অসম চৰকাৰৰ কেবিনেটৰ সিদ্ধান্তক আদৰণি জনাই বটদ্ৰৱা সমষ্টিৰ জাজৰিত গৰীয়া মৰিয়া দেশী জাতীয় পৰিষদৰ অসম চৰকাৰক ধন্যবাদ…

অসম চৰকাৰৰ কেবিনেটৰ সিদ্ধান্তক আদৰণি জনাই বটদ্ৰৱা সমষ্টিৰ জাজৰিত গৰীয়া মৰিয়া দেশী জাতীয় পৰিষদৰ অসম চৰকাৰক ধন্যবাদ…

ডিজিটেল সংবাদ, বটদ্ৰৱা, ৮ জুলাইঃ যোৱা ৫ জুলাইত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত বহা অসম চৰকাৰৰ কেবিনেট বৈঠকত ৰাজ্যৰ পাঁচটাকৈ মুছলমান জনগোষ্ঠীক খিলঞ্জীয়াৰ স্বীকৃতি দিয়া হৈছে। ইয়াৰ পাছতেই গৰীয়া, মৰীয়া দেশী সহ পাঁচটা জনগোষ্টীক খিলঞ্জীয়া হিচাপে স্বীকৃতি প্ৰদান কৰাৰ পৰিপেক্ষিতত আজি বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত গৰীয়া মৰিয়া দেশী জাতীয় পৰিষদ জাজৰি আঞ্চলিক কমিটিয়ে অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে।

জাজৰি বৰি মছজিদত সমবেত ৰাইজৰ হৈ আজি গৰীয়া মৰিয়া দেশী জাতীয় পৰিষদৰ জাজৰি আঞ্চলিক সমিতিৰ সভাপতি আলহাজ বক্তাৰ হুছেইনে "চৰকাৰক কৃতজ্ঞতা জ্ঞাপন কৰি তেওলোকে অসম চৰকাৰৰ কেবিনেটৰ এই সিদ্ধান্তক ঐতিহাসিক সিদ্ধান্ত বুলি মত প্ৰকাশ কৰি অনাগত দিনত এই জনগোষ্ঠী কেইতাৰ সকলো প্ৰকাৰৰ সমস্যা সমাধানৰ দাবী জনায়। ইফালে মৰিগাঁও জিলা সমিতিৰ উপদেষ্টা আব্দুল যাচিমে, স্বাধীনতা ৭০ বছৰ ধৰি বহু চৰকাৰ গল, কিন্তু বৰ্তমানৰ চৰকাৰ খনে তেওলোকৰ দীৰ্ঘদিনৰ দাবী এটা পূৰন কৰা বাবে ধন্যবাদ জ্ঞাপন কৰাৰ লগতে অনান্য জনগোষ্ঠী সমূহৰ দৰে চৰকাৰী বিভিন্ন সাা-সুবিধা প্ৰদান কৰিবলৈ আহ্বান জনাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in