অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়, মহানগৰ আয়ুক্তালয়ৰ লগতে গুৱাহাটীৰ ৪খন থানা কিয় হৈ পৰিল ‘নীলা’ …

অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়, মহানগৰ আয়ুক্তালয়ৰ লগতে গুৱাহাটীৰ ৪খন থানা কিয় হৈ পৰিল ‘নীলা’ …

ডিজিটেল ডেস্কঃ আজি বিশ্ব শিশু দিৱস। ১৯৫৪ চনৰ পৰা ইউনিচেফে ২০নবেম্বৰৰ দিনটো বিশ্ব শিশু দিৱস হিচাপে পালন কৰি আহিছে৷ প্ৰতিবছৰে সমগ্ৰ বিশ্বৰ শিশুসকলৰ অধিকাৰ সংৰক্ষণৰ লক্ষ্য উদ্দেশ্য আগত ৰাখি এই দিৱসটি পালন কৰা হয়। প্ৰতিবছৰৰ দৰে এইবছৰো এই বিশেষ দিনটি অসমতো ব্যতিক্ৰমীধৰণে উদযাপন কৰা হয়।

বিশ্ব শিশু দিৱস উপলক্ষে শনিবাৰৰ দিনটোত অসম আৰক্ষী মুখ্য কাৰ্যালয়, গুৱাহাটী আৰক্ষীৰ আয়ুক্তালয়ৰ লগতে চাৰিখন থানা ক্ৰমে- বশিষ্ঠ, আজাৰা, পাণবজাৰ আৰু জালুকবাৰী(নতুন) আৰক্ষী থানা নীলা ৰঙৰ লাইটেৰে আলোকিত কৰি তোলা হয়। এই বিশেষ কাৰ্যসূচীৰ সন্দৰ্ভত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই কয়- ভুক্তভোগী শিশু আৰু আইনৰ সৈতে সংঘাতত অহা শিশুসকলৰ বাবে আৰক্ষী হৈছে প্ৰথম বিন্দু। সেয়েহে, আৰক্ষী ব্যৱস্থাৰ সংস্পৰ্শলৈ অহা শিশুসকলৰ অধিকাৰ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত আৰক্ষীৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে।

তেওঁ লগতে কয়- "আমি সকলো শিশুক বিশ্ব শিশু দিৱসৰ শুভেচ্ছা জনাইছো। আমি ৰাজ্যখনত শিশু সুৰক্ষা, অধিকাৰৰ ওপৰত অসম আৰক্ষীয়ে সদায়েই অগ্ৰাধিকাৰ দিয়ে। অসম আৰক্ষীৰ সংস্পৰ্শলৈ অহা সকলো শিশুৰ অধিকাৰ সুৰক্ষিত কৰাৰ বাবে আমি প্ৰতিশ্ৰুতিবদ্ধ"।

ইফালে এই দিনটিৰ লগত সংগতি ৰাখি মহানগৰ আৰক্ষী আয়ুক্ত আইপিএছ হৰমিত সিঙে কয়- "প্ৰতি বছৰৰ দৰে, এই বছৰৰ শিশু আৰু তেওঁলোকৰ অধিকাৰৰ প্ৰতি আমাৰ প্ৰতিশ্ৰুতিৰ প্ৰতীক হিচাপে এই কাৰ্যসূচী গ্ৰহণ কৰিছো। অসম আৰক্ষীয়ে প্ৰতিটো শিশুৰ অধিকাৰ সুৰক্ষিত কৰাৰ বাবে সদায় চেষ্টা কৰি থাকিব।"

এইখিনিতে উল্লেখ কৰিব লাগিব যে, অসম আৰক্ষীয়ে শেহতীয়াকৈ গ্ৰহণ কৰা শিশু মিত্ৰ কাৰ্যসূচীয়ে অসমত শিশু অধিকাৰৰ ক্ষেত্ৰত যথেষ্ট অৰ্থপূৰ্ণ প্ৰভাৱ পেলাবলৈ সক্ষম হৈছে। শিশুৰ অপৰাধমূলক বহু ঘটনা শিশু মিত্ৰৰ জৰিয়তে শান্তিপূৰ্ণভাৱে নিষ্পত্তি কৰিবলৈও সক্ষম হৈছে অসম আৰক্ষী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in