ইণ্ডিয়ান আইডল পৱনদ্বীপৰ মাৰ্ঘেৰিটাৰ গীতৰ অনুষ্ঠানত বোকাত বাগৰি একাংশৰ চৰম উদ্ভণ্ডালি..

ইণ্ডিয়ান আইডল পৱনদ্বীপৰ মাৰ্ঘেৰিটাৰ গীতৰ অনুষ্ঠানত বোকাত বাগৰি একাংশৰ চৰম উদ্ভণ্ডালি..

ডিজিটেল সংবাদ মাৰ্ঘেৰিটাঃ ১৪ মে' ২০২২ বুধবাৰৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত উজনি অসমৰ অন্যতম আকৰ্ষনীয় বিহু সন্মিলন মাৰ্ঘেৰিটা টাউন হাইস্কুল খেলপথাৰৰ প্ৰয়াত বিনু চেতিয়া সোঁ‌ৱৰণি মঞ্চত অনুষ্ঠিত ব'হাগী উৎসৱ ২০২২ শুকুৰবাৰে সামৰণি পৰে । বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা ৰাজ্যিক ভিত্তিত শোভাযাত্ৰাৰে আকৰ্ষণীয় হৈ পৰা বিহু খনৰ অন্তিম দিনা সাস্কৃতিক অনুষ্ঠানত ভাৰতৰ সংগীত জগতৰ অন্যতম জনপ্ৰিয় টিভি ৰিয়েলিটি শ্ব ইণ্ডিয়ান আইডলৰ চূডান্ত বিজয়ী পবনদ্বীপ ৰাজন আৰু জি টিভিৰ(বাংলা)সা-ৰে-গা-মা-পা খ্যাত স্বয়ম পাল আৰু গীতালী কাকতিৰ সংগীতানুষ্ঠান অনুষ্ঠিত হয় ।

কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে উদ্বোধন কৰা অনুষ্ঠানটোত ৪০/৫০ হাজাৰ লোক সমবেত হয় । প্ৰৱল বৰষুণৰ ফলত বোকাময় হৈ পৰা বিহুতলীত ইণ্ডিয়ান আইডলৰ চূড়ান্ত বিজয়ী পৱনদ্বীপ ৰাজনৰ গীতৰ তালে তালে একাংশ উশৃংখল যুৱকে বোকাত নাচি- বাগি পৰিবেশ বিনষ্ট কৰে । ঠাইয়ে ঠাইয়ে বোকাত নাচি বাগি একাংশৰ কৰে চূড়ান্ত উদ্ভণ্ডালী ।

নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে লাঠি চালনাও কৰিব লগা হয় । উল্লেখ্য যে, সাংস্কৃতিক অনুষ্ঠানৰ পূৰ্বে বিধায়ক তথা উদযাপন সমিতিৰ সভাপতি ভাস্কৰ শৰ্মাই বোকা ডান্সৰ দৰে অপ- সংস্কৃতিৰ পৰা বিৰত থাকিবলৈ মুকলি আহ্বান জনাইছিল । কেইদিনমানৰ পূৰ্বে মাৰ্ঘেৰিটা আৰক্ষী থানাত সভা পাতি তিনিচুকীয়া জিলা অতিৰিক্ত আৰক্ষী অধীক্ষকে বোকা ডান্সৰ দৰে অপ সংস্কৃতিৰ বিৰুদ্ধে কঠোৰ হোৱাৰ কথা প্ৰকাশ কৰিছিল ।

ব'হাগী উৎসৱ উদযাপন সমিতিয়েও এনে অপসংস্কৃতিৰ পৰা বিৰত থকাৰ আহবান জনাইছিল। কিন্তু সকলোৰে আহবানক নস্যাৎ কৰি বিহুতলীত সৃষ্টি হয় অবাঞ্চচিত পৰিবেশ । বৰ্তমানে সাংস্কৃতিক অনুষ্ঠান প্ৰধান হৈ পৰিছে বিহু সন্মিলনসমূহ । বিহু সংস্কৃতিৰ চৰ্চাতকৈ বিহু সন্মিলনৰ বাবে সাংস্কৃতিক অনুষ্ঠানেই মুখ্য কথা হৈ পৰিছে । এনে এক সময়ত বোকাত সুৰামত্তৰ নৃত্যৰ নামত অশ্লীল্লতা কঠোৰ হাতেৰে চৰকাৰ প্ৰশাসন তথা জাতীয় সংগঠনসমূহে নিয়ন্ত্ৰণৰ বাবে আগবাঢ়ি আহিবনে বুলি প্ৰশ্ন উত্থাপন কৰিছে সচেতন মহলে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in