষাগৃহত আয়োজিত আন্তৰ্জাতিক "যোগ দিৱস" উপলক্ষে স্থানীয় ৰাইজৰ লগতে দলীয় কাৰ্যকর্তা সকলৰ সৈতে যোগাসনত অংশগ্ৰহণ কৰোঁ ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/77963b47-8b3a-4ef3-9ca0-986e976d3cbe/448794927_1039922627495985_4281283212690735666_n.jpg)
মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ উপস্থিতিত বজালী জিলাতো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/cb8cc627-0f46-491a-b5ce-454226876690/a1434148-00a8-4abc-af3f-052bcc5ebad6.jpg)
বজালী জিলাৰ জিলা আয়ুক্তৰ কাৰ্যালয় প্ৰাংগণত বজালী জিলাৰ বিষয়া-কৰ্মচাৰীৰ উপস্থিতিত আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হয়। উক্ত অনুষ্ঠানত পাটাছাৰকুছি সমষ্টিৰ বিধায়ক তথা জ্যেষ্ঠ কেবিনেট মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে মুখ্য অভ্যাগত হিচাপে উপস্থিত থাকি আটাইকে যোগভ্যাস গঢ়িবলৈ আহ্বান জনায়।
তেখেতে কয় যে, অকল যোগ দিৱসৰ দিনা অনুশীলন কৰিলে নহ'ব। ইয়াক অভ্যাসত পৰিণত কৰিব লাগিব। আমাৰ কৰ্মব্যস্ত জীৱনত প্ৰতিদিনে অন্ততঃ আধা ঘণ্টা যোগত দিয়াটো অপৰিহাৰ্য। তেখেতে যোগৰ অনুশীলনৰ অনুষ্ঠানটোত অংশগ্ৰহণ কৰাই নহয়, নিজাকৈ হাস্যাসনৰ অনুশীলন কৰাই হাঁহিক জীৱনৰ মহৌষধ বুলি অভিহিত কৰে।
অনুষ্ঠানৰ অন্তত মন্ত্ৰী দাসে চাৰিটা শাখাত পূৰ্বে অনুষ্ঠিত হৈ যোৱা যোগাসন প্ৰতিযোগিতাৰ পুৰস্কাৰসমূহ প্ৰদান কৰে। জিলা আয়ুক্ত মৃদুল কুমাৰ দাস আৰু আৰক্ষী অধীক্ষক শ্ৰীযুত অজাগৌৰণ বসুমতাৰীয়ে মন্ত্রী দাসৰ বক্তব্য দোহাৰি পুৰস্কৃতসকলক শুভেচ্ছা জনায় আৰু যোগ প্ৰশিক্ষক খনীন ৰয়ৰ পৰিচালনাত সন্তুষ্টি ব্যক্ত কৰে।
টিহু জাতীয় বিদ্যালয়ত যোগ দিৱস পালন
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/6a6310f9-4790-4d9c-b9c5-4612ff543f6a/12a41278-d0fe-497f-b83d-f229f0d6c56c.jpg)
নলবাৰী জিলাৰ টিহুস্থিত যোগৰ আগশাৰীৰ অনুষ্ঠান সাধনা যোগ আৰু ফিটনেচ চেণ্টাৰৰ উদ্যোগত আজি টিহু জাতীয় বিদ্যালয়ত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয়। এই উপলক্ষে চাকি জ্বলাই অনুষ্ঠানৰ শুভাৰম্ভ কৰে বিদ্যালয়খনৰ প্ৰধান শিক্ষক ধৰণী ডেকাই।
ইয়াৰ পাছতে যোগ বিশাৰদ তথা টিহু যোগ আৰু ফিটনেচ কেন্দ্ৰৰ প্ৰশিক্ষক ধ্ৰুৱজ্যোতি হালৈ আৰু লিপিকা ডেকাই শিক্ষাৰ্থী, শিক্ষাৰ্থীসকলৰ অভিভাৱকসকল আৰু স্থানীয় লোকে ভাগ লোৱা যোগ অনুষ্ঠানত বিভিন্ন ভংগিমাৰ যোগ কৰা কাৰ্যসূচী ৰূপায়ণ কৰে। অনুষ্ঠানত নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱা আৰু যোগ বিশাৰদ ৰীতা গোস্বামীয়ে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি প্ৰাসংগিক ভাষণ প্ৰদান কৰে।
আকাশবাণী নগাঁও কেন্দ্ৰতো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/4cc6c742-61e1-4ddc-bd7e-68b859b3ea7c/0bf23f42-82c3-4d03-aba7-ab2745b003a4.jpg)
সমগ্ৰ ভাৰতবৰ্ষৰ লগতে আজি আকাশবাণী নগাঁও কেন্দ্ৰতো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হয়। আকাশবাণী নগাঁও কেন্দ্ৰৰ অনুষ্ঠান কাৰ্যনিৰ্বাহক নিশা বৰুৱা, বেনৰি ইজুং , প্ৰচাৰ কাৰ্যবাহী গৌতম নাথ, অভিযান্ত্ৰিক আৰু প্ৰশাসনিক শাখাৰ কৰ্মকৰ্তাসকল তথা একাংশ ঘোষক-ঘোষিকাই অংশগ্ৰহণ কৰি যোগাভ্যাস কৰে । যোগ শিক্ষাৰ আঁত ধৰে শিক্ষক পদুম ৰাজখোৱাই ।
ওদালগুৰি জিলা প্ৰশাসনৰ যোগ দিৱসৰ কাৰ্যসূচীত মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/1989b756-b886-4929-adb4-a9800c48ed38/090a19d7-780b-4b2b-87b2-af59cddcc771.jpg)
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে আজি ওদালগুৰিতো জিলা প্ৰশাসনৰ উদ্যোগত জিলাখনৰ কেন্দ্ৰীয়ভাৱে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসটি পালন কৰা হয়। ওদালগুৰি চহৰৰ বিষ্ণুৰাভা কৃষ্টি সংঘ প্ৰাঙ্গণত অনুষ্ঠিত যোগ দিৱসত উপস্থিত থাকে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম। যোগাসনৰ অন্তত মন্ত্ৰীগৰাকীয়ে কয় যে "আজি যোগ দিৱস। ই হৈছে ৰাষ্ট্ৰসংঘৰ দ্বাৰা মান্যতা লাভ কৰা এটা দিৱস। ৰাজ্য চৰকাৰৰ নিৰ্দেশ অনুসৰি মই আজি ওদালগুৰিত এই যোগ দিৱসত অংশগ্ৰহণ কৰিছো। আমি আমাৰ স্বাস্থ্যৰ প্ৰতি ধ্যান ৰাখি এই যোগাসন কৰাটো প্ৰয়োজনীয়। এই যান্ত্ৰিক পৃথিৱীত মানুহৰ শৰীৰত নানা ধৰণৰ ৰোগে দেখা দিছে। ইয়াৰ পৰা ৰক্ষা পাবলৈ আমি নিয়মিতভাৱে যোগাসন কৰাটো প্ৰয়োজনীয়। দিনটোৰ ২৪ ঘণ্টাৰ ভিতৰত আধা ঘণ্টা সময় উলিয়াই যোগাসন কৰিলে শৰীৰটো যথেষ্ট উপকৃত হয়।
আজিৰ এই যোগ দিৱসৰ কাৰ্যসূচীত বিধায়ক তথা বিটিচিৰ উপমুখ্য কাৰ্যবাহী সদস্য গোবিন্দ চন্দ্ৰ বসুমতাৰী, জিলা আয়ুক্ত জাভিৰ ৰাহীল সুৰেশৰ লগতে বিভিন্ন এনজিঅ', শিক্ষাৰ্থীৰ লগতে স্থানীয় লোকে অংশগ্ৰহণ কৰে।
Also Read: গেছৰ বৰ্ধিত মূল্যৰ বাবেই লোকচানৰ সন্মুখীন APL: বাংলাদেশৰ বজাৰেহে সকাহ দিব উদ্যোগটোক !