ড০ প্ৰফুল্ল মহন্ত, ড০ শিৱনাথ বৰ্মনকে ধৰি ৪ জনলৈ অসম সাহিত্য সভাৰ বিশেষ বঁটা…

ড০ প্ৰফুল্ল মহন্ত, ড০ শিৱনাথ বৰ্মনকে ধৰি ৪ জনলৈ অসম সাহিত্য সভাৰ বিশেষ বঁটা…

ডিজিটেল ডেস্কঃ অসম সাহিত্য সভাই প্ৰদান কৰি অহা চাৰিটাকৈ বঁটাৰ প্ৰাপকসকলৰ নাম ঘোষণা কৰিছে। বৈষ্ণৱ পণ্ডিত শশীচন্দ্ৰ বৰবৰুৱা বঁটা, ছগন লাল জৈন বঁটা, নিজৰা কবি শৈলধৰ ৰাজেখাৱা বঁটা আৰু ধৰ্মেশ্বৰ কটকী শিশু সাহিত্য বঁটা এই বছৰ চাৰি গৰাকী বিশেষ ব্যক্তিলৈ আগবঢ়োৱা হৈছে।

প্ৰতি দুবছৰৰ মূৰ মূৰে সভাই প্ৰদান কৰি অহা বৈষ্ণৱ পণ্ডিত শশীচন্দ্ৰ বৰবৰুৱা বঁটা এইবাৰ আগবঢ়োৱা হৈছে বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক, গৱেষক তথা আনন্দৰাম বৰুৱা ভাষা, কলা, সংস্কৃতি প্ৰতিষ্ঠানৰ প্ৰাক্তন সঞ্চালক ড০ প্ৰফুল্ল মহন্তলৈ। এই বঁটাৰ লগত আছে স্মাৰক, সম্বৰ্ধনা পত্ৰ, গ্ৰন্থৰ টোপোলা আৰু এক লাখ টকাৰ চেক। উল্লেখ্য যে ইয়াৰ পূৰ্বে এই বঁটা জয়ন্ত বৰুৱা, জি এল আগৰৱালা, ৰাধিকা মোহন ভাগৱতীয়ে লাভ কৰিছিল।

৫ বছৰৰ মূৰে মূৰে প্ৰদান কৰি অহা ছগনলাল জৈন বঁটা এইবাৰ বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক, গৱেষক ড০ শিৱনাথ বৰ্মনলৈ আগবঢ়োৱা হৈছে। বিগত ১০ টা বছৰত প্ৰকাশিত মৌলিক গ্ৰন্থৰ বাবে এই বঁটা প্ৰদান কৰা হয়। এই বঁটাৰ লগত আছে স্মাৰক, সম্বৰ্ধনা পত্ৰ, গ্ৰন্থৰ টোপোলা আৰু ৫০ হাজাৰ টকাৰ চেক।

অসমীয়া কবিতা আৰু নাট্য সাহিত্য চৰ্চাৰ ক্ষেত্ৰখনিত উল্লেখযোগ্য অৱদান আগবঢ়াই অহা অৱদানৰ বাবে সভাই প্ৰদান কৰি আহিছে কবি শৈলধৰ ৰাজখোৱা বঁটা। এইবাৰ এই বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে নাট্যকাৰ, সাহিত্যিক তথা অসম নাট্য সন্মিলনৰ প্ৰাক্তন সভাপতি ড০ অখিল চক্ৰৱৰ্তীক। ইয়াৰ পূৰ্বে এই বঁটা প্ৰয়াত সনন্ত তাঁতী, ৰত্ন ওজা আদিৰ দৰে বিশিষ্ট ব্যক্তিসকলে লাভ কৰিছিল। এই বঁটাৰ লগত আছে স্মাৰক, সম্বৰ্ধনা পত্ৰ, গ্ৰন্থৰ টোপোলা আৰু ১৫ হাজাৰ টকাৰ চেক।

আনহাতে ধৰ্মেশ্বৰ কটকী শিশু সাহিত্য বঁটা আগবঢ়োৱা হৈছে বিশিষ্ট সাহিত্যিক অভিজিৎ শৰ্মাক। প্ৰতি দুবছৰৰ মূৰে মূৰে প্ৰদান কৰি অহা এই বঁটাৰ সৈতে আছে স্মাৰক, সম্বৰ্ধনা পত্ৰ, গ্ৰন্থৰ টোপোলা আৰু ১০ হাজাৰ টকাৰ চেক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in