অসম জাতীয় পৰিষদৰ জাতীয় স্বাৱলম্বিতাৰ দিনঃ ৩ আত্ম-সৃষ্ট অসমীয়াক বিশেষ সম্বৰ্ধনা…

অসম জাতীয় পৰিষদৰ জাতীয় স্বাৱলম্বিতাৰ দিনঃ ৩ আত্ম-সৃষ্ট অসমীয়াক বিশেষ সম্বৰ্ধনা…

ডিজিটেল ডেস্কঃ বহুতেই কয় অসমীয়া ল'ৰাই হেনো ব্যৱসায় কৰিব নোৱাৰে। বহুতেই কয় অসমীয়া ল'ৰাই স্বাৱলম্বী হ'ব নোৱাৰে। কিন্তু প্ৰচিলত এই ধাৰণাক ভুল প্ৰমাণিত কৰি বহু অসমীয়া যুৱক ব্যৱসায়ৰ লগতে অন্যান্য ধৰণে স্বাৱলম্বী হৈ এক নিদৰ্শন দাঙি ধৰিছে। এনে স্বাৱলম্বী অসমীয়াক অনুপ্ৰেৰণা হিচাপে লৈ আৰু বহু অসমীয়া যপৱক-যুৱতীয়ে স্বাৱলম্বিতাৰ দিশে অগ্ৰসৰ হ'ব পাৰে।

এনে তিনিজন স্বাৱলম্বী অসমীয়া হৈছে বিশষ্ট সংগীত শিল্পী মানস ৰবীন, অনিল বৰুৱা আৰু সৌৰভ নাথ। সংগীত শিল্পী মানস ৰবীনে গুৱাহাটীলৈ আহি এখন পাণ দোকানেৰে আৰম্ভ কৰিছিল তেওঁ স্বাৱলম্বিতাৰ প্ৰথমটো খোজ। সংগীতক সপোন হিচাপে লৈ গুৱাহাটীলৈ অহা মানস ৰবীনে পাণ দোকানতেই চিনাকী হৈছিল জুবিন গাৰ্গৰ সৈতে। ইয়াৰ পিছৰখিনি হৈছিল ইতিহাস।

ইণ্টাৰনেট তথা ছফ্টেৱৰ জগতখনৰ এখন চিনাকী মুখ অনিল বৰুৱা। অনিল বৰুৱাক নজনা মানুহ আজিৰ তাৰিখত খুব কমেই ওলাব। প্ৰথমে কাঠমিস্ত্ৰীৰ জোগালি হিচাপে কাম কৰা অনিল বৰুৱা বৰ্তমান বাণিজ্যিকভাৱে সফল এগৰাকী ছফ্টেৱেৰ প্ৰতিষ্ঠানৰ মালিক।

একেদৰে সাংবাদিকতাৰ স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰা সৌৰভা নাথা আজিৰ তাৰিখত এজন সফল ব্যৱসায়ী। তেওঁ গুৱাহাটীত এখন কুকুৰাৰ মাংসৰ দোকানেৰে স্বাৱলম্বিতাৰ দিশে আগ্ৰসৰ হৈছিল। এইয়া মাত্ৰ ৩ টা উদাহৰণ। এই ৩ উদাহৰণেই প্ৰমাণ কৰে অসমীয়া ডেকাৰ মনত কাম কৰাৰ উৎসাহৰ কথা।

এইদৰেই অসমৰ আন বহু যুৱক-যুৱতীক স্বাৱলম্বী কৰি তুলিবলৈ অসম জাতীয় পৰিষদে এলানি কাৰ্যসূচী হাতত লৈছে। 'জাতীয় স্বাভিমান যাত্ৰা' নামেৰে হাতত লোৱা এই কাৰ্যসূচীত এইদেৰ স্বাৱলম্বী অসমীয়া নতুন প্ৰজন্মৰ সন্মুখত তুলি ধৰা হৈছে এই অনুষ্ঠানত। যাতে ভিন্ন ক্ষেত্ৰত এইসকল স্বাৱলম্বী অসমীয়াক আদৰ্শ হিচাপে লৈ অসমীয়া যুৱক-যুৱতীয়ে স্বাৱলম্বীতাৰ দিশে আগ্ৰসৰ হ'ব পাৰে।

জাতীয় স্বাভিমান যাত্ৰাৰ ষষ্ঠ দিন উপলক্ষে ১৫ ডিচেম্বৰ বুধবাৰে অসম জাতীয় পৰিষদে কেন্দ্ৰীয়ভাৱে গুৱাহাটীত অনুষ্ঠিত কৰিছে বিশেষ অনুষ্ঠান। ছয়মাইল ভি আই পি ৰোডৰ চন্দন নগৰ চাৰিআলিৰ গৌৰী হোটেলত দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত হ'বলগীয়া এই অনুষ্ঠিত মানস ৰবীন, অনিল বৰুৱা আৰু সৌৰভ নাথক সম্বৰ্ধনা জ্ঞাপন কৰা হ'ব। উল্লেখ্য যে, ১০ দিনীয়াকৈ অনুষ্ঠিত এই জাতীয় স্বাভিমান যাত্ৰাৰ অনুৰূপ কাৰ্যসূচী প্ৰতিখন জিলাতো অসম জাতীয় পৰিষদে অনুষ্ঠিত কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in