অসম-মিজোৰাম সীমান্ত কাণ্ডৰে জড়িতৰ সম্ভেদ দিওতালৈ ৫ লাখ টকা পুৰস্কাৰ আগবঢ়াব অসম আৰক্ষীয়ে…

অসম-মিজোৰাম সীমান্ত কাণ্ডৰে জড়িতৰ সম্ভেদ দিওতালৈ ৫ লাখ টকা পুৰস্কাৰ আগবঢ়াব অসম আৰক্ষীয়ে…

ডিজিটেল ডেস্কঃ কাছাৰৰ অসম-মিজোৰাম সীমান্তত ২৬ জুলাইত অসম আৰক্ষীৰ জোৱানক গুলীয়াই হত্যা কৰা ঘটনা সন্দৰ্ভত অসম আৰক্ষীয়ে মঙলবাৰে ৰুজু কৰে এক গোচৰ। অস্ত্ৰ আইনৰ ধাৰা ২৫ (১-এ) আৰু ৰাজহুৱা সম্পত্তিৰ ক্ষতি প্ৰতিৰোধ আইন ১৯৮৪ৰ ধাৰা ৩ৰ সৈতে ধাৰা নম্বৰ ১২০ (বি), ৪৪৭, ৩৩৬, ৩৭৯, ৩০৭, ৩০২ আইপিচিৰ অধীনত ঢলাই আৰক্ষী থানাত গোচৰ নং ২৩৬/১ত এই গোচৰটো ৰুজু কৰিছে।

এই কথা এক প্ৰেছ বিবৃতিযোগে সদৰি কৰিছে অসম আৰক্ষীয়ে। লগতে এই বিবৃতিত উল্লেখ কৰা হৈছে এই হিংসাত্মক ঘটনাৰ আঁৰত আছে ৰাজ্যসভাৰ সাংসদ কে ভানলালভেনাৰ ষড়যন্ত্ৰ। চিআইডিৰ বিষয়াসহ অসম আৰক্ষী এটা দল ৰাওনা হৈছে দিল্লীলৈ। অসম আৰক্ষীয়ে এখন আলোকচিত্ৰৰ গেলাৰী প্ৰস্তুত কৰিছে। য'ত স্পষ্ট হৈছে যে মিজোৰাম আৰক্ষী আৰু দুৰ্বৃত্তই অসম আৰক্ষীৰ ওপৰত গুলীচালনা কৰিছে। এই বৰ্বৰ হত্যাকাণ্ডত জড়িত ব্যক্তিক সম্ভেদ দিয়া লোকক ৫ লাখ টকাৰ পুৰস্কাৰ দিয়াৰ ঘোষণা কৰা হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in