অসম বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ দায়িত্ব প্ৰতাপ জ্যোতি সন্দিকৈক…

অসম বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ দায়িত্ব প্ৰতাপ জ্যোতি সন্দিকৈক…

অসম বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ দায়িত্ব প্ৰতাপ জ্যোতি সন্দিকৈক..

  • অসম বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ কাৰ্যালয়ৰ দায়িত্ব পালনৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক প্ৰতাপ জ্যোতি সন্দিকৈক দায়িত্ব প্ৰদান।
  • বিশ্ববিদ্যালয়খনৰ আচাৰ্যই এক নিৰ্দেশনাৰ জড়িয়তে উপাচাৰ্য অধ্যাপক প্ৰতাপ জ্যোতি সন্দিকৈক এই দায়িত্ব প্ৰদান কৰিছে।
  • ৰাজহুৱা স্বাৰ্থত আৰু অসম বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয় আইন, ২০০৯ ৰ ধাৰা ১০ৰ উপ-ধাৰা ৫ ৰ ক্ষমতা অনুসৰি আচাৰ্যগৰাকীয়ে এই নিৰ্দেশনা প্ৰদান কৰিছে।
  • পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত এই দায়িত্ব অস্থায়ীভাৱে পালন কৰিব উপাচাৰ্য অধ্যাপক প্ৰতাপ জ্যোতি সন্দিকৈয়ে।
  • পূৰ্বে বিশ্ববিদ্যালয়খনৰ এই দায়িত্ব পালন কৰিছিল উপাচাৰ্য অধ্যাপক ধীৰাজ বৰাই।
  • বিগত ২১ জুনত উপাচাৰ্য অধ্যাপক ধীৰাজ বৰাৰ মৃত্যু হৈছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in