অসম মেডিকেল কলেজত অধ্যয়নৰত মেধাৱী ছাত্ৰ সন্ধানহীন…

অসম মেডিকেল কলেজত অধ্যয়নৰত মেধাৱী ছাত্ৰ সন্ধানহীন…

ডিজিটেল সংবাদ, ডবকা: ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজত অধ্যয়নৰত অৱস্থাত হোজাইৰ আশীনগৰৰ এগৰাকী মেধাবী ছাত্ৰ যোৱা ২৪ ডিচেম্বৰৰ পৰা সন্ধাহীন হৈ আছে ৷ সন্ধানহীন ছাত্ৰ গৰাকীৰ নাম ইছাদুল হক ৷ তেওঁ অসম মেডিকেল কলেজৰ এম.বি.বি.এছৰ নৱম ষণ্মাষিকৰ ছাত্ৰ আছিল৷ মেডিকেল কলেজৰ হোষ্টেলৰ পৰা সন্ধানহীন হোৱা ছাত্ৰ গৰাকীৰ কোনো ধৰণৰ শুংসূত্ৰ উলিয়াব পৰা নাই ডিব্ৰুগড় আৰক্ষীয়ে ৷

প্ৰায় এমাহ কাল ধৰি সন্ধানহীন হৈ থকা ছাত্ৰ গৰাকীৰ পৰিয়াল উদিগ্ন হৈ পৰিছে ৷ যোৱা ২২ ডিচেম্বৰৰ দিনা ছাত্ৰ গৰাকীয়ে পৰিয়ালৰ লগত শেষ যোগাযোগ কৰিছিল৷ ছাত্ৰ গৰাকীৰ সন্ধানহীনক লৈ মানসিক ভাবে ভাগি পৰা পিতৃ-মাতৃৰ শাৰিৰীক অৱস্থাওঁ অতি শোচনীয় হৈ পৰিছে ৷ অতিশীঘ্ৰে ছাত্ৰ গৰাকীৰ সন্ধান উলিয়াই দিবলৈ চৰকাৰ তথা আৰক্ষী প্ৰশাসনৰ ওচৰত কাতৰ অনুৰোধ জনাইছে পিতৃয়ে৷

ইফালে, হোজাই জিলাৰ এগৰাকী মেধাবী ছাত্ৰ অসম মেডিকেল কলেজৰ হোষ্টেলৰ পৰা সন্ধানহীন হোৱা লৈ পৰিয়ালৰ সমান্তৰালকৈ উদিগ্ন হৈ পৰিছে হোজাই জিলা আমছুৱে ৷ বৃহস্পতিবাৰে হোজাই জিলা আমছুৰ এটি সজাতি দলে সন্ধানহীন ছাত্ৰ গৰাকীৰ ঘৰত উপস্থিত হৈ ঘটনা সন্দৰ্ভত বুজ লয় ৷ পাছত ডবকাত হোজাই জিলা আমছুৰ নেতৃত্বই ডবকাত এখন সংবাদ মেলৰো আয়োজন কৰে ৷ জিলা আমছুৰ ফালৰ পৰা ইতিমধ্যে অসমৰ গৃহ মন্ত্ৰী,গৃহ সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানক পৃথকে পৃথকে স্মাৰক পত্ৰ প্ৰদান কৰি অতি শীঘ্ৰে সন্ধানহীন হৈ ছাত্ৰ গৰাকীৰ সন্ধান উলিয়াবলৈ দাবী জনায় ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in