পোষ্টেল বেলট যোগে ভোটাধিকাৰ সাব্যস্ত কৰাৰ সুবিধা প্ৰদান দৰং জিলা প্ৰশাসনৰ…

পোষ্টেল বেলট যোগে ভোটাধিকাৰ সাব্যস্ত কৰাৰ সুবিধা প্ৰদান দৰং জিলা প্ৰশাসনৰ…

author-image
asomiyapratidin
New Update
পোষ্টেল বেলট যোগে ভোটাধিকাৰ সাব্যস্ত কৰাৰ সুবিধা প্ৰদান দৰং জিলা প্ৰশাসনৰ…

ডিজিটেল সংবাদ,মঙলদৈ : নিৰ্বাচনত কোনো ভোটাৰে যাতে ভোটদানৰ অধিকাৰৰ পৰা বঞ্চিত হ'বলগীয়া নহয়, তাৰ বাবে পদক্ষেপ গ্ৰহণ নিৰ্বাচন আয়োগৰ ৷ দ্বিতীয় পৰ্যায়ত ভোট গ্ৰহণ হব লগা দৰং জিলাৰ মূলতঃ ৮0 বছৰ বা তাতকৈ ঊৰ্ধৰ ব্যক্তি, বিশেষভাৱে সক্ষম ব্যক্তি আৰু কোভিডত আক্ৰান্ত ব্যক্তিয়ে যাতে কোনো অসুবিধাৰ সন্মুখীন নোহোৱাকৈ ভোটদান কৰিব পাৰে তাৰ বাবে ঘৰে ঘৰে গৈ ভোটগ্ৰহণৰ ব্যৱস্থা কৰিছে দৰং জিলা প্ৰশাসনে। ইতিমধ্যে ২২মাৰ্চৰ এই পষ্টেল বেলটযোগে ভোট লোৱাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

Advertisment

মঙলদৈ নিৰ্বাচনী জিলাৰ চাৰিটা সমষ্টিৰ পৰা বিশেষভাৱে সক্ষম আৰু ৮0 বছৰ বা তাতকৈ ঊৰ্ধৰ সৰ্বমুঠ ১,৭0৬ জন লোকে প'ষ্টেল বেলটেৰে ভোটদান কৰাৰ বাবে আবেদন কৰিছিল।উল্লেখ্য যে, ৬৫ নং কলাইগাওঁ সমষ্টিৰ পৰা ১১১গৰাকী ব্যক্তিয়ে আবেদন কৰিছে আৰু ইয়াৰে ৪৭ গৰাকী বিশেষভাৱে সক্ষম ব্যক্তি হোৱাৰ বিপৰীতে ৬৪গৰাকী ৮ ০ বছৰ বা তাতকৈ ঊৰ্ধৰ ।

একেদৰে ৬৬ নং ছিপাঝাৰ সমষ্টিৰ পৰা ৩৪০গৰাকী ব্যক্তিয়ে আবেদন কৰিছে আৰু ইয়াৰে ৮৫ গৰাকী বিশেষভাৱে সক্ষম ব্যক্তি হোৱাৰ বিপৰীতে ২৫৫ গৰাকী ৮০ বছৰ বা তাতকৈ ঊৰ্ধৰ ৷আনহাতে, ৬৭ নং মঙলদৈ (অনুসূচিত) সমষ্টিৰ পৰা ৪০৮ গৰাকী ব্যক্তিয়ে আবেদন কৰিছে ৷ ইয়াৰে ১২৫ গৰাকী বিশেষভাৱে সক্ষম ব্যক্তি হোৱাৰ বিপৰীতে ২৮৩ গৰাকী ৮০ বছৰ বা তাতকৈ ঊৰ্ধৰ ।৬৮ নং দলগাঁও সমষ্টিৰ পৰা ৮৪৭ গৰাকী ব্যক্তিয়ে আবেদন কৰিছে আৰু ইয়াৰে ৪৫৭গৰাকী বিশেষভাৱে সক্ষম ব্যক্তি হোৱাৰ বিপৰীতে ৩৯০ গৰাকী ৮০ বছৰ বা তাতকৈ ঊৰ্ধৰ ব্যক্তি ৷

আবেদন কৰা ব্যক্তি সকলৰ এই পষ্টেল বেলটযোগে ভোটাধিকাৰ গ্ৰহনে ১০০ শতাং ভোটাধিকাৰ সাব্যস্ত কৰাত সহায় হব বুলি নিৰ্বাচন বিষয়া সকলে আশা প্ৰকাশ কৰিছে। লগতে ৮০ বছৰ বা তাতকৈ ঊৰ্ধৰ ব্যক্তি, বিশেষভাৱে সক্ষম ব্যক্তি আৰু ক'ভিডত আক্ৰান্ত ব্যক্তি সকলেও প্ৰশাসনৰ এই কাৰ্যত সন্তোষ প্ৰকাশ কৰিছে।