ৰাজস্থানৰ ৬টা উটক ঘৰলৈ উভতাই পঠিয়াবলৈ আদালতৰ দাৰস্থ অসম আৰক্ষী

ৰাজস্থানৰ ৬টা উটক ঘৰলৈ উভতাই পঠিয়াবলৈ আদালতৰ দাৰস্থ অসম আৰক্ষী

ডিজিটেল ডেস্কঃ ঈদ উল আজহাৰ সময়ত মাংসৰ বাবে ৰাজস্থানৰ পৰা অনা ৬ টা উটক পুনৰ ৰাজস্থানলৈ ঘূৰাই পঠিয়াবলৈ তৎপৰ হৈ পৰিছে অসম আৰক্ষী। ৰাজস্থানলৈ এই উট কেইটা উভতাই পঠিওৱাৰ অনুমতি বিচাৰি আদালতৰ দাৰস্থ হৈছে প্ৰশাসন। আদালতৰ অনুমতি লাভ কৰিলেই উটকেইটাক ৰাজস্থানলৈ প্ৰেৰণ কৰা হ'ব।

উল্লেখ্য যে, ঈদৰ এদিন পূৰ্বে অৰ্থাৎ ১১ আগষ্টত দৰং জিলাৰ ধূলা বজাৰৰ পৰা আৰক্ষীয়ে চামতুল্লাহ নামৰ এজন লোকৰ পৰা এই উট কেইটা উদ্ধাৰ কৰিছিল। বৰ্তমান ধূলা আৰক্ষীৰ তত্বাৱধানত ৰাখি পশু বিশেষজ্ঞৰ পৰামৰ্শ অনুসৰি উট কেইটাৰ খাদ্য যোগান ধৰা হৈছে। এগৰাকী আৰক্ষী বিষয়াই সদৰী কৰা মতে, অসমৰ পৰিৱেশ উটৰ বাবে অনুকুল নোহোৱা বাবেই উটকেইটাক ৰাজস্থানলৈ যিমান সোনকালে সম্ভৱ উভতাই পঠিওৱাৰ ব্যৱস্থা কৰা হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in