বোকাজানত এশ খন বিচনাযুক্ত চিকিৎসালয়ৰ ভূমিপূজন আৰু খেলপথাৰ প্ৰকল্প উদ্বোধন হিমন্ত বিশ্ব শৰ্মাৰ…

বোকাজানত এশ খন বিচনাযুক্ত চিকিৎসালয়ৰ ভূমিপূজন আৰু খেলপথাৰ প্ৰকল্প উদ্বোধন হিমন্ত বিশ্ব শৰ্মাৰ…

author-image
asomiyapratidin
New Update
বোকাজানত এশ খন বিচনাযুক্ত চিকিৎসালয়ৰ ভূমিপূজন আৰু  খেলপথাৰ প্ৰকল্প উদ্বোধন হিমন্ত বিশ্ব শৰ্মাৰ…

ডিজিটেল সংবাদ, বোকাজান : চৰকাৰৰ বিভিন্ন আঁচনিৰ অধীনৰ প্ৰকল্পৰ আধাৰশিলা আৰু উদ্বোধনী অনুষ্ঠানৰ কাৰ্যসূচী লৈ ৰাজ্যৰ স্বাস্থ্য,শিক্ষা আৰু বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আজি বোকাজানত উপস্থিত হৈ বোকাজান ক্ৰীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত বিশাল ৰাজহুৱা সভাত অংশগ্ৰহণ কৰে ৷

Advertisment

মন্ত্ৰীগৰকীয়ে প্ৰথমে সৰিয়হজানত হেলিকপ্টাৰৰ পৰা অৱতৰণ কৰি সৰিয়হজানতেই ২৪ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ হব লগীয়া এশখন বিচনাযুক্ত বোকাজান চিকিৎসালয়ৰ ভূমি পূজন অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ পাছতেই ভাৰত সেৱাশ্ৰম সংঘৰ অধীনত প্ৰণৱ বিদ্যাপীঠৰ ছাত্ৰাবাস আৰু পুথিভঁৰালৰ উদ্বোধন কৰে ৷

ইয়াৰ পাছতেই মন্ত্ৰী গৰাকীয়ে বোকাজানত ভূমি সংৰক্ষণ বিভাগৰ অধীনত নিৰ্মাণ কৰা অতিথি গৃহৰ উদ্বোধন কৰি পোনে পোনে উপস্থিত হয় বোকাজান ক্ৰীড়া সন্থাৰ খেলপথাৰত ৷ তেওঁ উক্ত খেলপথাৰত বিত্তমন্ত্ৰী বিশেষ অনুদান আঁচনিৰ অধীনত দহকোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা বোকাজান মিনি ষ্টেডিয়ামৰ শুভউদ্বোধন কৰি ৰাজহুৱা সভাত অংশগ্ৰহণ কৰে ৷

সভাত অংশগ্ৰহণ কৰি শৰ্মাই কয় যে প্ৰতিশ্ৰুতি অনুসৰিয়েই ৰাজ্যখনত ইতিমধ্যে নব্বৈ শতাংশ বিভিন্ন উন্নয়ন মূলক কাম সম্পূৰ্ণ হৈছে ৷ ২৪ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ হবলগীয়া বোকাজান চিকিৎসালয় চব্বিশ মাহত সম্পূৰ্ণ হৈ উঠাৰ লগতে পৰৱৰ্তী সময়ত কাৰ্বি আংলংৰ চাব্বিশটা পৰিষদীয় সমষ্টিতেই একোখনকৈ অসামৰিক চিকিৎসালয় স্থাপনৰ পৰিকল্পনাৰ কথা সভাত উল্লেখ কৰে ৷

তেওঁ বিগত সময়ছোৱাত বিজেপি চৰকাৰৰ দ্বাৰা সম্পাদিত হোৱা বিভিন্ন উন্নয়নমূলক কামৰ খতিয়ান ৰাইজৰ আগত দাঙি ধৰি কয় যে সাতচল্লিশ কোটি টকাৰে ডিলাইৰ পৰা সৰিয়হজানলৈ গড়কাপ্তানি পথটো পুনৰ নিৰ্মাণ কৰা হব ৷ ইয়াৰ উপৰিও ধনশিৰী নদীৰ ওপৰত ৯ কোটি আৰু ১১ কোটি টকা ব্যয় সাপেক্ষে দুখনকৈ দলং নিৰ্মাণ কৰি ইতিমধ্যে যাতয়তৰ ক্ষেত্ৰখন সুগম কৰি তোলা হৈছে ৷ উল্লেখযোগ্য যে সভাত এক গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰি কয় যে ২৫ ফেব্ৰুৱাৰীত কাৰ্বি আংলংৰ দেনগাঁৱত অনুষ্ঠিত হব লগীয়া এক ৰাজহুৱা সভাত সংবিজিতসহ আন বহু বিদ্ৰোহীয়ে অস্ত্ৰ সম্বৰণ কৰিব আৰু অতি শীঘ্ৰেই এক শান্তিচুক্তি হোৱাৰ সম্ভাৱনা আছে ৷

মন্ত্ৰী গৰাকীয়ে কয় যে এনে কাৰ্যই জিলাখনত নতুন যুগৰ সূচনা কৰাৰ লগতে সন্ত্ৰাস আৰু বিদ্ৰোহৰ বিপৰীতে অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত উল্লেখনীয় ভূমিকা লব ৷ আজিৰ অনুষ্ঠানৰ কাৰ্যসূচীসমূহত মন্ত্ৰীগৰাকীৰ সৈতে উপস্থিত থাকে কাৰ্বি আংলং স্বায়ত্ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং,পাৰ্বত্য উন্নয়ন মন্ত্ৰী চুম ৰংহাং ,বোকাজানৰ বিধায়ক ডা∶নোমল মমিন প্ৰমুখ্যে কাৰ্বি আংলং স্বায়ত্ত্ব পৰিষদৰ কাৰ্যবাহী সদস্য সকল ৷