অসমত বিজেপি ৯, কংগ্ৰেছ ৩… চূড়ান্ত ফলাফল A to Z

অসমত বিজেপি ৯, কংগ্ৰেছ ৩… চূড়ান্ত ফলাফল A to Z

ডিফুঃ

  • ডিফু স্বায়ত্ত শাসিত পৰিষদত জয়ী হৈছে বিজেপি প্ৰাৰ্থী হৰেণ সিং বে'।
  • ২৩৯৬২৬টা ভোটত কংগ্ৰেছ প্ৰাৰ্থী বীৰেন সিং ইংতিক পৰাভূত কৰিছে বিজেপি প্ৰাৰ্থীগৰাকীয়ে।
  • বিজেপি প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিছে ৩৮১৩১৬টা ভোট।
  • আনহাতে, কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিছে ১৪১৬৯০টা ভোট।

বৰপেটাঃ

  • বৰপেটা লোকসভা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী আব্দুল খালেকে ১৪০৩০৭টা ভোটত পৰাভূত কৰে অগপৰ প্ৰাৰ্থী কুমাৰ দীপক দাসক।
  • আব্দুল খালেকে লাভ কৰিছে ৬৪৫১৭৩টা ভোট।
  • কুমাৰ দীপক দাসে লাভ কৰিছে ৫০৪৮৬৬টা ভোট।
  • আনহাতে, সমষ্টিটোত এ আই ইউ ডি এফৰ প্ৰাৰ্থী ৰফিকুল ইছলামে লাভ কৰে ২৪৮৬৬৭টা ভোট।

ধুবুৰীঃ

  • ধুবুৰী লোকসভা সমষ্টিত এ আই ইউ ডি এফৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলে বৃহৎ ভোটৰ ব্যৱধানত পৰাস্ত কৰে কংগ্ৰেছৰ আবু তাহেৰ বেপাৰীক।
  • ২২৬২৫৮টা ভোটৰ ব্যৱধানত বিজয় সাব্যস্ত আজমলৰ।
  • বদৰুদ্দিন আজমলে লাভ কৰা ভোটৰ সংখ্যা হৈছে ৭১৮৭৬৪টা ভোট।
  • কংগ্ৰেছৰ আবু তাহেৰ বেপাৰীয়ে লাভ কৰিছে ৪৯২৫০৬টা ভোট।
  • সমষ্টিটোত অগপ দলৰ প্ৰাৰ্থী জাভেদ ইছলামে ৩৯৯৭৩৩টা ভোট লাভ কৰিছে।

ডিব্ৰুগড়ঃ

  • ডিব্ৰুগড় লোকসভা সমষ্টিত বিজেপি প্ৰাৰ্থী ৰামেশ্বৰ তেলীয়ে ৩৬৪৫৬৬টা ভোটৰ ব্যৱধানত পৰাভূত কৰে কংগ্ৰেছৰ প্ৰাৰ্থী পবন সিং ঘোটাৱাৰক।
  • ৰামেশ্বৰ তেলীয়ে লাভ কৰা ভোটৰ সংখ্যা হৈছে ৬৫৯৫৩৮টা ভোট।
  • আনহাতে পবন সিং ঘাটোৱাৰে লাভ কৰিছে ২৯৫০১৭টা ভোট।
  • সমষ্টিটোত নোটা ভোটৰ সংখ্যা হৈছে ২১,২৮৮টা।

গুৱাহাটীঃ

  • গুৱাহাটী লোকসভা সমষ্টিত অভিলেখ সংখ্যক ভোটৰ ব্যৱধানত বিজেপিৰ প্ৰাৰ্থী কুইন ওজা জয়ী।
  • ৩৪৫৬০৬৬টা ভোটত পৰাভূত কৰে কংগ্ৰেছ প্ৰাৰ্থী ববিতা শৰ্মাক।
  • বিজেপি প্ৰাৰ্থীগৰাকীয়ে লাভ কৰা ভোটৰ সংখ্যা হৈছে ১০০৮৯৩৬টা ভোট।
  • আনহাতে, ববিতা শৰ্মাই লাভ কৰিছে ৬৬৩৩৩০টা ভোট।

যোৰহাটঃ

  • যোৰহাট লোকসভা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী সুশান্ত বৰগোঁহাইক ৮২৬৫৩টা ভোটত পৰাভূত কৰে বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈয়ে।
  • বিজেপি প্ৰাৰ্থীগৰাকীয়ে লাভ কৰা ভোটৰ সংখ্যা হৈছে ৫৪৩২৮৮টা ভোট।
  • আনহাতে, কংগ্ৰেছ প্ৰাৰ্থী সুশান্ত বৰগোঁহাইয়ে লাভ কৰিছে ৪৬০৬৩৫টা ভোট।

কলিয়াবৰঃ

  • কলিয়াবৰ লোকসভা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈৰ জয়লাভ।
  • ২০৯৯৯৪টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে অগপ প্ৰাৰ্থী মণিমাধৱ মহন্তক।
  • গৌৰৱ গগৈয়ে লাভ কৰা ভোটৰ সংখ্যা হৈছে ৭৮৬০৯২টা ভোট।
  • আনহাতে, মণিমাধৱ মহন্তই লাভ কৰিছে ৫৭৬০৯৮টা ভোট।

কৰিমগঞ্জঃ

  • কৰিমগঞ্জ লোকসভা সমষ্টিত বিজেপি প্ৰাৰ্থী কৃপানাথ মাল্লাই ৩৮৩৮৯টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে এ আই ইউ ডি এফৰ প্ৰাৰ্থী ৰাধেশ্যাম বিশ্বাসক।
  • কৃপানাথ মাল্লাই লাভ কৰা ভোটৰ সংখ্যা হৈছে ৪৭৩০৪৬টা ভোট।
  • এ আই ইউ ডি এফৰ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিছে ৪৩৪৬৫৭টা ভোট।

কোকৰাঝাৰঃ

  • কোকৰাঝাৰ লোকসভা সমষ্টিত ৩৭৭৮৬টা ভোটত নিৰ্দলীয় প্ৰাৰ্থী নৱকুমাৰ শৰণীয়াই পৰাস্ত কৰে বিপিএফৰ প্ৰাৰ্থী প্ৰমীলাৰাণী ব্ৰহ্মক।
  • নিৰ্দলীয় প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিছে ৪৮৪৫৬০টা ভোট।
  • আনহাতে প্ৰমীলাৰাণী ব্ৰহ্মই লাভ কৰিছে ৪৪৬৭৭৪টা ভোট।
  • সমষ্টিটোত ইউ বি পি এলৰ প্ৰাৰ্থী উৰ্খাও গৌড়া ব্ৰহ্মই লাভ কৰিছে ৩১২৪৩৫টা ভোট।
  • কংগ্ৰেছ প্ৰাৰ্থী শব্দৰাম ৰাভাই সমষ্টিটোত ১৪৭১১৮টা ভোট লাভ কৰিছে।

লখিমপুৰঃ

  • লখিমপুৰ লোকসভা সমষ্টিত বৃহৎ ভোটৰ ব্যৱধানত পৰাস্ত কংগ্ৰেছ প্ৰাৰ্থী অনিল বৰগোঁহাই।
  • ৩৫০৫৫১টা ভোটৰ ব্যৱধানত বৃহৎ জয় সাব্যস্ত বিজেপি প্ৰাৰ্থী প্ৰদান বৰুৱাৰ।
  • বিজেপি প্ৰাৰ্থীগৰাকীয়ে লাভ কৰা ভোটৰ সংখ্যা হৈছে ৭৭৬৪০৬টা।
  • আনহাতে, অনিল বৰগোঁহাইয়ে লাভ কৰা ভোটৰ সংখ্যা হৈছে ৪২৫৮৫৫টা ভোট।

মঙলদৈঃ

  • মঙলদৈ লোকসভা সমষ্টিত ১৩৮৫৪৫টা ভোটত দিলীপ শইকীয়াৰ হাতত পৰাস্ত কংগ্ৰেছ প্ৰাৰ্থী ভূৱনেশ্বৰ কলিতা।
  • বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়াই লাভ কৰিছে ৭৩৫৪৬৯টা ভোট।
  • কংগ্ৰেছৰ ভূবনেশ্বৰ কলিতাই লাভ কৰিছে ৫৯৬৯২৪টা ভোট।

নগাঁওঃ

  • নগাঁও লোকসভা সমষ্টিত অতি কম ভোটৰ ব্যৱধানত জয় লাভ কৰিছে কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে।
  • ১৬৭৫২টা ভোটত পৰাস্ত হৈছে বিজেপি প্ৰাৰ্থী ৰূপক শৰ্মা।
  • প্ৰদ্যুৎ বৰদলৈয়ে লাভ কৰা ভোটৰ সংখ্যা হৈছে ৭৩৯৭২৪টা ভোট।
  • আনহাতে, ৰূপক শৰ্মাই লাভ কৰিছে ৭২২৯৭২টা ভোট।

শিলচৰঃ

  • শিলচৰ লোকসভা সমষ্টিত ভাৰতীয় জনতা পাৰ্টিৰ ৰাজদ্বীপ ৰয়ৰ জয়লাভ।
  • কংগ্ৰেছ প্ৰাৰ্থী সুস্মিতা দেৱৰ সৈতে ৮১৫৯৬টা ভোটৰ ব্যৱধানত জয়ী হৈছে ৰাজদ্বীপ ৰয়।
  • ৰয়ে লাভ কৰা ভোটৰ সংখ্যা হৈছে ৪৯৯৪১৪টা ভোট।
  • সুস্মিতা দেৱে লাভ কৰিছে ৪১৭৮১৮টা ভোট।

তেজপুৰঃ

  • তেজপুৰ লোকসভা সমষ্টিত এম জি ভি কে ভানুৰ বিৰুদ্ধে ২৪২৮৪১টা ভোটৰ ব্যৱধানত জয়ী বিজেপি প্ৰাৰ্থী পল্লৱ লোচন দাস।
  • কংগ্ৰেছ প্ৰাৰ্থী ভানুৱে লাভ কৰা ভোটৰ সংখ্যা হৈছে ৪৪১৩২৫টা ভোট।
  • আনহাতে পল্লৱ লোচন দাসে লাভ কৰিছে ৬৮৪১৬৬টা ভোট।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in