অসম-মিজোৰাম সীমান্তত হোৱা সংঘৰ্ষত ৫আৰক্ষীসহ ৬জনৰ মৃত্যু, ৪৫জনক সংকটজনক অৱস্থাত ভৰ্তি চিকিৎসালয়ত…

অসম-মিজোৰাম সীমান্তত হোৱা সংঘৰ্ষত ৫আৰক্ষীসহ ৬জনৰ মৃত্যু, ৪৫জনক সংকটজনক অৱস্থাত ভৰ্তি চিকিৎসালয়ত…

ডিজিটেল ডেস্কঃ অসম-মিজোৰাম সীমান্তত সংঘটিত সংঘৰ্ষত নিহত লোকৰ সংখ্যা ৬জনলৈ বৃদ্ধি পাইছে। এতিয়ালৈকে অহা খবৰ অনুসৰি ৫জন আৰক্ষী জোৱানৰ মৃত্যু হৈছে এই সংঘৰ্ষত। আন্তৰাজ্যিক এই সীমা বিবাদে ভয়ংকৰ ৰূপ লোৱাত কাছাৰৰ উক্ত সীমান্তৱৰ্তী অঞ্চলত উত্তেজনা বিৰাজ কৰিছে। অসম আৰক্ষী বেটেলিয়ানৰ ৪৫জনকৈ জোৱানক শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰা হৈছে।

নিহত সকলৰ ভিতৰত ৫জন আৰক্ষী আৰু এজন স্থানীয় লোক আছে। কাছাৰৰ সীমান্তৱৰ্তী অঞ্চলত সংঘটিত এই আক্ৰমণৰ ঘটনাত গুৰুতৰভাৱে আহত হৈছে কাছাৰ জিলাৰ আৰক্ষী অধীক্ষক। নিৰ্বিচাৰে মিজো আৰক্ষীৰ সহযোগত মিজো দুৰ্বৃত্তই চলোৱা আক্ৰমণত নিহতৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।

চিকিৎসালয়ত ভৰ্তি কৰা সকলৰ ভিতৰত কেইবাজনৰো অৱস্থা সংকটজনক। ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সীমা বিবাদৰ ঘটনাত গভীৰ উদ্বেগ ব্যক্ত কৰি আৰক্ষীক উপযুক্ত ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে। শ্বিলঙত অনুষ্ঠিত হোৱা এনইচি বৈঠকত এই সীমা বিবাদক লৈ গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত আলোচনা হৈছে। কিন্তু এই আলোচনাৰ পাছতো কোনো সমাধান উলিওৱা নাই সীমা বিবাদৰ বিষয়টোক লৈ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in