আলোচনাৰ মেজলৈ পৰেশ বৰুৱা! কি আহ্বান অসমৰ ১০ জাতীয়-জনগোষ্ঠীয় সংগঠনৰ, VIDEO

আলোচনাৰ মেজলৈ পৰেশ বৰুৱা! কি আহ্বান অসমৰ ১০ জাতীয়-জনগোষ্ঠীয় সংগঠনৰ, VIDEO

ডিজিটেল সংবাদ, গুৱাহাটীঃ আলফা (স্বাঃ)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাক আলোচনাৰ মেজলৈ আহ্বান অসমৰ কেবাটাও জাতীয়-জনগোষ্ঠীয় সংগঠনৰ। এইক্ষেত্ৰত কেন্দ্ৰক অভিভাৱকৰ দায়িত্ব গ্ৰহণ কৰিবলৈও আহ্বান সংগঠনকেইটাৰ। বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এখন সংবাদমেল সম্বোধন কৰি এই আহ্বান জনায় সংগঠনকেইটাই।

বড়ো চুক্তি স্বাক্ষৰ হোৱাৰ বাবে বড়োভূমিলৈ শান্তি ঘূৰি অহাৰ কথা কৈ সংগঠন কেইটাই আলফা আৰু চৰকাৰলৈ ইয়াকো আহ্বান জনায় যে, ৪ দশক ধৰি অব্যাহত থকা ৰাজ্যৰ ৰক্তাক্ত সংঘাত নিৰ্মূল কৰিবলৈ এতিয়াই যদি ব্যৱস্থা লোৱা নহয় তেন্তে লাহে লাহে অসমৰ মাটি, ভেটি সকলো নোহোৱা হৈ যাব। খিলঞ্জীয়া লোকৰ পৰা সকলো অধিকাৰ অনা অসমীয়াই কাঢ়ি নিব বুলিও শংকা কৰি সংগঠনকেওটাৰ প্ৰতিনিধিসকলে ৰক্তাক্ত অসমত শান্তিৰহে প্ৰয়োজন বুলি মন্তব্য কৰে।

সংবাদমেলখনত সদৌ ডিমাছা ছাত্র সন্থাৰ মুখ্য উপদেষ্টা প্ৰফুল্ল হাফিলাই কয়, ৪০ বছৰে সংগ্ৰাম কৰি বহুলোকে প্ৰাণ হেৰুৱাৰ লগতে আন বহু লোক ঘুনিয়া হৈছে। পৰেশ বৰুৱা যদি ঘূৰি আহি আলোচনাত নৱহে তেন্তে আমি ইতিমধ্যে বহু খিলঞ্জীয়াই বহু মাটি ভেটি হেৰুৱাইছোঁ। আৰু হেৰুৱাৰ ভয় থাকে। গতিকে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব আলফাৰ সৈতে আলোচনা কৰিবলৈ।

উল্লেখ্য যে, বড়ো শান্তি চুক্তি স্বাক্ষৰ হোৱাৰে পিছদিনাই সংবাদমেল পাতি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আলফা(স্বাঃ)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাক আলোচনাৰ মেজলৈ আহিবলৈ আহ্বান জনাইছিল। ৭ ফেব্ৰুৱাৰীত কোকৰাঝাৰত বড়ো শান্তি চুক্তিৰ বিজয় উৎসৱত উপস্থিত থাকি একেই আহ্বানে জনাইছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও। তাৰ পিছতে আলোচনাৰ মেজলৈ আলফা (স্বাঃ) অহাৰ সম্ভাৱনাই দেখা দিছে।

সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ সভাপতি ডেভিড চেতিয়াই অসম অনা অসমীয়াৰ হাতলৈ নাযাওঁতেই চৰকাৰক ব্যৱস্থা গ্ৰহণৰ দাবী জনায়। তেওঁ ভাৰত চৰকাৰক সুবিধাবাদী চৰিত্ৰ বৰ্জন কৰিবলৈও আহ্বান জনায়। তেওঁ কয়, ইতিমধ্যে বহুলোক পংগু হৈছে। বহুতে পৰিয়ালৰ লোকক হেৰুৱাইছে। যদিহে ভাৰত চৰকাৰে স্বৰ্ত মানি লয় তেন্তে শীঘ্ৰে হ'ব লাগে আলোচনা।

অসম জাতীয়তাবাদী যুৱ পৰিষদৰ সাধাৰণ সম্পাদক উদয়ন কুমাৰ গগৈয়ে কয়, আলফাৰ সৈতে চৰকাৰে স্বাধীন অসমৰ প্ৰসংগতে আলোচনা কৰক। যুক্তিযুক্ততাৰে সকলো লোকৰে সন্মুখত হওক এই আলোচনা। এপ্ৰিল মাহতে এই আলোচনা হওক বুলি কৈ তেওঁ লগতে কয়, চৰকাৰে গোপনভাৱে আলোচনা কৰিব নালাগে। প্ৰয়োজন হলে পিচিজি গঠন কৰক। ৰাজনৈতিক, সাংস্কৃতিক সকলো ক্ষেত্ৰতে আলোচনা লাগে বুলিও কয় তেওঁ। যদিহে আলোচনাৰ মাধ্যমেৰে এতিয়াই আমাৰ সমস্যা সমাধান কৰা নহয়, তেন্তে এদিন অসমখন দ্বিতীয় ত্ৰিপুৰা বা কাশ্মিৰ হোৱাটোৱেই বৰ্তমান সময়ৰ শংকাৰ বিষয়।

সদৌ অসম গৰীয়া মৰিয়া দেখি জাতি পৰিষদৰ সভাপতি হাফিজুল আহমেদেও চৰকাৰক অভিভাৱকৰ দায়িত্ব গ্ৰহণ কৰিবলৈ আহ্বান জনায়। তেওঁ কয়, আমাক স্থায়ী শান্তি লাগে। অসমৰ প্ৰতি ভাৰত চৰকাৰে সম দৃষ্টি দি সমস্যা সমাধানত গুৰুত্ব দিবলৈও আহ্বান জনায় তেওঁ। নেতাগৰাকীয়ে কয়, পৰেশ বৰুৱা আলোচনালৈ আহিব লাগে। চৰকাৰৰ সৈতে আলোচনাৰ মাধ্যমেৰে শান্তি ঘূৰাই আনিব লাগে।

সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ সভাপতি ৰতন কছাৰীয়ে কয়, শান্তিপূৰ্ণ আলোচনাৰ মাজেৰে সংগ্ৰামৰ সমাধান কৰিব লাগে। আমাৰ সম্পদ ৰক্ষণাবেক্ষণৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। পৰেশ বৰুৱাৰ অসমৰ প্ৰতি যি সংগ্ৰাম সেই সংগ্ৰাম সন্মান জনাও বুলি উল্লেখ কৰি লগতে তেওঁ কয়, বৰ্তমান সময়ত খিলঞ্জীয়া জনগোষ্ঠীসমূহ বিলুপ্তপ্ৰায় হোৱাৰ উপক্ৰম হৈছে।

উল্লেখ্য যে, বুধবাৰৰ সংবাদমেলখনত উপস্থিত থকা আন আন সংগঠনসমূহ হ'ল সদৌ অসম হাজং ছাত্র সন্থা, সদৌ অসম শৰণীয়া কছাৰী ছাত্র সন্থা, সদৌ অসম মদাহী জনজাতি ছাত্র সন্থা, সদৌ অসম নাথ যোগী ছাত্র সন্থা আৰু কলিতা জনগোষ্ঠী সন্মিলন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in