শেহতীয়া খবৰ
লকডাউনৰ সময়ত মানসিক অস্থিৰতা, অৱসাদত ভোগা লোকক সহায় কৰিবলৈ আগবাঢ়ি আহিছে অসম আৰক্ষী...  •  যোৱা ২৪ ঘণ্টাত দিল্লীত COVID-19ত ২০জন লোক আক্ৰান্ত, ১জনৰ মৃত্যুঃ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল...  •  অৰবিন্দ কেজৰিৱালৰ টুইটাৰক লৈ গৌতম গম্ভীৰৰ প্ৰতিক্ৰিয়া...  •  লকডাউনৰ মাজত লখিমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ সহযোগী উপাচাৰ্যৰ আৰ্তজনলৈ সহায়...  •  ৩ জুনলৈকে লকডাউন!- কিমান সঁচা এই খবৰ...  •  ডিমাপুৰত দৰিদ্ৰ পৰিয়ালৰ মাজত এন এছ চি এন মুইভা গোটৰ সাহায্য বিতৰণ...  •  ৭ এপ্ৰিলৰ পুৱা ৬ বজাৰ পূৰ্বে নিজামুদ্দিনৰ পৰা অহা সকল চিকিৎসালয়লৈ যাওঁক, নহ’লে আৰক্ষীয়ে ল’ব কঠোৰ আইনী ব্যৱস্থা...  •  কোৰোনা ভাইৰাছঃ সংকটৰ সময়ত ভাৰত চৰকাৰক চীনে দিলে ১.৭০ লাখ পিপিই…  •  কোৰোনা ভাইৰাছঃ সংকটৰ সময়ত ভাৰত চৰকাৰক চীনে দিলে ১.৭০ লাখ পিপিই…  •  কোৰোনাক প্ৰতিহত কৰিবলৈ GMDAৰ বিষয়া-কৰ্মচাৰীয়ে চৰকাৰক দিলে এদিনৰ দৰমহা...

অসম ৰাজ্যিক চিৰিয়াখানাত সোণালী বান্দৰৰ পোৱালি জন্ম

836

ডিজিটেল ডেস্কঃ বুধবাৰে নিশা অসম ৰাজ্যিক চিৰিয়াখানা ও উদ্ভিদ উদ্যানৰ প্ৰজনন কেন্দ্ৰত এটি মতা সোণালী বান্দৰৰ পোৱালিৰ জন্ম হয়। সোণালী বান্দৰ বৰ্তমান বিপন্ন প্ৰজাতিৰ স্তন্যপায়ী প্ৰাণী হোৱাৰ বাবে বিগত কেবাবছৰ ধৰি অসম ৰাজ্যিক চিৰিয়াখানাত প্ৰজনন কেন্দ্ৰ স্থাপন কৰি সোণালী বান্দৰৰ বংশ বৃদ্ধিৰ চেষ্টা চলাই অহা হৈছিল। অৱশেষত বুধবাৰে নিশা চিৰিয়াখানা কৰ্তৃপক্ষ সফল হয়।

বহুবছৰৰ মূৰত যোৱাবছৰ এটি মাইকী পোৱালি জন্ম হোৱাৰ লগতে বুধবাৰে নিশা এটি মতা সোণালী বান্দৰৰ পোৱালিৰ জন্মেৰে এই বিপদাপন্ন প্ৰজাতিটোৰ বংশবৃদ্ধিৰ উৎকৃষ্ট নজিৰ দাঙি ধৰিবলৈ সক্ষম হৈছে অসম ৰাজ্যিক চিৰিয়াখানা। এই বিষয়ে জানিবলৈ দিছে চিৰিয়াখানাৰ ডি.এফ.অ. তেজস মৰিস্বামী আৰু ৰেঞ্জাৰ ৰবীন বৈশ্যই।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি