অসম আন্দোলনঃ নিৰ্যাতিত অনিল হীৰাৰ খবৰ লয় কোনে?

অসম আন্দোলনঃ নিৰ্যাতিত অনিল হীৰাৰ খবৰ লয় কোনে?

ডিজিটেল সংবাদ, নগাঁওঃ এটি সংগ্ৰামী পৰিয়াল। অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ আন্দোলনত ভাগ লোৱাৰ বাবেই ১৯৮৩ চনত সন্দেহযুক্ত নাগৰিকে জ্বলাই দিছিল ঘৰ-বাৰী। পৰিয়ালটো হৈছে অনিল হীৰাৰ পৰিয়াল। নগাঁৱৰ চামগুৰিৰ অনিল হীৰা নামৰ লোকজনৰ পৰিয়ালটোক ১৯৮৫ চনত তদনান্তীন অগপ চৰকাৰে সংস্থাপিত কৰিছিল খাটোৱাল পঞ্চায়তৰ এটুকুৰা চৰকাৰী ভূমিত।

কিন্তু পৰিয়ালটিক সেই ঠাইৰ পৰা প্ৰলোভন, ভয়-ভাবুকিৰে গৃহহীন কৰিছিল কংগ্ৰেছী গুণ্ডাবাহিনীয়ে। দোষ আছিল সেই সময়ৰ শাসনাধিষ্ঠিত কংগ্ৰেছ চৰকাৰৰ বিৰোধিতা কৰা। ইতিমধ্যে গৃহহীন অনিল হীৰা, তেঁওৰ পত্নী আৰু এজন পুত্ৰই আৰ্থিক দৈন্যতা আৰু নিৰ্যাতনৰ বলি হৈ মৃত্যুক সাৱতি লৈছিল। জীয়াই থকা দুজন পুত্ৰৰ ৰাজু হীৰাই গাঁও ত্যাগ কৰি ডিব্ৰুগড়লৈ গুচি গৈছিল জীৱিকাৰ সন্ধানত। কিন্তু খাটোৱাল গাঁৱত থকা সৰু পুত্ৰ ৰমেশ হীৰাই স্থানীয় ৰাইজৰ সহযোগত আশ্ৰয় ল'লে পুৰণি পঞ্চায়তৰ এটা জৰাজীৰ্ণ গৃহত। কিন্তু একাংশ কংগ্ৰেছীয়ে ৰমেশ হীৰাৰ পৰিয়ালটোৰ ওপৰত নিৰ্যাতন অব্যাহত ৰাখে।

ৰমেশহঁতৰ পুৰণি ঘৰটো ভাঙি নিৰ্মাণ কৰা হ'ল এটি পানীযোগান কেন্দ্ৰ যিটো বৰ্তমান ভালুকৰ সাঙীত পৰিণত হৈছে। তেতিয়া চৰকাৰৰ বিৰোধিতা কৰাৰ বাবেই বাৰে বাৰে ভোটাৰ তালিকাত নাম অন্তৰ্ভূক্ত কৰিবলৈ দিয়া নহ'ল ৰমেশ আৰু ৰাজু হীৰাৰ পৰিয়ালক।

ৰমেশ, পত্নী আৰু দুই সন্তানৰ সৈতে চাৰিজনীয়া পৰিয়ালটোক বঞ্চিত কৰা হ'ল সাধাৰণ জীৱন-যাপনৰ সকলো সুবিধাৰ পৰা। কাৰোবাক অভিযোগ দিলে নিশা পৰিয়ালটোক অনিষ্ট কৰাৰ ভাবুকি দিয়া হয়। এনেদৰেই বিগত ১৫ বছৰে কংগ্ৰেছ চৰকাৰৰ দিনত ভয় আৰু সন্ত্ৰাসত দিন পাৰ কৰিলে অসম আন্দোলনৰ জীৱন্ত শ্বহীদ স্বৰূপ এই পৰিয়ালটিয়ে।

এতিয়া চৰকাৰৰ পৰিৱৰ্তন হ'ল। অসম আন্দোলনৰ পটভূমিত জন্ম হোৱা অসম গণ পৰিষদ দলৰ তিনিজনকৈ বিধায়ক বৰ্তমানৰ চৰকাৰৰ মন্ত্ৰী। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালো সদৌ অসম ছাত্ৰ সন্থাৰ একালৰ সভাপতি। কিন্তু অসমৰ অস্তিত্ব ৰক্ষাৰ আন্দোলনত সৰ্বস্ব হেৰুৱাই অনাহাৰ-অনাটনত দিন পাৰ কৰা এই পৰিয়ালটোৰ কাষত থিয় দিবলৈ আহৰি নাই প্ৰতিনিধিসকলৰ। এতিয়াও এইসকল নেতাৰ সহায়ৰ বাবে আশাৰে বাট চাই ৰৈছে এই পৰিয়ালটিয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in