এছ আই কেলেংকাৰীৰে জড়িত আৰক্ষী অধীক্ষক সঞ্জিৱ কৃষ্ণক গ্ৰেপ্তাৰ…

এছ আই কেলেংকাৰীৰে জড়িত আৰক্ষী অধীক্ষক সঞ্জিৱ কৃষ্ণক গ্ৰেপ্তাৰ…
  • অৱশেষত গ্ৰেপ্তাৰ কৰিলে সদ্যঅপসাৰিত কৰিমগঞ্জৰ আৰক্ষী অধীক্ষক কুমাৰ সঞ্চিত কৃষ্ণক।
  • বৃহস্পতিবাৰৰ পুৱা ১১ বজাত আহি উপস্থিত হৈছিলহি উলুবাৰীৰ আৰক্ষীৰ মুখ্য কাৰ্যালয়ত।
  • দীৰ্ঘসময় ধৰি জেৰা চলিছিল সঞ্জিত কৃষ্ণক।
  • প্রথমে কনফাৰেন্স হলত বহিব দিয়া হৈছিল সঞ্চিত কৃষ্ণক।
  • আইন শৃংখলাৰ দায়িত্বত থকা অতিৰিক্ত আৰক্ষী সঞ্চালক প্রধান জি পি সিঙে জেৰা কৰিছিল তেওঁক।
  • সেই সময়ত উপস্থিত নাছিল আৰক্ষী সঞ্চালক প্রধান ভাস্কৰজ্যোতি মহন্ত।
  • দিছপুৰৰ এক বৈঠকত মিলিত হৈছিল আৰক্ষী সঞ্চালক প্রধানগৰাকী।
  • চিআইডিৰ এটা বৃহৎ দল গৈ উপস্থিত হৈছিলগৈ ডিজিপি কাৰ্যালয়ত।
  • আনুষ্ঠানিকভাৱে এতিয়ালৈকে আৰক্ষীয়ে সদৰী কৰা নাই কোনো তথ্য।
  • অসম আৰক্ষীৰ এক উচ্চস্তৰীয় সূত্ৰ অনুসৰি এই কেলেংকাৰীৰে জড়িত থকাৰ অপৰাধত আটক কৰা হৈছে কৰিমগঞ্জৰ পূৰ্বৰ আৰক্ষী অধীক্ষকগৰাকীক।
  • কেইবাবাৰো জেৰাৰ সন্মুখীন হৈছিল কুমাৰ সঞ্জিত কৃষ্ণ।
  • পৰৱৰ্তী সময়ত আৰক্ষী সঞ্চালক প্ৰধানগৰাকীও উপস্থিত হয়হি উলুবাৰীত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in